তেহৰাণ (ইৰাণ) : হঠাৎ শুনিবলৈ পোৱা গ'ল এটা বিস্ফোৰণৰ শব্দ । চাৰিওফালে দেখা গ'ল কেৱল ধোঁৱা আৰু জুই । দক্ষিণ ইৰাণৰ এটা বন্দৰত শনিবাৰে সংঘটিত হয় এই বিস্ফোৰণ । এই বিস্ফোৰণৰ ফলত হোৱা এক অগ্নিকাণ্ডত 14 জনৰ মৃত্যু হোৱাৰ লগতে কমেও 750 জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে ।
এই তথ্য দি ৰাজ্যিক টেলিভিছনে জনোৱা মতে, বান্দৰ আব্বাছৰ ঠিক বাহিৰত থকা ইছলামিক ৰিপাব্লিকৰ বাবে এটা ডাঙৰ কণ্টেইনাৰ চালান কেন্দ্ৰ ৰাজই বন্দৰত এই বিস্ফোৰণ সংঘটিত হয় । ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা ভিডিঅ’ত বিস্ফোৰণৰ পিছত ক’লা ধোঁৱা ওলাই অহা দেখা গৈছে । অৱশ্যে এই বিস্ফোৰণৰ কোনো কাৰণ এতিয়াও উল্লেখ কৰা নাই কৰ্তৃপক্ষই ।
Iran - Bandar Abbas
— ScharoMaroof (@ScharoMaroof) April 26, 2025
Huge explosion reported at the piers of Bandar Abbas.
Shockwave was felt throughout the entire city.
Sudden and big explosion at the harbour, similarities to the Beirut explosion where fertiliser used for improvised explosives and fuel suddenly exploded. pic.twitter.com/wHEAe9osk9
এই সন্দৰ্ভত প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা বিষয়া মেহৰদাদ হাছানজাদেহে ইৰাণৰ চৰকাৰী টেলিভিছনৰ আগত কয় যে বিস্ফোৰণত কিছু লোক আহত হৈছে যদিও তেওঁ সবিশেষ প্ৰকাশ কৰা নাই । তেওঁ কয় যে প্ৰথম উদ্ধাৰকাৰী দলে অঞ্চলটোত উপস্থিত হোৱাৰ পিছতে সকলোকে উদ্ধাৰ কৰাৰ বাবে চেষ্টা চলাই আছে । লগতে বহু উদ্ধাৰকাৰী উক্ত ঠাইডোখৰ খালী কৰাৰ বাবেও চেষ্টা চলাইছে ।
মহানগৰীৰ ৰাজই বন্দৰত কণ্টেইনাৰত বিস্ফোৰণ সংঘটিত হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে । ৰাজই বন্দৰে মূলতঃ কণ্টেইনাৰ যাতায়ত চম্ভালে আৰু ইয়াৰ উপৰিও তেলৰ টেংকি আৰু অন্যান্য পেট্ৰ’কেমিকেলৰ সুবিধাও আছে । ইৰাণৰ ৰাজধানী তেহৰাণৰ পৰা প্ৰায় ১০৫০ কিলোমিটাৰ (৬৫২ মাইল) দক্ষিণ-পূবে পাৰ্চী উপসাগৰৰ সংকীৰ্ণ মুখ হৰমুজত অৱস্থিত এই ৰাজই বন্দৰ ।
ইৰাণ আৰু আমেৰিকাই শনিবাৰে ওমানত তেহৰাণৰ দ্ৰুতগতিত সম্প্ৰসাৰিত পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত তৃতীয় ৰাউণ্ডৰ আলোচনাৰ বাবে বৈঠকত মিলিত হোৱাৰ সময়তে এই বিস্ফোৰণ ঘটিছে ।