ETV Bharat / international

বাংলাদেশত BNPৰ আগতীয়া নিৰ্বাচনৰ আহ্বান আৰু নতুন ৰাজনৈতিক দল গঠন : ভাৰতত ইয়াৰ প্ৰভাৱ

আগতীয়া নিৰ্বাচনৰ আহ্বান আৰু নতুন ৰাজনৈতিক দল গঠনৰ দাবী জনোৱাত বাংলাদেশৰ বিৰোধী শিবিৰে গুৰুত্ব লাভ কৰিছে । ভাৰতত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত অৰুণিম ভূঞাৰ প্ৰতিবেদন ।

Bangladesh political crisis
বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ ফাইল চিত্ৰ (AP)
author img

By Aroonim Bhuyan

Published : February 28, 2025 at 1:13 PM IST

7 Min Read
Choose ETV Bharat

নতুন দিল্লী : বাংলাদেশৰ ৰাজনৈতিক বিৰোধিতাই গতি লাভ কৰাৰ লগে লগে বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে (বি এন পি) শাসন আৰু গণতান্ত্ৰিক বৈধতাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি আগতীয়া নিৰ্বাচনৰ দাবী তীব্ৰতৰ কৰিছে । বৃহস্পতিবাৰে এক বৰ্ধিত দলীয় বৈঠকৰ সময়ত কৰা এই আহ্বান এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক জোকাৰণিৰ প্ৰাকমুহূৰ্তত আহিছে, যিটো সময়ত ষ্টুডেণ্টছ এগেইনষ্ট ডিচক্ৰিমিনেচন (এছ এ ডি) আৰু জাতীয় নাগৰিক কমিটীৰ (জে এন চি) নেতাসকলে এটা নতুন দল গঠনৰ ঘোষণা কৰে ।

এই ৰাজনৈতিক ঘটনা প্ৰবাহে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বাংলাদেশৰ নিৰ্বাচনী দৃশ্যপটক এক নতুন ৰূপ দিব পাৰে । লণ্ডনৰ পৰা ভাৰ্চুৱেলী ঢাকাত দলটোৰ বৰ্ধিত বৈঠকত ভাষণ দি বি এন পিৰ অধ্যক্ষ খালেদা জিয়াই দেশৰ অন্তৱৰ্তীকালীন চৰকাৰক ন্যূনতম সংস্কাৰ দ্ৰুততাৰে ৰূপায়ণ কৰাৰ পিছত গণতান্ত্ৰিক ব্যৱস্থা পুনৰুদ্ধাৰৰ বাবে এক গ্ৰহণযোগ্য নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে ।

"আপোনালোকৰ সন্মিলিত প্ৰচেষ্টা আৰু ছাত্ৰ আন্দোলনৰ দ্বাৰা ফেচিষ্ট শাসকক বহিষ্কাৰ কৰা হৈছে ।" খালেদাই কয় । তেওঁ লগতে কয়, "এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে । তেওঁলোকৰ পৰা জনসাধাৰণৰ আশা হৈছে ৰাষ্ট্ৰখন পুনৰ নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয় ন্যূনতম সংস্কাৰ সম্পূৰ্ণ কৰা আৰু সকলোৰে বাবে গ্ৰহণযোগ্য নিৰ্বাচন আয়োজন কৰা ।"

ইফালে, বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, এছ এ ডি আৰু জে এন চিৰ নেতাসকলে শুকুৰবাৰে আৰম্ভ কৰিব বুলি আশা কৰা নতুন ৰাজনৈতিক দলটোৰ নাম জাতীয় নাগৰিক পাৰ্টী (নেচনেল চিটিজেনছ পাৰ্টী) ৰখাৰ সম্ভাৱনা আছে ।

বৃহস্পতিবাৰৰ ৰাজনৈতিক ঘটনাৱলী এই সময়ত প্ৰায় সম্পূৰ্ণ বিশৃংখলতাৰ মাজত আহিছে, যিটো সময়ত যোৱা বছৰ আগষ্ট মাহত বাংলাদেশে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক এক গণ বিদ্ৰোহৰ সন্মুখীন হোৱাৰ পিছত উচ্ছেদ কৰা আৰু মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে ক্ষমতা দখল কৰাৰ পিছত এক চৰম পৰিস্থিতিত আছে ।

এই পৰিৱৰ্তন দেশখনত স্থিৰতা আৰু গণতান্ত্ৰিক ব্যৱস্থা পুনৰুদ্ধাৰৰ বাবে লক্ষ্য ৰখাৰ সময়ত যথেষ্ট প্ৰত্যাহ্বান আৰু অস্থিৰতাৰ সৈতে দেখা গৈছে । পৰিৱৰ্তনৰ অনুঘটক আছিল ৰাজহুৱা খণ্ডৰ চাকৰিৰ কোটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত আন্দোলন, যাক তেওঁলোকে বৈষম্যমূলক বুলি গণ্য কৰিছিল ।

