প্ৰধানমন্ত্ৰীৰ পলায়নৰ পিছত এইবাৰ বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত্যাগ - Bangladesh CJI Resigns
Bangladesh Supreme Court : প্ৰতিবাদৰ মাজতে শনিবাৰে পদত্যাগ কৰে বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৷ মুখ্য ন্যায়াধীৰ লগতে সকলো ন্যায়াধীশে পদত্যাগ কৰাৰ দাবীৰ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিছিল উচ্চতম ন্যায়ালয় ৷ মুখ্য ন্যায়াধীশৰ পদত্যাগৰ পিচতে ন্যায়াধীশসকলেও পদত্যাগৰ যো-জা চলাই থকা বুলি জানিব পৰা গৈছে ৷

Published : August 10, 2024 at 7:00 PM IST
নিউজ ডেস্ক, ১০ আগষ্ট : বাংলাদেশত ঠায়ে ঠায়ে এতিয়াও অব্যাহত আছে হিংসাত্মক ঘটনা, প্ৰতিবাদ ৷ শনিবাৰৰ পৰা পুনৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছতে ঢাকা উচ্চতম ন্যায়ালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে মুখ্য ন্যায়াধীশকসহ সকলো ন্যায়াধীশক পদত্যাগ কৰাৰ দাবী উত্থাপন কৰে ৷ উক্ত প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত দেশখনৰ মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে পদত্যাগ কৰে ৷
উল্লেখ্য যে শ শ প্ৰতিবাদকাৰীসকলৰ অধিকাংশই ছাত্ৰ-ছাত্ৰী ৷ প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ উচ্চতম ন্যায়ালয় ঘেৰাও কৰি মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবী জনাইছিল ৷ প্ৰকাশিত বাতৰি অনুসৰি ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ ফলত আদালতৰ নিৰ্ধাৰিত বৈঠকো বাতিল কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে উচ্চতম ন্যায়ালয় ঘেৰাও কৰি মুখ্য ন্যায়াধীশক পদৰ পৰা পদত্যাগ কৰিবলৈ এঘণ্টাৰ সময় বান্ধি দিছিল ৷
আনহাতে, অন্তৱৰ্তীকালীন চৰকাৰৰ আইনী উপদেষ্টা আছিফ নজৰুলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ওবাইদুল হাছানক লৈ বহু বিতৰ্কৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰিছে ৷ অভিযোগ অনুসৰি আইনী উপদেষ্টাগৰাকী বহিঃৰাজ্যলৈ যোৱাৰ সময়ত ওবাইদুল হাছান আৱামী লীগৰ নেতাৰ ঘৰত আছিল ৷ একে সময়তে অন্তৱৰ্তীকালীন চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ উপদেষ্টা আছিফ মাহমুদেও মুখ্য ন্যায়াধীশগৰাকীৰ বিনাচৰ্তে পদত্যাগ কৰিবলৈ বিচাৰিছে ৷
দ্য ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি উচ্চতম ন্যায়ালয় কমপ্লেক্সত মুখ্য ন্যায়াধীশ হাছানে সাংবাদিকৰ আগত কয় যে শেহতীয়া পৰিস্থিতিৰ মাজতে দেশখনৰ উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতৰ ন্যায়াধীশসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি পদত্যাগৰ সিদ্ধান্ত লোৱা হৈছে ৷ পদত্যাগৰ বাবে কিছু আনুষ্ঠানিকতা থকা বুলিও তেওঁ জানিবলৈ দিয়ে ৷ সেইসমূহ সম্পূৰ্ণ কৰাৰ পিছত শনিবাৰে সন্ধিয়াৰ ভিতৰত ন্যায়াধীশসকলে ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব ৷ উচ্চতম ন্যায়ালয়ৰ আন ন্যায়াধীশসকলেও পদত্যাগ কৰিব নেকি বুলি সোধাত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, সেয়া তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত ৷
উল্লেখ্য যে বাংলাদেশত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাৰ পিছত সোমবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰে ৷ তাৰ পিছতে বৃহস্পতিবাৰে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপতগ্ৰহণ কৰে নোবেল বিজয়ী ৮৪ বছৰীয়া মহম্মদ ইউনুছে । হাছিনা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাৰ পিছত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে পুনৰ নিৰ্বাচন ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক : বাংলাদেশৰ কাৰাগাৰত অস্থিৰতা : ১২ কয়েদীৰ মৃত্যু, ২০০ৰো অধিক পলাতক
দেখা যাওক ড৹ ইউনুছে বাংলাদেশত আইন-শৃংখলা পুনৰুদ্ধাৰ কৰিব পাৰিবনে নাই: হাছিনা তনয় সজিব
বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰতলৈ উভতি অহা একাংশ শিক্ষাৰ্থী

