ইজৰাইলক লক্ষ্য কৰি য়েমেন বিদ্ৰোহীৰ মিছাইল নিক্ষেপ - Missile attack
Missile attack : ইজৰাইল আৰু হামাছৰ সংঘৰ্ষৰ মাজতে মধ্য ইজৰাইলত মিছাইল আক্ৰমণ । য়েমেনৰ বিদ্ৰোহী হুথি সংগঠনে এই আক্ৰমণ কৰে । হতাহতৰ খবৰ পোৱা হোৱা নাই । একে ধৰণৰ আক্ৰমণৰ হুংকাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ।

Published : September 16, 2024 at 11:00 AM IST
ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ : ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ অব্যাহত আছে । ইফালে ইজৰাইলৰ বিৰুদ্ধে য়েমেনৰ ইৰাণ সমৰ্থিত বিদ্ৰোহী আৰু হিজবুল্লাহেও অভিযান অব্যাহত ৰাখিছে । ইয়াৰ মাজতে য়েমেনৰ ইৰাণ সমৰ্থিত বিদ্ৰোহীয়ে মধ্য ইজৰাইলক লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰে ।
মিছাইলটো এক মুক্ত অঞ্চলত বিস্ফোৰণ হয় । দেওবাৰে পুৱতি নিশা মিছাইলটো বিস্ফোৰণ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান আক্ৰমণৰ চাইৰেন বাজি উঠে । এই আক্ৰমণৰ পিচত ইজৰাইলে ইংগিত দিছে যে ই সামৰিকভাৱে সঁহাৰি দিব ।
- ইজৰাইলত মিছাইল আক্ৰমণ
মিছাইল আক্ৰমণৰ ফলত কোনো হতাহত বা ডাঙৰ ক্ষতিৰ খবৰ পোৱা হোৱা নাই । ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা ফটোত মধ্য ইজৰাইলৰ গ্ৰামাঞ্চলত জুই লগা দেখা গৈছে । স্থানীয় সংবাদ মাধ্যমসমূহে কেন্দ্ৰীয় চহৰ মোডিনৰ এটা ৰে'ল ষ্টেচনৰ এস্কেলেটৰত পৰি থকা এটা ইণ্টাৰচেপ্টাৰৰ টুকুৰা সদৃশ বস্তু দেখুৱাইছে । ইজৰাইলৰ সেনাই দাবী কৰা মতে মিছাইলটো ইজৰাইলৰ প্ৰতিৰক্ষা প্ৰণালীৰ দ্বাৰা প্ৰতিৰোধ কৰা হৈছিল ।
উল্লেখ্য যে, ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ মাজত গাজাত যুদ্ধ আৰম্ভ হোৱাৰ পিচৰে পৰা য়েমেনৰ বিদ্ৰোহীয়ে (হুথি) বাৰে বাৰে ইজৰাইলৰ ওপৰত ড্ৰোণ আৰু মিছাইল নিক্ষেপ কৰিছে ।
জুলাই মাহত হুথি উগ্ৰপন্থীয়ে নিক্ষেপ কৰা ইৰাণত নিৰ্মিত ড্ৰোণে তেল আভিভত আক্ৰমণ কৰে, যাৰ ফলত এজন লোক নিহত হয় আৰু আন ১০ জন আহত হয় । ইজৰাইলে হুথিৰ দুৰ্গ হোদেইদাহ বন্দৰ চহৰকে ধৰি য়েমেনৰ হুথি অধিকৃত অঞ্চলসমূহত বিমান আক্ৰমণেৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ।
- অনুৰূপ আক্ৰমণৰ ইংগিত ইজৰাইলৰ
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দেওবাৰৰ আক্ৰমণৰ পিচতে কেবিনেট বৈঠকত একে ধৰণৰ প্ৰতিক্ৰিয়াৰ ইংগিত দিছে । তেওঁ কয়, "হুথিসকলে এতিয়ালৈকে জানিব লাগিছিল যে আমাক ক্ষতি কৰাৰ যিকোনো প্ৰচেষ্টাৰ বাবে আমি যিকোনো পৰ্যায়লৈ যাব পাৰো । যিকোনো লোকক স্মৰণৰ প্ৰয়োজন হ'লে হোদেইদাহ বন্দৰলৈ যাবলৈ আমন্ত্ৰণ জনোৱা হ'ল ।"
ইফালে বিদ্ৰোহীৰ এগৰাকী সামৰিক মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল য়াহিয়া চাৰীয়ে কয় যে তেওঁলোকে তেল আভিভ অঞ্চলত এক বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ।
লগতে পঢ়ক :ইজৰাইল আৰু হামাছৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ ফিলাডেলফি কৰিডৰ ? - Philadelphi Corridor

