ETV Bharat / international

পাকিস্তানত আত্মঘাতী বোমা বিস্ফোৰণ;২৪ গৰাকী লোক নিহত

Bomb blast in Pakistan: বেলুচিস্তানৰ ৰে'ল ষ্টেচনত ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণ । ২৪ গৰাকী লোক নিহত । আহত লোকৰ সংখ্যা বৃদ্ধিৰ আশংকা ।

Bomb blast in Pakistan
পাকিস্তানত আত্মঘাতী বিস্ফোৰণ;২৪ গৰাকী লোক নিহত (AP)
author img

By PTI

Published : November 9, 2024 at 5:56 PM IST

2 Min Read
Choose ETV Bharat

ইছলামাবাদ : পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশত ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণ । প্ৰদেশৰ এটা ৰে'ল ষ্টেচনত শনিবাৰে সংঘটিত বোমা বিস্ফোৰণটোত প্ৰায় ২৪ গৰাকী লোক নিহত হয় । লগতে ৪৬ গৰাকী আহত হোৱা বুলি জানিব পৰা গৈছে ।

আত্মঘাতী বোমা বিস্ফোৰণ

পুৱা ৯ মান বজাত পেছাৱাৰ অভিমুখে ৰাওনা হ'বলগীয়া জাফৰ এক্সপ্ৰেছ ৰে'লখনে যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে যাত্ৰীসকল প্লেটফৰ্মত সমবেত হৈছিল । সেই সময়তে প্ৰাদেশিক ৰাজধানী কোৱেটাৰ ৰে'ল ষ্টেচনটোত বিস্ফোৰণটো সংঘটিত হয় । কোৱেটা ডিভিজনৰ আয়ুক্ত হামজা শ্বাফকাতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এয়া এক আত্মঘাতী আক্ৰমণ আছিল আৰু বিস্ফোৰণটোত ২৪ গৰাকী লোক নিহত হয় ।

আয়ুক্তগৰাকীয়ে জনোৱা মতে আত্মঘাতী বোমাৰুৱে বেগ লৈ ষ্টেচনত প্ৰৱেশ কৰিছিল । ইফালে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ বিচ্ছিন্নতাবাদী গ্ৰুপ বেলুচ লিবাৰেচন আৰ্মীয়ে (বিএলএ) । বিএলএয়ে অভিযোগ কৰিছে যে চৰকাৰে প্ৰদেশৰ উন্নয়নক অৱহেলা কৰাৰ লগতে বেলুচিস্তানৰ সম্পদৰ শোষণ কৰিছে । অৱশ্যে, চৰকাৰে এই অভিযোগবোৰ খাৰিজ কৰে আৰু দাবী কৰে যে বিদেশী শক্তিবোৰে এনে বিচ্ছিন্নতাবাদী সংগঠনবোৰক বিপথে পৰিচালিত কৰি আছে ।

অপাৰেচনৰ এছএছপি মহম্মদ বালোচেও প্ৰাৰম্ভিক তদন্তত এয়া এক সম্ভাৱ্য আত্মঘাতী বিস্ফোৰণ বুলি সন্দেহ কৰিছে । তেওঁ উল্লেখ কৰা মতে এই আক্ৰমণত ২১ গৰাকী লোকৰ মৃত্যু নিশ্চিত হৈছে যদিও আহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

প্ৰাদেশিক চৰকাৰৰ মুখপাত্ৰ শ্বাহিদ ৰিণ্ডে জনোৱা মতে উদ্ধাৰকাৰী দল আৰু প্ৰশাসনৰ লোকসকল তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় । মৃতদেহবোৰ উদ্ধাৰ কৰাৰ লগতে আহত লোকসকলক কোৱেটাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । চিকিৎসালয়খনতো জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় আৰু আহতসকলৰ চিকিৎসাৰ বাবে অতিৰিক্ত চিকিৎসা কৰ্মচাৰী নিয়োগ কৰা হয় । হাস্পতালৰ বিষয়াসকলে কোৱা মতে এতিয়ালৈকে ৪৬ গৰাকী আহতক স্থানান্তৰ কৰা হৈছে ।

মুখ্যমন্ত্ৰীৰ গৰিহণা

ইফালে বেলুচিস্তানৰ মুখ্যমন্ত্ৰী ছাৰফৰাজ বুগতিয়ে এই আক্ৰমণক গৰিহণা দিছে আৰু তাৎক্ষণিক তদন্তৰ নিৰ্দেশ দিছে । তেওঁ কয় যে সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিক, শ্ৰমিক, মহিলা আৰু শিশুসকলক লক্ষ্য কৰি আহিছে । দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তিৰো প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে পাকিস্তানৰ বিশেষকৈ বেলুচিস্তান আৰু খাইবাৰ পাখতুনখোৱা প্ৰদেশত সন্ত্ৰাসবাদ সম্পৰ্কীয় ঘটনা যথেষ্ট বৃদ্ধি পাইছে । তাৰ মাজতে এই আত্মঘাতী আক্ৰমণে পুনৰ এবাৰ দেশখনৰ সাধাৰণ নাগৰিকসকলক উদ্বিগ্ন কৰি তুলিছে ।

লগতে পঢ়ক :কানাডাৰ হিন্দু মন্দিৰত আক্ৰমণক গৰিহণা পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