এছ এ ডি নামেৰে পৰিচিত এই আন্দোলনটোৱে দ্ৰুতগতিত দেশজুৰি সমৰ্থন লাভ কৰে আৰু ই চৰকাৰী সংস্কাৰৰ বাবে এক বিশাল আহ্বানলৈ ৰূপান্তৰিত হয় । ২০২৪ চনৰ জুলাই মাহত এই প্ৰতিবাদ তীব্ৰতৰ হয়, যাৰ ফলত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয় । ইয়াৰ পৰিণতিত হাজাৰোধিক লোকৰ মৃত্যু হয় । তাৰ মাজতে বৰ্ধিত চাপৰ সন্মুখীন হৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ২০২৪ চনৰ ৫ আগষ্টত পদত্যাগ কৰে আৰু ভাৰতত আশ্ৰয় বিচাৰে ।

নতুন অন্তৱৰ্তীকালীন চৰকাৰত ছাত্ৰ আন্দোলনৰ অন্যতম মুখ নাহিদ ইছলাম আৰু আচিফ মাহমুদক অন্তৰ্ভুক্ত কৰা হয় আৰু ইয়াৰ দ্বাৰা প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত হয় । এই অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰাথমিক আদেশ আছিল এক নতুন, সামগ্ৰিক সংবিধান ৰচনা কৰা আৰু গণতান্ত্ৰিক শাসন পুনৰুদ্ধাৰৰ বাবে সাধাৰণ নিৰ্বাচন আয়োজন কৰা ।

অৱশ্যে, অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰচেষ্টা সত্ত্বেও বাংলাদেশ বৰ্তমানো অস্থিৰতাৰ সন্মুখীন হৈ আছে । বিদ্ৰোহৰ ঠিক পৰৱৰ্তী সময়ত আইন-শৃংখলাৰ অৱনতি ঘটা দেখা যায় । তাৰ মাজতে নাহিদে চলিত সপ্তাহৰ আৰম্ভণিতে অন্তৱৰ্তীকালীন চৰকাৰৰ পৰা পদত্যাগ কৰে আৰু বৰ্তমান প্ৰস্তাৱিত নতুন ৰাজনৈতিক দলটোৰ আহ্বায়কৰ পদ গ্ৰহণ কৰিবলৈ সাজু হোৱা বুলি জানিব পৰা গৈছে ।

সাত বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে বি এন পিৰ বৰ্ধিত বৈঠকত ভাষণ প্ৰদান কৰাৰ সময়ত খালেদাই কয় যে বাংলাদেশৰ জনসাধাৰণ, বিশেষকৈ যুৱপ্ৰজন্মই এক ইতিবাচক গণতান্ত্ৰিক পৰিৱৰ্তনৰ বাবে আগ্ৰহী । তেওঁ কয়, "আমি ক্ষুদ্ৰ বিভাজনবোৰ আঁতৰাই ৰাখি দেশ আৰু ৰাষ্ট্ৰৰ বৃহত্তৰ স্বাৰ্থৰ বাবে কাম কৰিব লাগিব ।"

লগতে তেওঁ সতৰ্ক কৰি দিয়ে যে ফেচিষ্টসকলৰ সহযোগী আৰু বাংলাদেশৰ শত্ৰুসকল এতিয়াও জুলাইৰ বিদ্ৰোহৰ সফলতাক মষিমূৰ কৰাৰ ষড়যন্ত্ৰ কৰি আছে । বৈঠকত ভাষণ দি বি এন পিৰ মহাসচিব মিৰ্জা ফখৰুল ইছলাম আলমগীৰে অভিযোগ কৰে যে হাছিনা আৰু ‘‘দেশৰ ভিতৰৰ এটা ৰাজনৈতিক গোটে’’ গণতন্ত্ৰত বাধা দিয়াৰ বাবে কাম কৰি আছে ।

ঢাকা ট্ৰিবিউনে ফখৰুলৰ উদ্ধৃতিদি কয়, "দেশৰ ভিতৰত আৰু বাহিৰত শ্বেখ হাছিনাৰ সৈতে এটা দলে গণতন্ত্ৰত বাধা দিবলৈ নিৰন্তৰ কাম কৰি আছে । তেওঁলোকে সংযুক্ত বংগৰ প্ৰখ্যাত পণ্ডিতসকলৰ নাম প্ৰতিষ্ঠানৰ পৰা আঁতৰাই আৰু তেওঁলোকৰ স্থানত বিতৰ্কিত ব্যক্তিক অন্তৰ্ভুক্ত কৰি অস্থিৰতা সৃষ্টি কৰিছে । আমি ইয়াৰ বিৰুদ্ধে সতৰ্ক থাকিব লাগিব ।"

