ETV Bharat / health

এই কাৰণত হ’বলৈ ধৰিছে শিশুৰ চকুৰ ক্ষতি: চিকিৎসকৰ পৰাই জানক কেনেকৈ ল’ব শিশুৰ চকুৰ যতন

প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতিবাৰে বিশ্ব দৃষ্টি দিৱস পালন কৰা হয়, এইবাৰ এই বিশেষ দিৱস 9 অক্টোবৰত পালন কৰা হৈছে-

WORLD SIGHT DAY 2025
এই কাৰণত হ’বলৈ ধৰিছে শিশুৰ চকুৰ ক্ষতি: চিকিৎসকৰ পৰাই জানক কেনেকৈ ল’ব শিশুৰ চকুৰ যতন (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : October 9, 2025 at 1:21 PM IST

4 Min Read
Choose ETV Bharat

আমাৰ চকুযুৰি আমাৰ সংবেদনশীল অংগসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়, কিয়নো ই আমাক সমগ্ৰ পৃথিৱীৰ সৈতে পৰিচয় কৰাই দিয়ে(World Sight Day 2025) । আমাৰ চকুযুৰিক আমাৰ শৰীৰৰ আটাইতকৈ সংবেদনশীল অংগ বুলি গণ্য কৰা হয় কিয়নো এইবোৰত সামান্য সমস্যা হ’লেও দৃষ্টিশক্তি দুৰ্বল কৰাই নহয় কেতিয়াবা আমাৰ দৃষ্টিশক্তিও হেৰুওৱাবলগীয়া হ’ব পাৰে ।

বিশ্বজুৰি প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতিবাৰে বিশ্ব দৃষ্টি দিৱস পালন কৰা হয়(World Sight Day Theme 2025), যাৰ উদ্দেশ্য হৈছে দৃষ্টিশক্তি হেৰুৱাৰ কাৰণ, চকুৰ বিভিন্ন ৰোগ আৰু ইয়াৰ যত্নৰ সৈতে জড়িত বিষয়সমূহৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এই দিনটো পালন কৰা হয় । এইবাৰ এই বিশেষ দিৱসটো 9 অক্টোবৰত #love your eyes শীৰ্ষক বিষয়ত পালন কৰা হৈছে(love your eyes theme)।

বৰ্তমানৰ ডিজিটেল যুগত স্মাৰ্টফোন, টেবলেট, কম্পিউটাৰ কেৱল প্ৰাপ্তবয়স্কৰ জীৱনৰ অংশই নহয়, বৃদ্ধ তথা শিশুৰো জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে ৷ পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি মনোৰঞ্জনলৈকে সকলো কামতে স্ক্ৰীণৰ ব্যৱহাৰ বৃদ্ধি পাইছে ৷ প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰে শিশুৰ বাবে নতুন সুযোগ মুকলি কৰি দিয়াৰ বিপৰীতে ই তেওঁলোকৰ চকুৰ স্বাস্থ্যৰ বাবেও এক চিন্তাৰ কাৰণ হৈ পৰিছে (Children's Eye Care) ৷

দৰাচলতে ম’বাইল, লেপটপৰ স্ক্ৰীণত একেৰাহে দীৰ্ঘ সময় ধৰি চাই থাকিলে ডিজিটেল চকুত চাপ বৃদ্ধি পোৱা, চকু শুকান হোৱা, দৃষ্টিশক্তি ম্লান হোৱা, আনকি মাইঅ’পিয়াৰ দৰে সমস্যাও হ’ব পাৰে ৷ সন্তানৰ বহুমূলীয়া চকুৰ যত্ন ল'ব লাগে পিতৃ-মাতৃয়ে ৷ এই বিষয়ে ডাঃ মহিপাল সিং সচদেৱ (চেণ্টাৰ ফৰ চাইট গ্ৰুপ অৱ আই হস্পিতালৰ অধ্যক্ষ আৰু চিকিৎসা সঞ্চালক)ৰ পৰাই জানো আহক-

স্ক্ৰীণৰ সময় পৰিচালনাৰ বাবে নিয়ম

শিশুৰ চকুযুৰিক সুৰক্ষিত ৰখাৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল স্ক্ৰীণৰ পৰা মাজে মাজে বিৰতি লোৱা ৷ ‘২০-২০-২০ নিয়ম’ৰ জৰিয়তে প্ৰতি ২০ মিনিটৰ মূৰে মূৰে শিশুটিয়ে কমেও ২০ ছেকেণ্ডৰ বাবে ২০ ফুট (প্ৰায় ৬ মিটাৰ) দূৰত্বৰ কিবা এটাৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিব লাগে ।

