ETV Bharat / international

ভাৰতে বেপাৰ-বাণিজ্য বন্ধ কৰাত মুখ শুকাইছে বাংলাদেশৰ: সেও মানি আলোচনাৰ প্ৰস্তাৱ

নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এজন উপদেষ্টাই কয়- ‘‘বংগদেশে ভাৰতৰ সৈতে সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰে ।’’

RESTRICTION ON BANGLADESHI GOODS
প্ৰতিনিধিত্বমূলক ফটো (ANI Photo)
author img

By ANI

Published : May 19, 2025 at 11:31 AM IST

4 Min Read
Choose ETV Bharat

ঢাকা: ভাৰতে স্থলবন্দৰৰ জৰিয়তে বাংলাদেশৰ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ সৈতে হোৱা সকলো বাণিজ্যিক সমস্যা সমাধান কৰিব বিচাৰিছে ৷

নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এজন উপদেষ্টাই কয় ‘‘বংগদেশে ভাৰতৰ সৈতে সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰে ।’’

শেহতীয়াকৈ ভাৰতে বাংলাদেশৰ পৰা ৰেডিমেড গাৰ্মেণ্টছ (আৰ এম জি), ফল-ফলৰ সোৱাদযুক্ত আৰু কাৰ্বনেটেড পানীয়, বেকড গুডছ, স্নেকছ, চিপছ আৰু মিঠাই, কপাহ আৰু কপাহী সূতাৰ সামগ্ৰী, প্লাষ্টিক আৰু পি ভি চি ফিনিছড সামগ্ৰী আৰু কাঠৰ আচবাব পথৰ জৰিয়তে আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল ।

ইয়াৰ পূৰ্বে বাংলাদেশে ভাৰতৰ পৰা স্থলপথেৰে সূতা আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল । ভাৰতে বাংলাদেশৰ পৰা তৃতীয় দেশলৈ সামগ্ৰী ৰপ্তানিৰ বাবেও ট্ৰেন্স-শ্বিপমেণ্টৰ সুবিধাও বাতিল কৰিছিল । এইদৰে চুবুৰীয়া দেশ দুখনৰ মাজত পাৰস্পৰিক বাণিজ্যিক ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

‘‘ভাৰতৰ এই পদক্ষেপৰ বিষয়ে আমি এতিয়াও আনুষ্ঠানিকভাৱে একো নাজানো । আনুষ্ঠানিকভাৱে গম পোৱাৰ পিছত আমি ব্যৱস্থা ল’ব পাৰিম । কোনো সমস্যাৰ সৃষ্টি হ’লে দুয়োপক্ষই আলোচনা কৰি সমাধানৰ চেষ্টা কৰিব” বুলি ভাৰতে আৰোপ কৰা শেহতীয়া নিষেধাজ্ঞা সন্দৰ্ভত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বাণিজ্য উপদেষ্টা শ্বেখ বছিৰুদ্দিনে সাংবাদিকৰ আগত কয় ৷

"আমি ছ'চিয়েল মিডিয়া আৰু বাতৰিৰ পৰা জানিব পাৰিছো যে তেওঁলোকে (ভাৰত) স্থল বন্দৰ, বিশেষকৈ আখৌৰা আৰু ডাউকী বন্দৰ আৰু একাংশ সীমান্ত অঞ্চলৰ সন্দৰ্ভত কিছু সিদ্ধান্ত লৈছে । আমাৰ মূল লক্ষ্য হৈছে প্ৰতিযোগিতামূলক ক্ষমতা অৰ্জন কৰা । এইটো দুয়োখন দেশৰ বাবে লাভজনক বিষয়"- তেওঁ লগতে কয় ।

"আমি ভাবো যে ভাৰত নিজেই বস্ত্ৰ বা কাপোৰ উদ্যোগত এখন চহকী দেশ ৷ যেতিয়া আমাৰ দেশৰ পৰা এই সামগ্ৰীসমূহ ৰপ্তানি কৰা হয়, তেতিয়াও আমাৰ সামৰ্থৰ ওপৰত ভিত্তি কৰি কৰা হয় । ট্ৰেন্স-শ্বিপমেণ্টৰ দ্বাৰা আমি প্ৰভাৱিত নহয় । আমি আমাৰ সামৰ্থ ব্যৱহাৰ কৰি এই সমস্যাটো নিজাববীয়াকৈ সমাধান কৰিছো" বুলি উপদেষ্টাগৰাকীয়ে কয় ।

