ঢাকা (বাংলাদেশ) : চলি থকা ৰাজনৈতিক অশান্তি আৰু অন্তৱৰ্তীকালীন চৰকাৰে পৰৱৰ্তী সংসদীয় নিৰ্বাচনৰ বাবে স্পষ্ট ৰোডমেপ ঘোষণা নকৰাৰ মাজতে বাংলাদেশৰ সেনাপ্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ৷ এই তথ্য প্ৰকাশ কৰিছে বাংলাদেশৰ স্থানীয় সংবাদ মাধ্যমে ৷
"দৈনিক প্ৰথম আলো"এ প্ৰকাশ কৰা অনুসৰি, "সেনাপ্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে বিশ্বাস কৰে যে ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে । নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে এই বিষয়ত তেওঁৰ স্থিতি একেই আছে । এখন নিৰ্বাচিত চৰকাৰে দেশৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে ।"
বুধবাৰে ঢাকা কেণ্টনমেণ্টৰ সেনা চৌহদত সেনাপ্ৰধানগৰাকীয়ে বিষয়াসকলৰ ভাষণত আন কিছুমান বিষয়ৰ কথাও উল্লেখ কৰে । ঢাকাত নিয়োজিত সেনাবাহিনীৰ বিভিন্ন পৰ্যায়ৰ বিষয়াসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷ লগতে আন বহু বিষয়াই ভাৰ্চুৱেলীও এই অনুষ্ঠানত যোগদান কৰিছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীকে (Bangladesh Nationalist Party চমুকৈ BNP) ধৰি কেইবাটাও ৰাজনৈতিক দলে ডিচেম্বৰৰ ভিতৰত সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে । কিন্তু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰা ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত নতুন দল নেশ্যনেল চিটিজেনছ পাৰ্টীয়ে (National Citizens Party চমুকৈ NCP) নিৰ্বাচনৰ পূৰ্বে মৌলিক সংস্কাৰ বিচাৰিছে ।
নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰখনে NCPক সমৰ্থন কৰা বুলি অভিযোগ উঠিছে । অন্তৱৰ্তীকালীন চৰকাৰৰ মন্ত্ৰীসভাৰ পৰা দুজন ছাত্ৰ উপদেষ্টাক অপসাৰণৰ দাবীত ঢাকাৰ মুখ্য উপদেষ্টাগৰাকীৰ বাসগৃহ যমুনাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে BNP কৰ্মীসকলে ।
জেনেৰেল ৱাকাৰ-উজ-জামানে ম্যানমাৰৰ ৰাখাইন ৰাজ্যত মানৱীয় কৰিড’ৰৰ আলোচনাৰ বিষয়েও কয় । বিষয়টো সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘ৰাখাইন ৰাজ্যৰ মানৱীয় কৰিড’ৰৰ সিদ্ধান্ত এখন নিৰ্বাচিত চৰকাৰে ল’ব লাগে আৰু ইয়াক বৈধ প্ৰক্ৰিয়া অনুসৰণ কৰি ল’ব লাগে । ইয়াত ৰাষ্ট্ৰীয় স্বাৰ্থৰ কথা বিবেচনা কৰিব লাগিব ৷”
জেনেৰেল ৱাকাৰ-উজ-জামানেও "গণ আক্ৰমণ" বা সংগঠিত অৰাজকতা বা অশান্তিপূৰ্ণ গোটৰ আক্ৰমণৰ বিৰুদ্ধে এক শক্তিশালী বাৰ্তা দিয়ে । আইন-শৃংখলাৰ পৰিস্থিতি সন্দৰ্ভত এতিয়া সেনাই কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলিও তেওঁ কয় । সংগঠিত জনসমাগমৰ নামত অৰাজকতা বা হিংসা আৰু সহ্য কৰা নহ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।
উল্লেখ্য যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক বিগত বৰ্ষৰ আগষ্ট মাহত ছাত্ৰ নেতৃত্বাধীন বিদ্ৰোহত ক্ষমতাৰ পৰা উৎখাত কৰা হৈছিল । তাৰ পাছতে হাছিনাই ভাৰতলৈ পলায়ন কৰে আৰু নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয় বাংলাদেশত ।