জেৰুজালেম: ইজৰাইলৰ অস্তিত্বৰ প্ৰতি ভাবুকি হৈ আহিছে ইৰাণ । যাৰ বাবে ইৰাণৰ পাৰমাণৱিক ঘাটিত ইজৰাইলে আক্ৰমণ আৰম্ভ কৰিছে । ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰাৰ লক্ষ্যৰে 'অপাৰেশ্যন ৰাইজিং লায়ন' আৰম্ভ হোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে । শুকুৰবাৰে তেওঁ দাবী কৰে যে ইজৰাইলে নাটাঞ্জত থকা ইছলামিক শাসনৰ পাৰমাণৱিক ঘাটিত ইজৰাইলে আক্ৰমণ কৰিছে ।
শুকুৰবাৰে পুৱা নেতান্যাহুৱে এক ভিডিঅ' বাৰ্তাযোগে কয়, "কিছু মুহূৰ্তৰ পূৰ্বে ইজৰাইলে দেশখনৰ অস্তিত্বৰ প্ৰতি ইৰাণৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সামৰিক অভিযান অপাৰেশ্যন ৰাইজিং লায়ন আৰম্ভ কৰে । এই ভাবুকি আঁতৰাবলৈ যিমান দিন লাগিব সিমান দিনলৈকে এই অভিযান চলি থাকিব ।"
ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰে, "দশক দশক ধৰি তেহৰাণৰ অত্যাচাৰীসকলে নিৰ্লজ্জভাৱে, মুকলিকৈ ইজৰাইলক ধ্বংস কৰাৰ আহ্বান জনাই আহিছে । তেওঁলোকে গণহত্যাৰ বাবে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ কাৰ্যসূচীক সমৰ্থন জনাইছে । শেহতীয়া বছৰবোৰত ইৰাণে ৯ টা পৰমাণু বোমাৰ বাবে যথেষ্ট পৰিমাণৰ উচ্চ সমৃদ্ধ ইউৰেনিয়াম উৎপাদন কৰিছে ।
প্ৰধানমন্ত্ৰীয়ে দাবী কৰে, "যোৱা কেইমাহমানত ইৰাণে এনে পদক্ষেপ গ্ৰহণ কৰিছে যিটো ইয়াৰ পূৰ্বে কেতিয়াও লোৱা হোৱা নাছিল । সমৃদ্ধ ইউৰেনিয়ামক অস্ত্ৰলৈ ৰূপান্তৰিত কৰিছে । আৰু যদি এই কাৰ্য বন্ধ নহয় তেন্তে ইৰাণে অতি কম সময়ৰ ভিতৰতে পাৰমাণৱিক অস্ত্ৰ উৎপাদন কৰিব পাৰে । ই এবছৰো হ'ব পাৰে, ই কেইমাহমানৰ ভিতৰতো হ'ব পাৰে । ইজৰাইলৰ অস্তিত্বৰ বাবেই এইটো এটা স্পষ্ট আৰু বৰ্তমান বিপদ ।"
ইজৰাইলে নাজী হ'ল'কাষ্টৰ পৰা শিক্ষা লাভ কৰিছে আৰু লগতে কেতিয়াও এনে নহয় বুলি নেতান্যাহুৱে প্ৰতিশ্ৰুতি দিয়ে । তেওঁ লগতে কয় যে ইজৰাইল কেতিয়াও ইৰাণে সংঘটিত কৰা পাৰমাণৱিক আক্ৰমণৰ বলি নহয় ।
তেওঁ লগতে কয়, "আমাক ধ্বংস কৰাৰ আহ্বান জনোৱাসকলক ইজৰাইলে কেতিয়াও সেই লক্ষ্যত উপনীত হ'বলৈ নিদিয়ে । আজি নিশা ইজৰাইলে কামেৰে তাৰ প্ৰত্যুত্তৰ দিব ।"
ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে লগতে দাবী কৰে যে দেশখনে ইৰাণৰ পাৰমাণৱিক অস্ত্ৰীকৰণ কাৰ্যসূচীৰ মূলত আঘাত কৰিছে । বোমা নিৰ্মাণৰ ওপৰত কাম কৰা ইৰাণৰ আগশাৰীৰ পাৰমাণৱিক বিজ্ঞানীসকলক লক্ষ্য কৰি লৈছে আৰু ইৰাণৰ বেলিষ্টিক-মিছাইল প্ৰজেক্টৰ ওপৰতো আক্ৰমণ কৰিছে ইজৰাইলে । প্ৰধানমন্ত্ৰীয়ে দাবী কৰা মতে ৩ বছৰৰ ভিতৰত ইৰাণে ১০ হাজাৰ ক্ষেপণাস্ত্ৰ উৎপাদন কৰিছে ।
ইজৰাইলৰ নেতাগৰাকীয়ে ইৰাণৰ ভাবুকিৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ বাবে তেওঁৰ সৈনিক আৰু জনসাধাৰণক প্ৰশংসা কৰাৰ লগতে ইৰাণক পাৰমাণৱিক ক্ষমতা প্ৰদান নকৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পকো ধন্যবাদ জনায় । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আগতীয়াকৈ স্পষ্ট কৰাৰ দৰে এই আক্ৰমণত আমেৰিকা জড়িত নাছিল ।
লগতে পঢ়ক :ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি ২০২৫ চনৰ শেষলৈকে সম্ভৱপৰ : জয়শংকৰ - EAM S JAISHANKAR