ETV Bharat / international

শতিকাৰ আটাইতকৈ ভয়ংকৰ ভূমিকম্পই বিধ্বস্ত কৰিছে এখন দেশক ; প্ৰতিদিনে বাঢ়িছে নিহতৰ সংখ্যা

চৰকাৰী তথ্য অনুসৰি শেহতীয়া ভূমিকম্পত আফগানিস্তানত ২২০০ৰো অধিক লোকৰ মৃত্যু হৈছে । প্ৰভাৱিত অঞ্চলত খাদ্য সংকটে দেখা দিছে ।

Residents and Taliban soldiers shield themselves from the wind of a helicopter taking off as efforts continue after Sunday night's powerful 6.0-magnitude earthquake that struck several provinces, in Kunar province, eastern Afghanistan, Tuesday, Sept. 2, 2025
আফগানিস্তানত শতিকাৰ আটাইতকৈ ভয়ংকৰ ভূমিকম্প (AP)
author img

By ETV Bharat Assamese Team

Published : September 5, 2025 at 8:53 AM IST

4 Min Read
Choose ETV Bharat

নুৰগাল : শেহতীয়াকৈ এক শক্তিশালী ভূমিকম্পই জোকাৰি গৈছিল আফগানিস্তান । যি শতিকাৰ আটাইতকৈ ভয়ংকৰ ভূমিকম্প হিচাৰে পৰিগণিত হৈছে । কাৰণ এই ভূমিকম্পৰ ফলত দেশখনত মৃত্যুৰ সংখ্যা ২২০০ৰো অধিক হৈছে ।

দেওবাৰে নিশা পাকিস্তানৰ সীমান্তৱৰ্তী পাহাৰীয়া অঞ্চলত ৬.০ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পত নিহত হোৱাসকলৰ বেছি সংখ্যকে কুনাৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি কুনাৰ প্ৰদেশত ২২০৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ প্ৰায় ৩৬৪০ গৰাকী লোক আহত হৈছে । একেদৰে চুবুৰীয়া প্ৰদেশ নংগাৰহাৰ আৰু লঘমানত বহু লোকৰ মৃত্যু আৰু শ শ লোক আহত হয় ।

ইতিমধ্যে ভূমিস্খলন আৰু শিল খহি পৰাৰ ফলত বন্ধ হৈ থকা পথবোৰৰ বাবে ক্ষতিগ্ৰস্ত বেছিভাগ অঞ্চলৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে । প্ৰবল আফটাৰশ্বকৰ ফলত সেই অঞ্চলবোৰত এতিয়াও ভূমিস্খলনৰ দৰে ঘটনা অব্যাহত আছে ।

এতিয়াও দেশখনৰ লোকসকল ভূমিকম্পৰ ভয়ত আতংকিত হৈ আছে । কাৰণ শক্তিশালী ভূমিকম্পটোৰ পিছত হোৱা সৰু সৰু ভূমিকম্পবোৰে লোকসকলক শংকিত কৰি ৰাখিছে ।

জানিব পৰা মতে বৃহস্পতিবাৰে নিশাও নংগাৰহৰৰ জালালাবাদ চহৰৰ সমীপত পূৰ্বৰ ভূমিকম্পৰ কেন্দ্ৰৰ সমীপতে ৫.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় । যাৰ ফলত কাবুল আৰু পাকিস্তানৰ ৰাজধানী ইছলামবাদৰ দৰে দূৰৈৰ অট্টালিকাবোৰো কঁপি উঠিছিল । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে উল্লেখ কৰা মতে এইটো আছিল সপ্তমটো শক্তিশালী আফটাৰশ্বক ।

বেচৰকাৰী সংস্থা ছেভ দ্য ছিলড্ৰেনে কয়, "পূব আফগানিস্তানত ধাৰাবাহিক আফটাৰশ্বকৰ বাবে প্ৰায় ৩০ বছৰৰ ভিতৰত দেশখনৰ আটাইতকৈ শক্তিশালী ভূমিকম্পত পৰিয়াল আৰু ঘৰ হেৰুওৱা শিশুসকলক আতংকিত কৰি তুলিছে ।"