"যিহেতু আমি ভৌগোলিকভাৱে সংযুক্ত দেশ, গতিকে আমাৰ প্ৰতিযোগিতামূলক ক্ষমতা, পৰিবহণ ব্যয় আৰু অন্যান্য কাৰকসমূহ নিৰ্দিষ্ট । এইক্ষেত্ৰত আমি আমাৰ কৃষিজাত সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত বিভিন্ন সময়ত বাধা আৰোপ কৰো, ভাৰতেও কৰে । এইটো এটা বাণিজ্য ব্যৱস্থাপনাৰ প্ৰক্ৰিয়া আৰু আমি সেইটোৰ ওপৰত কাম কৰি আছো । যদি তাত কোনো সমস্যাৰ সৃষ্টি হয় বা বিকাশ হয়, তেন্তে দুয়োপক্ষই আলোচনা কৰি সমাধানৰ চেষ্টা কৰিব ৷" বছিৰুদ্দিনে কয় ।

তেওঁ লগতে কয়, ‘‘মই উদাৰ বাণিজ্যত বিশ্বাস কৰো । বাণিজ্য মোৰ বাবে গুৰুত্বপূৰ্ণ । মোৰ দেশৰ ব্যৱসায় আৰু গ্ৰাহকক সবলীকৰণৰ বাবে বাণিজ্য অন্তৰ্ভুক্তিৰ বাহিৰে আন কোনো পথ দেখা নাই ৷’’

ইয়াৰ পূৰ্বে শনিবাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে বাংলাদেশৰ পৰা কেইবাটাও শ্ৰেণীৰ সামগ্ৰী আমদানি কৰাত তাৎক্ষণিকভাৱে স্থলবন্দৰ নিষেধাজ্ঞা আৰোপ কৰা হয় ৷ যাৰ ফলত বৈদেশিক বাণিজ্য সঞ্চালকালয়ে (ডি জি এফ টি) জাৰি কৰা এক নিৰ্দেশনাৰ পিছতে বাংলাদেশৰ পৰা কেইবাটাও শ্ৰেণীৰ সামগ্ৰী আমদানি কৰাত তাৎক্ষণিকভাৱে স্থলবন্দৰ নিষেধাজ্ঞা আৰোপ কৰে ভাৰতে ।

গ্লোবেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভ (জি টি আৰ আই) ৰ তথ্য অনুসৰি স্থলবন্দৰৰ জৰিয়তে বাংলাদেশৰ পৰা আমদানিৰ ক্ষেত্ৰত ভাৰতে নিষেধাজ্ঞা আৰোপ কৰিলে ৭৭ কোটি মাৰ্কিন ডলাৰৰ সামগ্ৰীত প্ৰভাৱ পৰিব, যিটো মুঠ দ্বি-পাক্ষিক আমদানিৰ প্ৰায় ৪২ শতাংশ ।

মন্ত্ৰালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে এই পদক্ষেপে ৰেডিমেড কাপোৰ আৰু প্ৰচেছড খাদ্যৰ দৰে সামগ্ৰীৰ প্ৰৱেশ নিৰ্দিষ্ট সাগৰীয় বন্দৰলৈ সীমিত কৰি ৰাখিছে আৰু ইয়াক বহুলভাৱে গণ্য কৰা হৈছে যে শেহতীয়াকৈ বাংলাদেশে ভাৰতীয় সূতা, চাউল আৰু অন্যান্য সামগ্ৰীৰ ওপৰত ট্ৰেনজিট মাচুল আৰোপ কৰাৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া হিচাপে গণ্য কৰে, যিয়ে পূৰ্বতে সহযোগিতামূলক বাণিজ্যিক সম্পৰ্কৰ পৰা স্থানান্তৰিত হোৱাৰ চিনস্বৰূপ ৷

নতুন নিৰ্দেশনাৰ অধীনত এতিয়া বাংলাদেশৰ পৰা সকলো ধৰণৰ ৰেডিমেড গাৰ্মেণ্ট কেৱল ন্হাৱা শ্বেভা আৰু কলকাতা সাগৰীয় বন্দৰৰ জৰিয়তেহে আমদানি কৰিব পাৰিব, স্থলবন্দৰেৰে প্ৰৱেশৰ অনুমতি আৰু নাই ।

লগতে পঢ়ক: ৰেডিমেড কাপোৰ, প্ৰচেছড খাদ্যকে ধৰি একাধিক বাংলাদেশী সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা - RESTRICTION ON BANGLADESHI GOODS