এই অভ্যাসৰ দ্বাৰা চকুৰ পেশীবোৰ শিথিল হয় আৰু ই শিশুটিৰ চকুত কোনো চাপ পৰিবলৈ নিদিয়ে ৷ লগতে শিশুসকলক সঘনাই চকু টিপিয়াবলৈ উৎসাহিত কৰক, কিয়নো যেতিয়া আমি অজানিতে স্ক্ৰীণ চাই থাকোঁতে কমকৈ চকু টিপিয়াই চাওঁ তেন্তে আমাৰ চকু অতি সোনকালে আমাৰ চকুযুৰি শুকাই যাব পাৰে ৷

সঠিক ভংগীমা আৰু স্ক্ৰীণৰ দূৰত্বৰ প্ৰতি গুৰুত্ব

  • শিশুৰ চকুৰ স্বাস্থ্যৰ বাবে সঠিক ভংগিমা আৰু স্ক্ৰীণৰ দূৰত্ব বজাই ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ ৷
  • শিশুৰ মুখৰ পৰা প্ৰায় ১৮ৰ পৰা ২৪ ইঞ্চি দূৰত্বৰ পৰাহে স্ক্ৰীণখন ৰাখিব লাগে ৷
  • স্ক্ৰীণখন সদায় চকুৰ সমতলত থাকিব লাগে ৷ ইয়াৰ ফলত ডিঙি আৰু চকু দুয়োটাতে চাপ কমকৈ পৰে ৷
  • কোঠাটোৰ পোহৰৰ সৈতে স্ক্ৰীণৰ উজ্জ্বলতাক সমন্বয় কৰক ৷ অত্যধিক বা কম পোহৰে চকুত চাপ বৃদ্ধি কৰিব পাৰে ৷ গ্লেয়াৰ প্ৰতিৰোধ কৰিবলৈ এন্টি-গ্লেয়াৰ স্ক্ৰীণ প্ৰটেক্টৰ ব্যৱহাৰ কৰিব পাৰে ৷
  • স্মাৰ্টফোন আৰু কম্পিউটাৰত নীলা পোহৰৰ পৰা বাচিবলৈ ফিল্টাৰ বা ‘নাইট মোড’ ব্যৱহাৰ কৰিলেও ক্ষতিকাৰক নীলা পোহৰৰ সংস্পৰ্শ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে ৷

বাহিৰৰ সময় আৰু নিয়মীয়া পৰীক্ষা

বাহিৰত সময় কটালে মাইঅ’পিয়াৰ আশংকা হ্ৰাস কৰাত সহায় কৰে ৷ প্ৰাকৃতিক পোহৰে চকুৰ সুস্থ বিকাশত অৰিহণা যোগায় ৷ গতিকে বতৰ যিয়েই নহওক কিয়, দৈনিক কমেও এঘণ্টা বাহিৰত খেলিবলৈ শিশুসকলক উৎসাহিত কৰিব লাগে ৷

ইয়াৰ উপৰিও পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ বাবে নিয়মীয়াকৈ চকুৰ পৰীক্ষাৰ সময় নিৰ্ধাৰণ কৰিব লাগে ৷ যদি কোনো শিশুৰ চকুৰ অস্বস্তি, মূৰৰ বিষ, বা দৃষ্টিশক্তিৰ সমস্যাৰ লক্ষণ দেখা যায়, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক ৷ ডিজিটেল যুগত শিশুৰ দৃষ্টিশক্তি সুৰক্ষিত কৰাৰ বাবে আগতীয়া সজাগতা আৰু ভাল অভ্যাসসমূহ গঢ়ি তোলাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷

লগতে পঢ়ক

  1. আপোনাৰ চকুযুৰি সুস্থ কৰি ৰাখিবলৈ কি কৰিব ?
  2. টেপৰ পানীয়ে আপোনাৰ চকুৰ ক্ষতি কৰিব পাৰে নেকি ? কি কয় চিকিৎসকে
  3. যদি বহুসময় ম’বাইল চাই থাকে তেন্তে আপোনাৰ চকুত কেনে প্ৰভাৱ পৰিব পাৰে ?