ETV Bharat / international

ছুদানৰ দাৰফুৰত ভূমিস্খলনত ধ্বংস এখন গাঁও, নিহত হাজাৰৰো অধিক লোক

ভূমিস্খলনৰ ভয়নাক ৰূপ ছুদানৰ দাৰফুৰত । ধ্বংসস্তুপত পৰিণত এখন গাঁও । প্ৰাণ হেৰুৱালে হাজাৰৰো অধিক লোকে ।

A Landslide In Sudan's Darfur Wipes Out A Village, Killing More Than 1,000 People
ছুদানৰ দাৰফুৰত ভূমিস্খলনত ধ্বংস এখন গাঁও (IANS)
author img

By ETV Bharat Assamese Team

Published : September 2, 2025 at 1:38 PM IST

2 Min Read
Choose ETV Bharat

কাৰিয়া: এটা ভূমিস্খলনে ছুদানৰ পশ্চিম অঞ্চলৰ এখন গাঁও সম্পূৰ্ণৰূপে ধ্বংস কৰে, য'ত প্ৰায় ১০০০ গৰাকী লোকে প্ৰাণ হেৰুৱায় । যি আফ্ৰিকাৰ ইতিহাসত বৰ্তমানলৈ আটাইতকৈ ঘাতক প্ৰাকৃতিক দুৰ্যোগ হিচাপে পৰিগণিত হৈছে । অঞ্চলটোৰ এটা বিদ্ৰোহী সংগঠনে সোমবাৰে এই কথা সদৰী কৰে । দেওবাৰে দাৰফুৰত মাৰাহ পাহাৰত হোৱা ধাৰাসাৰ ভূমিস্খলনৰ ফলত গাঁওখন সম্পূৰ্ণৰূপে ধ্বংস হয় ।

ছুদান লিবাৰেশ্যন মুভমেণ্টৰ সেনাই এক বিবৃতিত কয়,"প্ৰাৰম্ভিক তথ্য অনুসৰি গাঁওখনৰ নিবাসীসকলৰ প্ৰায় হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে । সংযুক্ত ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সহায়তাত মৃতদেহসমূহ সৎকাৰ কৰা হয় ।"

এই দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ছুদান, ভয়ানক নাকৰিক যুদ্ধই ছুদাক আৱৰি থকাৰ সময়তে সংঘটিত হৈছে এই বিধ্বংসী দুৰ্ঘটনা । যিখন যুদ্ধ ৰাজধানী খাৰটুম আৰু অন্যান্য স্থানত ২০২৩ চনৰ এপ্ৰিল মাহত দেশৰ সেনাৰ আৰু তাৎক্ষণিক সহায়ক দলৰ সৈতে আৰম্ভ হৈছিল ।

মাৰাহ পাহাৰত আছে এক জ্বালামুখী, যি এল ফাশৌৰৰ দক্ষিণ-পশ্চিমৰ ১৬০ কিঃমিঃ লৈকে বিয়পি আছে । সেই অঞ্চল সেনা আৰু RSFৰ সংঘৰ্ষৰ কেন্দ্ৰস্থলী হিচাপে বিবেচিত । এই অঞ্চলটো যুদ্ধৰ পৰিপ্ৰেক্ষিতত নিৰাপদ স্থানৰ সন্ধানত থকা লোকসকলৰ কেন্দ্ৰ হিচাপেও বিবেচিত ।

দেওবাৰে হোৱা ভূমিস্খলন ছুদানৰ ইতিহাসত বৰ্তমানলৈ আটাইতকৈ ঘাতক প্ৰাকৃতিক দুৰ্যোগ হিচাপেও বিবেচিত হৈছে । ইয়াৰ পূৰ্বেও প্ৰতিবছৰে গ্ৰীষ্মকালীন বৰষুণ আৰু বানত বহুলোকে প্ৰাণ হেৰুৱাই আহিছে । বৰ্তমানো ভূমিস্খলনৰ ফলত নিখোজ হোৱাসকলৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান । চিনাক্ত কৰা মৃতদেহসমূহ চমজাই দিয়া হৈছে পৰিয়াল তথা আত্মীয়-স্বজনক ।

লগতে পঢ়ক: অৱশেষত অশান্তিৰ আঢ়ৈ বছৰৰ মূৰত মণিপুৰলৈ যাব ওলাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদী - PM MODI

প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা উদ্বোধন ছেমিকন ইণ্ডিয়া ২০২৫; ৩৫০টাতকৈও অধিক কোম্পানীৰ অংশগ্ৰহণ - SEMICON INDIA 2025