ETV Bharat / international

ইৰাণৰ ফৰ্ড' পাৰমাণৱিক ঘাটিত আঘাত কৰা বাংকাৰ বাষ্টাৰ বোমা আচলতে কি ?

বাংকাৰ বা সুৰংগবোৰ ভূগৰ্ভত অতি সুৰক্ষিতভাৱে নিৰ্মাণ কৰা হয় । কিন্তু সেইবোৰো ধ্বংস কৰিব পাৰে বাংকাৰ বাষ্টাৰ বোমাই ।

In this photo released by the U.S. Air Force on May 2, 2023, airmen look at a GBU-57, or the Massive Ordnance Penetrator bomb, at Whiteman Air Base in Missouri
ফৰ্ড' পাৰমাণৱিক ঘাটিত বাংকাৰ বাষ্টাৰ বোমা নিক্ষেপ (AP)
author img

By ETV Bharat Assamese Team

Published : June 22, 2025 at 2:06 PM IST

5 Min Read
Choose ETV Bharat

বেংকক : ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘৰ্ষৰ মাজতে আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ । ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰে আমেৰিকাই । আমেৰিকাই ফৰ্ড' ঘাটিত নিক্ষেপ কৰে বাংকাৰ বাষ্টাৰ বোমা । ইৰাণৰ ভূগৰ্ভত থকা এই গোপন ঘাটিত আক্ৰমণৰ কথা নিশ্চিত কৰিছে আমেৰিকাই ।

আমেৰিকাৰ এক সূত্ৰই লগতে নিশ্চিত কৰিছে যে ফৰ্ড' পাৰমাণৱিক ঘাটিত আমেৰিকাই বাংকাৰ বাষ্টাৰ বোমা নিক্ষেপ কৰিছে । এই আক্ৰমণৰ লগে লগে আমেৰিকাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ইৰাণ । ইফালে এই আক্ৰমণে তৃতীয় বিশ্ব যুদ্ধৰো ইংগিত দিছে বুলি বহুতে অনুমান কৰিছে ।

বাংকাৰ বাষ্টাৰ বোমা একমাত্ৰ আমেৰিকাইহে নিক্ষেপ কৰিব পাৰে । ফৰ্ড'ৰ ক্ষয়ক্ষতিৰ বিষয়ে এতিয়াও স্পষ্টভাৱে জানিব পৰা হোৱা নাই । কিন্তু এই বাংকাৰ বাষ্টাৰ বোমা আচলতে কি ?

বাংকাৰ-বাষ্টাৰ বোমা

"বাংকাৰ বাষ্টাৰ" হৈছে বহল অৰ্থত এটা শক্তিশালী বোমা যি বিস্ফোৰণৰ পূৰ্বে ভূপৃষ্ঠৰ গভীৰতালৈ সোমাই যাব পাৰে । আমেৰিকাৰ অস্ত্ৰভাণ্ডাৰত থকা শেহতীয়া জিবিইউ-৫৭ এ/বি মেছিভ অৰ্ডানেন্স পেনেট্ৰেটৰ বোমা হৈছে ইয়াৰ ভিতৰত অন্যতম । আমেৰিকাৰ বায়ুসেনাৰ মতে, প্ৰায় ৩০ হাজাৰ পাউণ্ড (১৩,৬০০ কিলোগ্ৰাম) ওজনৰ এই নিখুঁত নিৰ্দেশিত বোমাটো অতি গভীৰতালৈ যাব পাৰে আৰু বাংকাৰ বা সুৰংগ ধ্বংস কৰিব পৰাকৈ ইয়াক ডিজাইন হয় ।

বিস্ফোৰণৰ পূৰ্বে ই ভূপৃষ্ঠৰ পৰা প্ৰায় ২০০ ফুট (৬১ মিটাৰ) তললৈ ভেদ কৰিব পাৰে বুলি ধাৰণা কৰা হয় আৰু বোমাবোৰ ইটোৰ পিছত সিটোকৈ নিক্ষেপ কৰিব পাৰি, ফলপ্ৰসূভাৱে প্ৰতিটো বিস্ফোৰণৰ লগে লগে গভীৰৰ পৰা গভীৰতালৈ ই সোমাই গৈ থাকে । দেওবাৰে পুৱা হোৱা আক্ৰমণত এই বোমা কিমান নিক্ষেপ কৰা হৈছিল সেয়া জানিব পৰা হোৱা নাই ।

বোমাটোত গতানুগতিক বিস্ফোৰক সামগ্ৰী আছে যদিও আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই নিশ্চিত কৰিছে যে ইৰাণে ফৰ্ড'ত অতি শক্তিশালী ইউৰেনিয়াম উৎপাদন কৰি আছে, যাৰ ফলত জিবিইউ-৫৭ এ/বি ব্যৱহাৰ কৰি এই ঘাটিত আক্ৰমণ কৰাত অঞ্চলটোলৈ পাৰমাণৱিক পদাৰ্থ নিৰ্গত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে । কিন্তু ইৰাণৰ আন এটা পাৰমাণৱিক ঘাটি নাটাঞ্জত ইজৰাইলে চেণ্ট্ৰিফিউজ ছাইটত আক্ৰমণ কৰাৰ ফলত কেৱল সেই স্থানতহে পাৰমাণৱিক পদাৰ্থ নিৰ্গত হৈছিল । ইয়াৰ আশে-পাশে থকা অঞ্চলত হোৱা নাই বুলি আই এ ই এয়ে প্ৰকাশ কৰিছে । ইফালে আমেৰিকাৰ যুদ্ধ বিমানেও নাটাঞ্জক আঘাত কৰিছে ।

ফৰ্ড'ত আক্ৰমণ কৰাটো কিমান কঠিন ?

