ETV Bharat / international

অৰ্থনীতিৰ নোবেল বঁটা ঘোষণা : জোৱেল মকিৰ, ফিলিপ অঘিয়ন আৰু পিটাৰ হাউইটক সন্মান জনোৱা হয়

''উদ্ভাৱন-চালিত অৰ্থনৈতিক বৃদ্ধিৰ ব্যাখ্যা দিয়াৰ বাবে'' ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ২০২৫চনৰ অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰে জোৱেল মোকিৰ, ফিলিপ অঘিয়ন আৰু পিটাৰ হাউইটক ।

2025 Nobel Economics Prize goes to Mokyr,
২০২৫ চনৰ নোবেল অৰ্থনীতি বঁটা ঘোষণা (@NobelPrize X)
author img

By ANI

Published : October 13, 2025 at 6:49 PM IST

2 Min Read
Choose ETV Bharat

ষ্টকহ’ম (ছুইডেন): সোমবাৰে ঘোষণা কৰা হ'ল অৰ্থনীতিৰ নোবেল বঁটা ২০২৫ । এইবাৰ অৰ্থনীতিৰ নোবেল বঁটা জোৱেল মকিৰ, ফিলিপ অঘিয়ন, পিটাৰ হাউইটক প্ৰদান কৰা হয় । ''উদ্ভাৱন-চালিত অৰ্থনৈতিক বৃদ্ধিৰ ব্যাখ্যা দিয়াৰ বাবে'' ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ২০২৫ চনৰ অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে জোৱেল মোকিৰ, ফিলিপ অঘিয়ন আৰু পিটাৰ হাউইটক ।

একেটা ধাৰাতে নোবেল কমিটীয়ে কয় যে মকিৰে “এইটো পদৰ্শিত কৰিছিল যে উদ্ভাৱনক এক স্ব-উৎপাদক প্ৰক্ৰিয়াত ইটোৱে সিটোক উত্তৰাধিকাৰী বনোৱা হয়, তেন্তে আমি কেৱল এইটো জানিব লাগিব যে কোনো বস্তুৱে কেনেকৈ কাম কৰে, লগতে কিয় কাম কৰে সেই কথাও জানিব লাগিব ।”

অঘিয়ন আৰু হাউইটেও বহনক্ষম বৃদ্ধিৰ আঁৰৰ ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰিছিল । ইয়াৰ ভিতৰত ১৯৯২ চনৰ এটা প্ৰবন্ধও আছিল, য’ত তেওঁলোকে সৃষ্টিশীল ধ্বংস নামৰ গাণিতিক আৰ্হি এটা প্ৰস্তুত কৰিছিল । ইয়াৰ দ্বাৰা কোৱা হৈছে যে যেতিয়া কোনো নতুন আৰু উন্নত সামগ্ৰী বজাৰত প্ৰৱেশ কৰে, তেতিয়া পুৰণি সামগ্ৰী বিক্ৰী কৰা কোম্পানীসমূহে লোকচানৰ সন্মুখীন হয় ।

অৰ্থনৈতিক বিজ্ঞান বঁটা সমিতিৰ অধ্যক্ষ হাছলাৰে কয় যে বঁটা বিজয়ীসকলৰ কামে প্ৰমাণ কৰে যে অৰ্থনৈতিক বৃদ্ধিক সহজভাৱে ল’ব নোৱাৰি । "আমি সৃষ্টিশীল ধ্বংসৰ মৌলিক ব্যৱস্থাসমূহ বজাই ৰাখিব লাগিব যাতে আমি পুনৰ স্থবিৰতাত নপৰো ।"

যোৱা বছৰৰ অৰ্থনীতিৰ নোবেল বঁটা তিনিজন অৰ্থনীতিবিদক প্ৰদান কৰা হৈছিল : ডেৰন এচেমোগ্লু, চাইমন জনছন আৰু জেমছ এ ৰবিনছন, যিয়ে কিছুমান দেশ কিয় ধনী আৰু আন কিছুমান দৰিদ্ৰ সেই বিষয়ে অধ্যয়ন কৰিছিল । তেওঁলোকে নথিভুক্ত কৰিছিল যে অধিক মুক্ত, মুকলি সমাজৰ সমৃদ্ধিৰ সম্ভাৱনা বেছি ।

2025 Nobel Economics Prize goes to Mokyr,
২০২৫ চনৰ নোবেল অৰ্থনীতি বঁটা ঘোষণা (ANI)

অৰ্থনীতিৰ নোবেল বঁটাক আনুষ্ঠানিকভাৱে "আলফ্ৰেড নোবেলৰ স্মৃতিত অৰ্থনীতিৰ বেংক অৱ ছুইডেন বঁটা" বুলি জনা যায় । ১৯৬৮ চনত কেন্দ্ৰীয় বেংকে ১৯৬৮ চনত ডাইনামাইট আৱিষ্কাৰ কৰি পাঁচটা নোবেল বঁটা প্ৰতিষ্ঠা কৰা ১৯ শতিকাৰ ছুইডেনৰ ব্যৱসায়ী আৰু ৰসায়নবিদ আলফ্ৰেড নোবেলৰ স্মৃতিত স্থাপন কৰিছিল ।

লগতে পঢ়ক : ভেনিজুৱেলাৰ মানৱ অধিকাৰ কৰ্মী মাৰিয়া ক'ৰিনা মাচাডোলৈ শান্তিৰ নোবেল

লগতে পঢ়ক : নোবেল শান্তি বঁটা আৰু অলিম্পিক পদক অৰ্জন কৰা একমাত্ৰ খেলুৱৈ, জানো আহক তেওঁৰ বিষয়ে...