এই ৫টা লক্ষণ হ’ব পাৰে হাওঁফাওঁৰ ক্ষতিৰ কাৰণ, কেতিয়াও নকৰিব আওকাণ
সঠিক সময়ত চিকিৎসা গ্ৰহণ কৰিলে আগন্তুক সময়ত হ’ব পৰা হাওঁফাওঁৰ ক্ষতি ৰোধ কৰাটো সম্ভৱ, সেয়ে হাওঁফাওঁৰ ক্ষতিৰ এই কাৰণসমূহৰ বিষয়ে আজি জানি লও আহক-

Published : September 25, 2025 at 12:17 PM IST
আজি বিশ্ব হাওঁফাওঁ দিৱস ৷ হাওঁফাওঁ ৰোগসমূহ তথা ইয়াৰ পৰা কেনেকৈ বাচি থাকিব পাৰি ইয়াৰে ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস ৷ বৰ্তমান সময়ত প্ৰদূষণ বৃদ্ধি, ধূমপান, জীৱনশৈলীৰ অৱনতি ঘটাৰ ফলত ক্ৰমাৎ হাওঁফাওঁৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ যদি হাওঁফাওঁৰ ক্ষতি সোনকালে ধৰা নপৰে তেন্তে এই সমস্যা আৰু বেছি বেয়া হ’ব পাৰে ৷ যদিও মানুহে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে, তথাপিও আমাৰ শৰীৰে কিছুমান বিশেষ লক্ষণৰ জৰিয়তে আমাক সতৰ্ক কৰি দিয়ে ৷
যদি হাওঁফাওঁৰ ক্ষতিৰ এই লক্ষণসমূহ আগতীয়াকৈ ধৰা পৰে, তেন্তে সঠিক চিকিৎসাই আপোনাৰ শৰীৰত হাওঁফাওঁৰ ক্ষতি বাঢ়ি যোৱাৰ পূৰ্বে আপুনি নিজকে ৰক্ষা কৰিব পাৰে ৷ হাওঁফাওঁৰ ক্ষতিৰ হোৱাৰ পূৰ্বে দেখা দিয়া লক্ষণসমূহৰ বিষয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-
দীৰ্ঘদিনীয়া কাহ
সাধাৰণতে কাহক চৰ্দি বা ডিঙিৰ সংক্ৰমণৰ লক্ষণ বুলি গণ্য কৰা হয় ৷ কিন্তু কাহ তিনি সপ্তাহতকৈ অধিক সময় থাকিলে আওকাণ কৰা উচিত নহয় ৷ হাওঁফাওঁৰ ক্ষতি হ’লে কাহৰ লগত কফ ওলাব পাৰে, য’ত কেতিয়াবা ৰক্তও ওলাব পাৰে ৷ এই কাহ শুকান হ’ব পাৰে বা শ্লেষ্মাৰ সৈতে হ’ব পাৰে আৰু সময়ৰ লগে লগে পৰিস্থিতি আৰু অধিক বেয়ালৈ ঢাপলি মেলিব পাৰে ৷
উশাহ লোৱাত চুটি হোৱা
দৈনন্দিন কাম-কাজ, যেনে খোজ কঢ়া, চিৰি উঠাৰ সময়ত উশাহ ফুলা বা লঘু শাৰীৰিক কাম-কাজ কৰাৰ সময়ত যদি আপুনি উশাহ-নিশাহত কষ্ট বা উশাহ-নিশাহ লোৱাত অসুবিধা অনুভৱ কৰে তেন্তে সেয়া এক চিন্তাৰ কাৰণ ৷
এই লক্ষণে এই কথাৰেই ইংগিত দিয়ে যে, হাওঁফাওঁৱে ভৰপূৰ মাত্ৰাত অক্সিজেন শোষণ কৰি শৰীৰত যোগান ধৰা বা ইয়াৰ অভাৱ দূৰ কৰাৰ ক্ষেত্ৰত অসমৰ্থ ৷ হাঁপানী, হাওঁফাওঁৰ ফাইব্ৰ’ছিছ বা হাওঁফাওঁৰ কলাৰ (Tissue) ক্ষতিৰ বাবে এনে হ’ব পাৰে ৷
বুকুৰ বিষ বা বুকু টান হোৱা
হাওঁফাওঁৰ ক্ষতিৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষণ হ’ল বুকুত স্থায়ী বিষ, জ্বলা-পোৰা বা বুকু টান হোৱা ৷ গভীৰ উশাহ-নিশাহ, কাহ বা হাঁহিলে এই বিষ বেছি হ’ব পাৰে ৷ হাওঁফাওঁৰ প্ৰদাহ, সংক্ৰমণ বা আন কাৰণত এই বিষ হ’ব পাৰে ৷ বুকুৰ বিষক কেতিয়াও আওকাণ কৰাটো উচিত নহয় ৷ কিয়নো ই হৃদযন্ত্ৰৰ সমস্যাৰ লক্ষণো হ’ব পাৰে ৷
হুমুনিয়াহ কাঢ়ি থকা
উশাহ-নিশাহ লোৱাৰ সময়ত বা কোনো কাৰ্যকলাপ কৰাৰ সময়ত হুমুনিয়াহ কঢ়াটো এক চিন্তাৰ কাৰণ ৷ হাওঁফাওঁৰ বায়ুপথ সংকুচিত বা বাধাগ্ৰস্ত হ’লে এই শব্দ হয় ৷ হাঁপানী, এলাৰ্জী, চি অ’ পি ডি বা হাওঁফাওঁৰ সংক্ৰমণৰ এয়া এক সাধাৰণ লক্ষণ ