প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহে কোবাইছে সমগ্ৰ ইউৰোপক, গৰমৰ বাবে এথেন্সত বনজুই
ভংগ হৈছে পূৰ্বৰ সকলো অভিলেখ ৷ প্ৰয়োজন নহ’লে ঘৰৰ পৰা বাহিৰ নহ’বলৈ সাধাৰণ নাগৰিকক পৰামৰ্শ প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰসমূহে ৷

By ANI
Published : June 30, 2025 at 12:32 PM IST
মাদ্ৰিদ: সাধাৰণতে বছৰৰ অধিকাংশ সময়ে বৰফে আগুৰি ৰখা ইউৰোপত হ’বলৈ ধৰিছে জলবায়ু পৰিৱৰ্তন ৷ শীতৰ সলনি ইউৰোপত প্ৰভাৱ পৰিছে প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ ৷ বিশেষকৈ দক্ষিণ ইউৰোপত দেখা গৈছে গৰমৰ সৰ্বাত্মক প্ৰভাৱ ৷
শেহতীয়া দিনসমূহত ইউৰোপৰ উষ্ণতা সৰ্বাধিক ৪২ চেলছিয়াছ (১০৭.৬ ফাৰেনহাইট) লৈ বৃদ্ধি পায় ৷ আকস্মিকভাৱে হোৱা জলবায়ুৰ এই পৰিৱৰ্তনত দেশখনৰ স্বাভাৱিক জীৱনযাত্ৰাত ব্যাপক প্ৰভাৱ পৰে ৷
স্পেইনৰ ৰাজ্যিক বতৰ বিজ্ঞান কাৰ্যালয় এমেটে শুকুৰবাৰে সতৰ্কবাণী জাৰি কৰি কয় যে আহিবলগীয়া দিনসমূহত ইউৰোপৰ একাংশ অঞ্চল বিশেষকৈ দক্ষিণ অঞ্চলত তাপমাত্ৰা সৰ্বাধিক ৪২ চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷
এমেটে কয়, ‘‘দিন-ৰাতি দুয়ো সময়তে অধিক পৰিমাণে আৰু কিছুদিনলৈ অপৰিৱৰ্তিত ৰূপ উষ্ণতা বৃদ্ধিৰ সম্ভাৱনা আছে ৷ যিয়ে শাৰীৰিকভাৱে দুৰ্বল লোকৰ বাবে বিপদ মাতি আনিব পাৰে ৷’’
ইউৰোপৰ বিভিন্ন দেশত গ্ৰীষ্মপ্ৰবাহ
মাদ্ৰিদৰ স্বাস্থ্য মন্ত্ৰালয়েও গৰমৰ দিনত অতিৰিক্ত যত্ন ল’বলৈ সাধাৰণ লোকসকলক পৰামৰ্শ প্ৰদান কৰিছে ৷ বিশেষকৈ প্ৰয়োজন নহ’লে ৰ’দৰ পৰা আঁতৰি থাকিবলৈ, হাইড্ৰেটেড হৈ থাকিবলৈ আৰু বয়সস্থ, গৰ্ভৱতী বা দীৰ্ঘদিনে ৰোগত আক্ৰান্ত লোকসকলৰ শৰীৰৰ প্ৰতি বিশেষ যত্ন ল’বলৈ পৰামৰ্শ আগবঢ়াইছে ৷
দেওবাৰে অত্যন্ত গৰম আৰু গৰমৰ বাবে বনাঞ্চলত সংঘটিত হ’ব পৰা অগ্নিকাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি পৰ্তুগালৰ দুই-তৃতীয়াংশ অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছিল ৷ আনহাতে, লিছবনত সৰ্বাধিক তাপমাত্ৰা ৪২ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
মাৰ্চেইলৰ উষ্ণতা ৪০ ডিগ্ৰী চেলছিয়াছৰ ওচৰ চাপি অহাৰ লগে লগে ফ্ৰান্সৰ দ্বিতীয় বৃহত্তম চহৰখনৰ প্ৰশাসনে ভূমধ্যসাগৰীয় গ্ৰীষ্মপ্ৰবাহৰ পৰা হাত সাৰিবলৈ স্থানীয় বাসিন্দাসকলক সহায় আগবঢ়োৱাৰ সংকল্প লৈছে ৷ বিশেষকৈ ৰাজহুৱা চুইমিং পুলসমূহ জনসাধাৰণৰ বাবে বিনামূলীয়াকৈ মুকলি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে ৷
