পশ্চিম তীৰৰ পৰা ইজৰাইললৈ ঘূৰাই অনা হ'ল ১০ ভাৰতীয় শ্ৰমিক
এম ই এৰ মুখপাত্ৰ জয়ছোৱালে কয় যে ইজৰাইলৰ ভাৰতীয় দূতাবাসে বিষয়টো সন্দৰ্ভত ইজৰাইলী কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে।

Published : March 8, 2025 at 10:53 AM IST
নতুন দিল্লী : পেলেষ্টাইনৰ পশ্চিম তীৰত নিৰুদ্দেশ হোৱা ১০ ভাৰতীয় শ্ৰমিকক ইজৰাইললৈ লৈ যোৱা হৈছে । শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই কথা প্ৰকাশ কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই কথা প্ৰকাশ কৰিছে । তেওঁ লগতে কয় যে ইজৰাইলী কৰ্তৃপক্ষই ভাৰতীয়সকলক বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল ।
"তেওঁলোকৰ অৱস্থান পশ্চিম তীৰত পোৱা যায়... তেওঁলোকক বৰ্তমান ইজৰাইললৈ ঘূৰাই অনা হৈছে । তেওঁলোকে কেনেকৈ তালৈ (পশ্চিম তীৰলৈ) গৈছিল সেই বিষয়ে অনুসন্ধান আৰম্ভ কৰা হৈছে ।" এক সাপ্তাহিক মিডিয়া ব্ৰিফিঙৰ সময়ত এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় । জয়ছোৱালে লগতে কয় যে ইজৰাইলৰ ভাৰতীয় দূতাবাসে বিষয়টো সন্দৰ্ভত ইজৰাইলী কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে ।
"আমাৰ দূতাবাসে ইজৰাইলী কৰ্তৃপক্ষৰ সৈতে এই ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ বাবে যোগাযোগ কৰি আছে... পশ্চিম তীৰলৈ যোৱা ১০ জন ভাৰতীয় নাগৰিকৰ আটাইকেইজনে ইজৰাইলত আছে আৰু তেওঁলোকৰ ভালদৰে চোৱাচিতা কৰা হৈছে ।" তেওঁ কয় ।
ইয়াৰ পূৰ্বে ইজৰাইলী কৰ্তৃপক্ষই জনাইছিল যে পেলেষ্টাইনীসকলে ভাৰতীয় শ্ৰমিকসকলক কাম প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰে পশ্চিম তীৰৰ আল-জায়েম গাঁৱলৈ প্ৰলোভিত কৰে আৰু তাৰ পিছত তেওঁলোকৰ পাছপোৰ্ট জব্দ কৰি ইজৰাইলত প্ৰৱেশ কৰিবলৈ সেইবোৰ ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছিল ।
টাইমছ অব ইজৰাইলেৃৰ পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰিছিল যে ইজৰাইল প্ৰতিৰক্ষা বাহিনী (আই ডি এফ) আৰু ন্যায় মন্ত্ৰণালয়ে ইজৰাইললৈ নিৰ্মাণকাৰ্যত কাম কৰিবলৈ যোৱা শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ নিশাটোৰ ভিতৰতে অভিযান চলায় । শ্ৰমিকসকলক তেওঁলোকৰ নিযুক্তিৰ স্থিতি নিৰ্ধাৰণ নোহোৱালৈকে এক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে ।

