ETV Bharat / international

বিলাতত বিহুৰে আদৰণি প্ৰধানমন্ত্ৰী মোদীক

দ্বিদেশীয় ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুধবাৰে ব্ৰিটেইনত উপস্থিত হয় ।

PM Modi UK visit
বিলাতত প্ৰধানমন্ত্ৰী মোদীক বিহুৰে আদৰিব প্ৰবাসী অসমীয়াই (ANI)
author img

By ANI

Published : July 24, 2025 at 8:44 AM IST

4 Min Read
Choose ETV Bharat

লণ্ডন : বুধবাৰে ব্ৰিটেইন ভ্ৰমণ কাৰ্যসূচীৰে লণ্ডনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দ্বিদেশীয় ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত তেওঁ ব্ৰিটেইনত উপস্থিত হৈছে । আনহাতে, ব্ৰিটেইনত উপস্থিত হোৱাৰ লগে লগে প্ৰবাসী ভাৰতীয়ৰ বিভিন্ন গোটে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় । ইয়াৰ মাজত আছিল প্ৰবাসী অসমীয়াও ।

লণ্ডনৰ এটা বিহু দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিহুনাচেৰে আদৰণি জনায় । আনহাতে, এই সুযোগ লাভ কৰি বিহু দলটোৱে যথেষ্ট গৌৰৱ আৰু আনন্দ লাভ কৰা বুলি প্ৰকাশ কৰিছে ।

অনুষ্ঠান পৰিবেশনৰ পূৰ্বে বিহু দলটোৰ এগৰাকী নাচনী মধুস্মিতা বৰগোঁহায়ে কয়, "মই অসমৰ । বিগত ১২ বছৰ ধৰি ব্ৰিটেইনত বসবাস কৰি আহিছোঁ । আজি প্ৰধানমন্ত্ৰী মোদীক দেখিবলৈ পালে কিমান সুখী হ'ম সেয়া প্ৰকাশ কৰিব নোৱাৰো । আজি আমি বিহুনাচ প্ৰদৰ্শন কৰিম ।"

নিজৰ আৱেগ প্ৰকাশ কৰি আন এগৰাকী নাচনী চিনু কিশোৰে কয়, "... মই অসমৰ আৰু যোৱা ২২ বছৰ ধৰি ব্ৰিটেইনত বসবাস কৰি আহিছোঁ । আজি প্ৰধানমন্ত্ৰী মোদীক ব্যক্তিগতভাৱে চাবলৈ বৰ উৎসুক হৈ আছোঁ আৰু আমি তেওঁৰ সন্মুখত অসমৰ বিহুনাচ প্ৰদৰ্শন কৰিম ।"

উল্লেখ্য যে প্ৰবাসী ভাৰতীয়সকলে ইংলেণ্ডত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণক আদৰণি জনোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ চহকী আৰু বৈচিত্ৰ্যময় পৰম্পৰাক প্ৰতিভাত কৰি তুলিবলৈ এক বিস্তৃত সাংস্কৃতিক তথা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে । তাৰেই অংশ হৈছে এই বিহুনাচ ।

দ্বিদেশীয় ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ব্ৰিটেইনত উপস্থিত হয় । এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ সম্ভাৱনা আছে । কিয়নো দুয়োখন দেশে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে ।

প্ৰধানমন্ত্ৰীয়ে ব্ৰিটেইনলৈ যোৱাৰ পূৰ্বে দিয়া বিবৃতিত কয় যে ভাৰত আৰু ব্ৰিটেইনৰ মাজত এক বিস্তৃত কৌশলগত অংশীদাৰিত্ব আছে যিয়ে শেহতীয়া বছৰবোৰত উল্লেখযোগ্য অগ্ৰগতিৰ সাক্ষী হৈছে ।

তেওঁ কয়, "আমাৰ সহযোগিতাই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, শিক্ষা, গৱেষণা, বহনক্ষমতা, স্বাস্থ্য আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি বহুতো খণ্ডক সামৰি লৈছে ।"

এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে এক আলোচনাত মিলিত হ’ব । দুয়োগৰাকী নেতাই দেশ দুখনৰ অৰ্থনৈতিক অংশীদাৰিত্ব অধিক আগবঢ়াই নিয়াৰ বাবে সুযোগ লাভ কৰিব । লগতে দেশ দুখনৰ সমৃদ্ধি, বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখিব । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভ্ৰমণৰ সময়ছোৱাত ৰজা তৃতীয় চাৰ্লছকো সাক্ষাৎ কৰিব ।

প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পিছত মোদীৰ এইটো হৈছে চতুৰ্থটো ব্ৰিটেইন ভ্ৰমণ । ইয়াৰ পূৰ্বে ২০১৫ আৰু ২০১৮ চনত তেওঁ ব্ৰিটেইন ভ্ৰমণ কৰিছিল । আনহাতে, ২০২১ চনত গ্লাছগোত অনুষ্ঠিত COP26 শীৰ্ষ সন্মিলনতো তেওঁ অংশগ্ৰহণ কৰিছিল ।

উল্লেখ্য যে বিগত এটা বছৰত প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে দুবাৰকৈ বৈঠকত মিলিত হৈছে । প্ৰথমবাৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ পাৰ্শ্ব বৈঠকত আৰু শেহতীয়াকৈ জুন মাহত কানাডাৰ কানানাস্কিছত জি-৭ শীৰ্ষ সন্মিলনৰ সময়ত তেওঁলোক বৈঠকত মিলিত হৈছে ।

ভাৰত-ব্ৰিটেইনৰ যি অংশীদাৰিত্ব সেয়া ২০২১ চনত এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হয় আৰু তেতিয়াৰে পৰাই দুয়োখন দেশৰ মাজত নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ ৰাজনৈতিক আদান-প্ৰদান চলি আহিছে । লগতে দুয়োপক্ষই এই সম্পৰ্কক আৰু অধিক উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছে ।

প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিখনে দুয়োখন ৰাষ্ট্ৰৰ মাজত আমদানি আৰু ৰপ্তানিৰ ওপৰত শুল্ক নিৰ্মূল বা হ্ৰাস কৰিব বিচাৰিছে । ইয়াৰ লক্ষ্য হৈছে ব্ৰিটেইনৰ বজাৰত ভাৰতীয় সামগ্ৰীক অধিক প্ৰতিযোগিতামূলক কৰি তোলা আৰু তাৰ বিপৰীতে ভাৰততো ইংলেণ্ডৰ সামগ্ৰীৰ ক্ষেত্ৰত একে ব্যৱস্থা গ্ৰহণ কৰা । দুয়োখন দেশেই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ১২০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

ব্ৰিটেইনত তেওঁৰ ভ্ৰমণসূচী সামৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিদেশীয় ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ৰ বাবে মালদ্বীপলৈ যাত্ৰা কৰিব ।

লগতে পঢ়ক :আজিৰে পৰাই ব্ৰিটেইন ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ - PM MODI LONDON TRIP
লগতে পঢ়ক :তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণৰ কাম আৰম্ভ চীনৰ - WORLDS BIGGEST DAM OVER BRAHMAPUTRA