ইছলামাবাদ: ভাৰত-পাকিস্তানৰ সামৰিক সংঘৰ্ষ বৰ্তমান সময়ত স্থগিত হৈছে যদিও পাকিস্তানে প্ৰতিদিনে প্ৰকাশ কৰি আহিছে বিভিন্ন তথ্য । শেহতীয়া সামৰিক সংঘৰ্ষত পাকিস্তানী সেনাৰ ক্ষয়-ক্ষতিৰ খতিয়ান প্ৰকাশ কৰে পাকিস্তানে । মঙলবাৰে পাকিস্তানে এক বিবৃতিত ভাৰতৰ সৈতে হোৱা সামৰিক সংঘৰ্ষত পাকিস্তানৰ 11 জন সেনা জোৱান নিহত হোৱাৰ লগতে 78 জন জোৱান আহত হোৱা বুলি উল্লেখ কৰে ।
এক বিবৃতিত পাকিস্তানৰ সেনা বাহিনীয়ে প্ৰকাশ কৰে 6-7 মে'ৰ নিশা ভাৰতৰ দ্বাৰা চলোৱা আক্ৰমণত 40 জন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে 121 গৰাকী নাগৰিক আহত হৈছিল । ভাৰত আৰু পাকিস্তানৰ সীমান্তৰ পৰা চাৰিদিন ধৰি হোৱা ড্ৰোণ আৰু মিছাইল আক্ৰমণৰ পাছত শনিবাৰে এক বুজাবুজিত উপনীত হয় ।
পাকিস্তানী সেনাই প্ৰকাশ কৰে যে মাতৃভূমিক ৰক্ষা কৰিবলৈ গৈ সশস্ত্ৰ বাহিনীৰ 11 জন জোৱানে প্ৰাণ হেৰুৱাই আৰু 78 জন আহত হয় । নিহতসকলৰ ভিতৰত আছে পাকিস্তানী বায়ুসেনাৰ স্কোৱাডেন লীডাৰ ওছমান ইউছুফ, চীফ টেকনিচিয়ান ঔৰংগজেৱ, চিনিয়ৰ টেকনিচিয়ান নাজীব, ক'ৰ্পৰেল টেকনিচিয়ান ফাৰুক আৰু চিনিয়ৰ টেকনিচিয়ান মুছাবিৰ । এই আক্ৰমণত নিহত সেনা জোৱানসকলৰ ভিতৰত নায়ক আব্দুল ৰহমান, লেন্স নায়ক দিলাৱাৰ খান, লেন্স নায়ক ইক্ৰামুল্লাহ, নায়ক ৱাকাৰ খালিদ, চিপাহী মহম্মদ আদিল আকবৰ আৰু চিপাহী নিছাৰ অন্যতম ।
বিবৃতিটোত কয়, "পাকিস্তানী সশস্ত্ৰ বাহিনীয়ে 'মাৰ্কা-ই-হক'ৰ বেনাৰত অপাৰেশ্যন বুন্যায়ান-উন মাৰ্ছুছৰ জৰিয়তে উচিত প্ৰত্যুত্তৰ দিছিল ।" আনহাতে, 6-7 মে’ৰ নিশা ভাৰতৰ আক্ৰমণত 7 গৰাকী মহিলা আৰু 15 টা শিশুসহ 40 জন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে 121 জন লোক আহত হোৱা বুলিও সেনাই দাবী কৰে ।
পাকিস্তানৰ সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ জনসাধাৰণৰ সৈতে একলগ হৈ নিহত সাধাৰণ নাগৰিক আৰু সেনা জোৱানসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । "পাকিস্তানৰ সাৰ্বভৌমত্ব, অখণ্ডতাৰ প্ৰতি অহা যিকোনো প্ৰত্যাহ্বানে দ্ৰুত আৰু উচিত প্ৰত্যুত্তৰ পাব, ইয়াত কোনো অস্পষ্টতা নাই ।" বিবৃতিটোত কোৱা হয় ।