আনহাতে, এক সুস্থিৰ বাংলাদেশক এক গুৰুত্বপূৰ্ণ আঞ্চলিক সহযোগী হিচাপে মূল্য দিয়া ভাৰতৰ বাবে দ্বিপাক্ষিক সম্পৰ্ক, বাণিজ্যিক সম্পৰ্ক আৰু নিৰাপত্তা সহযোগিতাৰ ক্ষেত্ৰত এই ঘটনাবোৰ গুৰুত্বপূৰ্ণ । বাংলাদেশত ছাত্ৰ নেতা আৰু নাগৰিক সমাজৰ গোটৰ সমৰ্থনত এক নতুন ৰাজনৈতিক শক্তিৰ উত্থান, দেশৰ বৈদেশিক নীতি পুনৰ সংৰেখিত কৰাৰ সম্ভাৱনাৰ বিষয়বোৰ ভাৰতত তীক্ষ্ণভাৱে লক্ষ্য কৰা হ'ব ।

বাংলাদেশী শিক্ষাবিদ আৰু ৰাজনৈতিক পৰ্যবেক্ষক ছেৰিন ছাজাহান নাওমীয়ে ইটিভি ভাৰতক কয়, "ছাত্ৰ নেতাসকলৰ নেতৃত্বত প্ৰস্তাৱিত নতুন দলটো আৰু আৰু বি এন পিৰ মাজৰ পৰা এটা বিকল্পৰ ক্ষেত্ৰত, আপুনি বুজিব লাগিব যে বি এন পিৰ চৰকাৰ চলোৱাৰ অভিজ্ঞতা আছে ।"

তেওঁ লগতে কয়, "হয়, নতুন দলটোৱে বি এন পিৰ ভোটাৰৰ এটা অংশক কাঢ়ি নিব পাৰে । কিন্তু একে সময়তে, যদি বৰ্তমান নিৰ্বাচন অনুষ্ঠিত হ'বলগা হয়, তেন্তে বহুতো আৱামী লীগ ভোটাৰে বি এন পিক সমৰ্থন কৰিব পাৰে, কেৱল হাছিনাক ক্ষমতাৰ পৰা আঁতৰাই ৰখা ছাত্ৰ নেতৃত্বাধীন দলটোক ক্ষমতাৰ পৰা আঁতৰত ৰখাৰ বাবে ।"

কিন্তু একে সময়তে নাওমীয়ে কয় যে যদিও অন্তৱৰ্তীকালীন চৰকাৰে জনসাধাৰণৰ সমৰ্থন লাভ নকৰে, তথাপিও নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে আইন-শৃংখলা পৰিস্থিতি স্বাভাৱিক হোৱাটো মানুহে বিচাৰিব ।

"ইছলামিক শক্তিৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত বি এন পিয়ে ইয়াৰ কিছুমান স্থিতি সংশোধন কৰিব লাগিব ।" তেওঁ কয় । লগতে কয়, "তেতিয়াহে ক্ষমতালৈ আহিলে ভাৰতৰ সৈতে সন্তুলিত সম্পৰ্ক ৰাখিব পাৰিব ।"

ঢাকাস্থিত সাংবাদিক চাইফুৰ ৰহমান তপনৰ মতে, আৱামী লীগক অংশগ্ৰহণৰ অনুমতি দিলেহে বাংলাদেশৰ নিৰ্বাচনক মুক্ত আৰু নিৰপেক্ষ হিচাপে লক্ষ্য কৰা যাব ।

"যদি আপুনি ৰাস্তাত সাধাৰণ লোকৰ সৈতে কথা পাতে, আপুনি দেখিব যে হাছিনাৰ বহিষ্কাৰৰ পিছত আৱামী লীগৰ বাবে এতিয়া অধিক সমৰ্থন আছে ।" তপনে ফোনযোগে ইটিভি ভাৰতক কয় । "আৱামী লীগত এতিয়াও ৪০ শতাংশ ভোটাৰৰ সমৰ্থন ভিত্তি আছে ।" তেওঁ কয় ।

অৱশ্যে ঘটনাটো হ'ল যে অদূৰ ভৱিষ্যতে বাংলাদেশত নিৰ্বাচন হোৱাৰ সম্ভাৱনা নাই । শুকুৰবাৰে নতুন দলৰ ঘোষণাই নিৰ্বাচনৰ কিছু অনুমানৰ সৃষ্টি কৰিব পাৰে যদিও পৰৱৰ্তী সময়তহে এইটো পৰিষ্কাৰ হ'ব ।

লগতে পঢ়ক :বৰঙণিৰ ওপৰত জীয়াই থকা এক বিফল ৰাষ্ট্ৰ পাকিস্তান; ৰাষ্ট্ৰসংঘত ভাৰত - INDIA SLAMS PAKISTAN AT UN
লগতে পঢ়ক :ট্ৰাম্পৰ কাৰ্যকালৰ প্ৰথম মাহতে গ্ৰেপ্তাৰ ২০ হাজাৰোধিক অবৈধ প্ৰব্ৰজনকাৰী - US ILLEGAL MIGRANTS DEPORTATION