প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভূটান ভ্ৰমণ সেনাপ্ৰধান দ্বিবেদীৰ
২০১৯ চনৰ আগষ্ট মাহত ভূটান ভ্ৰমণ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

By ANI
Published : June 30, 2025 at 5:48 PM IST
নতুন দিল্লী: আনুষ্ঠানিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে সোমবাৰে ভূটান অভিমুখে ৰাওনা হৈছে দেশৰ সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী ।
এই ভ্ৰমণৰ লক্ষ্য হৈছে দুয়োখন ৰাষ্ট্ৰৰ মাজত স্থায়ী দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাক আৰু অধিক শক্তিশালী কৰা । এই কথা প্ৰকাশ কৰিছে ভাৰতীয় সেনাই ৷
সামাজিক মাধ্যম এক্স (X) ত প্ৰকাশিত এক পোষ্টত ভাৰতীয় সেনাই এনেদৰে কয়- ‘‘জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, চি অ’ এছে আজি ভূটান ভ্ৰমণৰ বাবে আগবাঢ়িছে । এই ভ্ৰমণৰ লক্ষ্য হৈছে দুয়োখন ৰাষ্ট্ৰৰ মাজত চিৰস্থায়ী দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাক আৰু অধিক শক্তিশালী কৰা । এই ভ্ৰমণে ভাৰত আৰু ভূটানৰ মাজত গভীৰভাৱে শিপাই থকা সম্পৰ্কক প্ৰতিফলিত কৰিছে আৰু প্ৰতিবেশী দেশৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছে ।’’
#GeneralUpendraDwivedi, #COAS proceeded on an official visit to #Bhutan today. The visit aims to further bolster the enduring bilateral #DefenceCooperation between the two nations.
— ADG PI - INDIAN ARMY (@adgpi) June 30, 2025
The visit reflects the deep-rooted relationship between India & Bhutan and reaffirms India's… pic.twitter.com/T5OYy5zxHj
ভাৰত আৰু ভূটানৰ মাজত অনন্য আৰু দৃষ্টান্তমূলক দ্বিপাক্ষিক সম্পৰ্ক আছে, যিবোৰ পাৰস্পৰিক বিশ্বাস, সদিচ্ছা আৰু বুজাবুজিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । ১৯৬৮ চনত ভাৰত আৰু ভূটানৰ মাজত আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক স্থাপন কৰা হয় । ভাৰত-ভূটান সম্পৰ্কৰ মূল কাঠামো হৈছে ১৯৪৯ চনত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত বন্ধুত্ব আৰু সহযোগিতা চুক্তি, যিখন ২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত নবীকৰণ কৰা হয় ।
পূৰ্বে ২০১৮ চনৰ ডিচেম্বৰ মাহত আৰু পুনৰ ২০১৯ চনৰ মে’ মাহত ভূটানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰি নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ২০১৯ চনৰ জুন মাহত ভূটান ভ্ৰমণ কৰিছিল ৷ কাৰ্যভাৰ গ্ৰহণৰ পিছত এয়া তেওঁৰ প্ৰথমটো বহিঃৰাষ্ট্ৰ ভ্ৰমণ । ২০১৯ চনৰ ১৭ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ ভূটানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত ভ্ৰমণ কৰিছিল ।
২০২০ চনৰ ২৮-২৯ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়ে (চি আই এম) ভূটান ভ্ৰমণ কৰিছিল । বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ২০২২ চনৰ ২৯-৩০ এপ্ৰিলত ভূটান ভ্ৰমণ কৰিছিল ।
১৯৭২ চনত প্ৰথমবাৰৰ স্বাক্ষৰিত আৰু শেহতীয়াকৈ ২০১৬ চনত সংশোধন কৰা ব্যৱসায়, বাণিজ্য আৰু ট্ৰেনজিটৰ ভাৰত-ভূটান চুক্তি অনুসৰি দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য ব্যৱস্থা স্থাপন কৰা হৈছে । এই চুক্তিমৰ্মে ভূটানৰ ৰপ্তানিজাত সামগ্ৰী তৃতীয় দেশলৈ শুল্কমুক্তভাৱে ট্ৰেনজিট কৰাৰ ব্যৱস্থাও আছে ।
উল্লেখ্য যে, ২০১৯ চনৰ আগষ্ট মাহত ভূটান ভ্ৰমণ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
আনহাতে, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেৰ সৈতে বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী লিয়নপো ডি এন ডুংগিয়েল, শক্তি আৰু প্ৰাকৃতিক সম্পদ মন্ত্ৰী লিয়নপো গেম শ্বেৰিং, উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী লিয়নপো নামগিয়াল ডৰ্জি আৰু অন্যান্য শীৰ্ষ বিষয়াসকলে ২০২৪ চনৰ ১৪-১৮ মাৰ্চৰ ভিতৰত ভাৰত ভ্ৰমণ কৰে ।
লগতে পঢ়ক: অসম টীৰ দুশ বছৰ: গ্ৰীষ্মকালীন ফেন্সি ফুড শ্ব’ ২০২৫ ত মুকলি ইণ্ডিয়া পেভিলিয়ন