তালিবান কৰ্তৃপক্ষৰ মতে যোৱা ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা ৭০০ৰো অধিক বৃদ্ধি পাইছে আৰু উদ্ধাৰকাৰীয়ে ধ্বংসাৱশেষবোৰত অভিযান অব্যাহত ৰাখিছে । যাৰ বাবে নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । চৰকাৰৰ উপ-মুখপাত্ৰ হামদুল্লা ফিট্ৰাটে কয় যে অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ সময়ত ধ্বংসপ্ৰাপ্ত ঘৰৰ পৰা শ শ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

কেৱল কুনাৰ প্ৰদেশতে ভূমিকম্পৰ ফলত ৬৭০০ৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে । অঞ্চলটোৰ বহু লোকে এতিয়া খাদ্য আৰু বাসস্থানৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে । অঞ্চলটোৰ বাসিন্দা ৪৮ বছৰীয়া জাহিৰ খান ছাফীয়ে সংবাদ মাধ্যমক কয়, "আমাক অতি শীঘ্ৰে আশ্ৰয়, খোৱাপানী, খাদ্য আৰু ঔষধৰ প্ৰয়োজন । কালি কিছুমান মানুহে কিছু খাদ্য আনিছিল, সকলোৱে তেওঁলোকৰ ওপৰত জপিয়াই পৰিছিল, মানুহ এতিয়াও ভোকত আছে, বহুদিনৰ বাবে আমাৰ খাবলৈ একো নাই । খাদ্য সামগ্ৰীক লৈ কাজিয়া হৈছে ।"

ইয়াৰ মাজতে আফগানিস্তানৰ এনে সংকটত সহায়ৰ বাবে বিভিন্ন দেশে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে । বৃহস্পতিবাৰে চীনে প্ৰায় ৭০ লাখ ডলাৰৰ জৰুৰীকালীন সাহায্য সামগ্ৰী, যেনে টেণ্ট, কম্বল আৰু খাদ্য যোগানৰ প্ৰতিশ্ৰুতি দিছে ।

লক্ষণীয় কথাটো হ'ল যে প্ৰায় ৪ দশক ধৰি যুদ্ধৰ মাজেৰে পাৰ হোৱা দেশখনৰ অৰ্থনৈতিক অৱস্থা অতি দুৰ্বল হৈ আছে । দেশখনৰ দুৰ্বল আন্তঃগাঁথনিয়ে জৰুৰীকালীন সঁহাৰিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে । ছেভ দ্য ছিলড্ৰেনে কয়, "এতিয়াও ভূমিস্খলনৰ ফলত বিচ্ছিন্ন হৈ পৰা গাঁওসমূহত সাহায্য লাভ কৰা নাই । তালৈ সাহায্য সামগ্ৰী কঢ়িয়াই নিয়াৰ বাহিৰে বেলেগ উপায় নাই । য'ত ঘণ্টাৰ পিছত ঘণ্টা সময় লাগিব ।"

বিশ্ব স্বাস্থ্য সংস্থাই সকীয়াই দিছে যে স্থানীয় স্বাস্থ্যসেৱাৰ সুবিধাসমূহ অতি দুৰ্বল হৈ আছে । জৰুৰীকালীন চিকিৎসা, ঔষধ আৰু কৰ্মচাৰীৰ নাটনিয়ে সেইবোৰক অচল কৰি ৰাখিছে । জীৱনদায়িনী স্বাস্থ্য সেৱা প্ৰদান আৰু মোবাইল স্বাস্থ্য সেৱা আৰু যোগান বিতৰণ সম্প্ৰসাৰণৰ বাবে সংস্থাটোৱে ৪ মিলিয়ন ডলাৰৰ আবেদন জনাইছে ।

ইফালে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ মুৰব্বী ফিলিপো গ্ৰেণ্ডীয়ে কয় যে পূব আফগানিস্তানত এই ভূমিকম্পই ৫ লাখতকৈ অধিক লোকক প্ৰভাৱিত কৰিছে ।

লগতে পঢ়ক :6.3 প্ৰাবল্যৰ ভূমিকম্পৰ বিধ্বংসী ৰূপ; নিহত হ’ল আঠ শতাধিক, 2500 লোক আহত হোৱাৰ ধাৰণা - AFGHANISTAN EARTHQUAKE