উত্তৰৰ মিলানৰ পৰা দক্ষিণৰ পালেৰ্মোলৈকে ইটালীৰ প্ৰায় ১৭ খন চহৰত বৰ্ধিত তাপমাত্ৰাৰ বাবে জাৰি কৰা হৈছিল ৰেড এলাৰ্ট ৷ ইটালীত গৰমে অভিলেখসংখ্যক ৩৯ ডিগ্ৰী চেলছিয়াছ (১২ ফাৰেনহাইট) ৰ ঘৰ স্পৰ্শ কৰে ৷ ৰোমত পৰ্যটকসকলে গৰমত ৰ’ব নোৱাৰি ২৫০০ টা ৰাজহুৱা ফোঁৱাৰাৰ পানীৰে নিজৰ দেহ শীতল কৰা দেখা গৈছিল ৷
আনহাতে, গ্ৰীচৰ উষ্ণতাই ৪০ চেলছিয়াছ স্পৰ্শ কৰাৰ সময়তে বৃহস্পতিবাৰে এথেন্সৰ দক্ষিণে এক বৃহৎ বনজুইৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ যাৰ বাবে গ্ৰীচৰ ৰাজধানী চহৰখনক পৰ্যটকৰ প্ৰধান আকৰ্ষণৰ স্থান হিচাপে খ্যাত প্ৰাচীন মন্দিৰ অৱ প’ছিডনৰ স্থান ছ’উনিয়নৰ সৈতে সংযোগ কৰা উপকূলীয় পথটোৰ কিছু অংশ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিবলৈ প্ৰশাসন বাধ্য হৈছিল ৷
মঙলবাৰৰ দিনটো জাৰ্মানীবাসীৰ বাবে বছৰৰ সৰ্বাধিক গৰমৰ দিন হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনা আছে ৷ এই দিনটোত উষ্ণতা প্ৰায় ৪০ চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ পূৰ্বানুমান কৰা হৈছে ।
অৱশ্যে ইউৰোপৰ জলবায়ু অনুমান কৰাতকৈ বহু বেছি গৰম হোৱাৰ সম্ভাৱনা আছে ৷ কাৰণ অধিক আৰ্দ্ৰতাই পৰিৱেশ শীতল কৰি ৰখাত অসুবিধাৰ সৃষ্টি কৰে ৷ আনকি নিশাৰ ভাগতো একাংশ অঞ্চলত তাপমাত্ৰা ২০ ডিগ্ৰী চেলছিয়াছৰ তললৈ নমাৰ কোনো সম্ভাৱনা দেখা পোৱা নাই, যাৰ বাবে নিশাৰ ভাগটো গৰম একেদৰেই থাকিব ৷
জাৰ্মান বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে ৰাইনলেণ্ড-পেলেটিনেটৰ বাড ন্যুনাহৰ-আহৰৱেইলাৰত দেশখনৰ সৰ্বোচ্চ উষ্ণতা ৩৫.৭ চেলছিয়াছ হোৱা বুলি ব্য়ক্ত কৰে । উত্তৰ-পূব দিশৰ কিছু কিছু অঞ্চলত তাপমাত্ৰা ৩৭ চেলছিয়াছ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰটোৱে, যিয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব ।
উত্তৰ আৰু বাল্টিক সাগৰৰ উপকূলৰ অধিকাংশ দেশতে গৰমক কেন্দ্ৰ কৰি জাৰি কৰা হৈছে সতৰ্কবাণী ৷ লেভেল ২ আৰু লেভেল ৩-ৰ সতৰ্কবাণীও বেডেন-উৰ্টেমবাৰ্গৰ কিছু অংশৰ বাবে জাৰি কৰা হৈছিল ৷ বিশেষকৈ ফ্ৰেইবাৰ্গৰ উত্তৰ-পূবত থকা শ্বৱেইগাউজেন আৰু অবেৰপ্ৰেক্টালৰ আশে-পাশে থকা অঞ্চলসমূহৰ বাবে এই সতৰ্কবাণী জাৰি কৰা হৈছিল ।
ইউৰোপীয় ইউনিয়নৰ কপাৰ্নিকাছ জলবায়ু নিৰীক্ষকে জনোৱা মতে, চলিত বৰ্ষত ইউৰোপত হোৱা জলবায়ুৰ পৰিৱৰ্তনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে ৷ বিশেষকৈ চলিত বৰ্ষৰ মাৰ্চ মাহটো সৰ্বাধিক উষ্ণ মাহ হিচাপে পৰিচিত হৈছে ৷ জলবায়ুৰ পৰিৱৰ্তনৰ ফলত ধুমুহা, খৰাং, বান আৰু গ্ৰীষ্মপ্ৰবাহকে ধৰি বতৰৰ ভিন্ন পৰিঘটনাসমূহ সঘনাই হোৱা বুলি দাবী কৰিছে বতৰ বিজ্ঞানীসকলে ৷
লগতে পঢ়ক: অসহনীয় গৰম ! দেহাটো শীতল কৰিবলৈ যাওঁ আহক ছামাৰ পাম ছ’চাইটিৰ মিনি ফৰেষ্টলৈ