ইজৰাইলে ইয়াৰ পূৰ্বে লক্ষ্য কৰি লোৱা ইৰাণৰ মূল ঘাটি নাটাঞ্জৰ পিছত দ্বিতীয়টো লক্ষ্য হৈছে পাৰমাণৱিক ঘাটি ফৰ্ড' । আই এ ই এয়ে কৈছে যে এই আক্ৰমণবোৰে কেন্দ্ৰটোৰ মাটিৰ তলৰ চেণ্ট্ৰিফিউজ হলসমূহত 'প্ৰত্যক্ষ প্ৰভাৱ' পেলাইছে ।

ফৰ্ড' নাটাঞ্জতকৈ সৰু আৰু তেহৰাণৰ পৰা প্ৰায় ৬০ মাইল (৯৫ কিলোমিটাৰ) দক্ষিণ-পশ্চিমে থকা ক'ম চহৰৰ ওচৰৰ এখন পাহাৰৰ কাষতে স্থাপন কৰা হৈছে । ২০০৬ চনৰ আশে-পাশে নিৰ্মাণ আৰম্ভ হোৱা বুলি ধাৰণা কৰা হয় আৰু ২০০৯ চনত ই প্ৰথমবাৰৰ বাবে কাৰ্যক্ষম হয় -সেই বছৰতে তেহৰাণে ৰাজহুৱাভাৱে নিজৰ অস্তিত্ব স্বীকাৰ কৰে ।

আনুমানিক ৮০ মিটাৰ (২৬০ ফুট) শিল আৰু মাটিৰ তলত থকাৰ উপৰিও এই স্থান ইৰাণী আৰু ৰাছিয়াৰ পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ দ্বাৰা সুৰক্ষিত বুলি কোৱা হৈছে । সেই বায়ু প্ৰতিৰক্ষাসমূহ অৱশ্যে ইতিমধ্যে ইজৰাইলৰ অভিযানত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে, যিয়ে ইৰাণৰ বেছিভাগ বায়ু প্ৰতিৰক্ষাকে নক আউট কৰা বুলি দাবী কৰিছে ।

তথাপিও ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে ইৰাণক আক্ৰমণ কৰাৰ লক্ষ্য আছিল ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু পাৰমাণৱিক প্ৰজেক্ট ধ্বংস কৰা, যিটো তেওঁ ইজৰাইলৰ বাবে অস্তিত্বৰ ভাবুকি বুলি অভিহিত কৰিছিল আৰু বিষয়াসকলে কয় যে ফৰ্ড' সেই পৰিকল্পনাৰ অংশ আছিল । আমেৰিকাত ইজৰাইলৰ ৰাষ্ট্ৰদূত য়েচিয়েল লেইটাৰে ফক্স নিউজক কয় যে এই সমগ্ৰ অভিযান ...সঁচাকৈয়ে ফৰ্ড'ক ধ্বংস কৰাৰ লগে লগে সম্পূৰ্ণ হ'ব ।

আমেৰিকা জড়িত হোৱাৰ প্ৰয়োজনীয়তা

সচৰাচৰ জিবিইউ-৫৭ এ/বিক ওজন কঢ়িয়াব পৰা যিকোনো বোমাৰু বিমানে নিক্ষেপ কৰিব পাৰে, কিন্তু এই মুহূৰ্তত আমেৰিকাই কেৱল নিজৰ বি-২ স্পিৰিট ষ্টেলথ বোমাৰু বিমানখনক বোমাটো নিক্ষেপ কৰিবলৈ ব্যৱহাৰ কৰিছে বুলি বায়ুসেনাই জনাইছে । বি-২ কেৱল বায়ুসেনাইহে নিক্ষেপ কৰে আৰু ইয়াক নৰ্থৰপ গ্ৰুমেনে নিৰ্মাণ কৰে ।

নিৰ্মাতা কোম্পানীটোৰ মতে, বি-২ বিমানখনে ৪০,০০০ পাউণ্ড (১৮,০০০ কিলোগ্ৰাম) পেলোড কঢ়িয়াব পাৰে যদিও আমেৰিকাৰ বায়ুসেনাই কয় যে তেওঁলোকে দুটা জিবিইউ-৫৭ এ/বি বাংকাৰ বাষ্টাৰেৰে ভৰ্তি বি-২ক সফলতাৰে পৰীক্ষা কৰিছে, যাৰ মুঠ ওজন প্ৰায় ৬০,০০০ পাউণ্ড (২৭,২০০ কিলোগ্ৰাম)।

লগতে পঢ়ক :ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ; বৃহৎ পাৰমাণৱিক ঘাটি ধ্বংস কৰা কথা স্বীকাৰ ট্ৰাম্পৰ - US STRIKES ON IRAN