ETV Bharat / international

দেশদ্ৰোহৰ গোচৰত অভিযুক্ত চিন্ময় কৃষ্ণ দাসক জামিন - CHINMOY KRISHNA DAS GOT BAIL

যোৱা বছৰৰ ২৫ নৱেম্বৰত ঢাকা বিমানবন্দৰত বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ জোঁটৰ মুখপাত্ৰ তথা ইস্কনৰ প্ৰাক্তন নেতা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা হৈছিল ।

CHINMOY KRISHNA DAS GOT BAIL
চিন্ময় কৃষ্ণ দাস (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : April 30, 2025 at 8:44 PM IST

2 Min Read

ঢাকা: আধ্যাত্মিক নেতা চিন্ময় কৃষ্ণ দাসক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত জামিন মঞ্জুৰ কৰিছে বাংলাদেশ উচ্চ ন্যায়ালয়ে ৷ এই খবৰ প্ৰকাশ কৰিছে বাংলাদেশৰ সংবাদপত্ৰ ‘দ্য ডেইলী ষ্টাৰ’এ ৷ বাতৰি অনুসৰি ন্যায়াধীশ মহম্মদ আতোৱাৰ ৰহমান আৰু ন্যায়াধীশ মহম্মদ আলি ৰেজাৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে ।

যোৱা বছৰৰ ২৫ নৱেম্বৰত ঢাকা বিমানবন্দৰত বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ জোঁটৰ মুখপাত্ৰ তথা ইস্কনৰ প্ৰাক্তন নেতা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা হৈছিল । বাংলাদেশৰ জাতীয় পতাকাক অপমান কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল দেশদ্ৰোহৰ গোচৰ । ২ জানুৱাৰীত চট্টগ্ৰামৰ নিম্ন আদালতে দাসৰ আবেদন নাকচ কৰাৰ পিছত তেওঁ উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন কৰিছিল ।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশ উচ্চ ন্যায়ালয়ে চৰকাৰক দাসক কিয় জামিন দিব নালাগে, সেই কথা বুজাবলৈ কৈছিল বুলি তেওঁৰ অধিবক্তাই সদৰী কৰিছিল । দাসৰ অধিবক্তা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই এ এন আইক দিয়া এক বিবৃতিত কয় যে বাংলাদেশ উচ্চ ন্যায়ালয়ে চৰকাৰক দুসপ্তাহৰ ভিতৰত এই ৰায়দানৰ প্ৰতি সঁহাৰি জনাবলৈ কৈছে ।

২ জানুৱাৰীত চট্টগ্ৰামত হোৱা শুনানিৰ সময়ত দাসৰ অধিবক্তাই যুক্তি দিছিল যে তেওঁ মাতৃভূমিৰ প্ৰতি গভীৰ সন্মান প্ৰদৰ্শন কৰে, যাক মাতৃৰ প্ৰতি থকা শ্ৰদ্ধাৰ সৈতে তুলনা কৰিব পাৰি আৰু তেওঁ কোনো কাৰণতে বিশ্বাসঘাতক নহয় । এই যুক্তিৰ পিছতো আদালতে চিন্ময় কৃষ্ণ দাসৰ জামিন আবেদন নাকচ কৰে ৷

ভট্টাচাৰ্যই কয়- ‘‘আমি আদালতত উল্লেখ কৰিছিলো যে ধৰ্মীয় নেতাগৰাকীয়ে মাতৃৰ দৰেই মাতৃভূমিক সন্মান কৰে আৰু তেওঁ দেশদ্ৰোহী নহয় ।’’

মেট্ৰ’পলিটান ছেচনৰ ন্যায়াধীশ এম ডি ছাইফুল ইছলামৰ বিচাৰপীঠে দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত জামিন আবেদন নাকচ কৰে । কটকটীয়া নিৰাপত্তাৰ অধীনত এই শুনানি অনুষ্ঠিত হয় । মেট্ৰ’পলিটান পাব্লিক প্ৰচিকিউটৰ অধিবক্তা মফিজুৰ হক ভূঞাই গুচৰীয়াৰ হৈ আদালতত প্ৰতিনিধিত্ব কৰে ।

লগতে পঢ়ক: দাওদাওকৈ জ্বলি গ'ল এখন হোটেল, নিমিষতে ছাই হ'ল শিশুসহ ১৫ গৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.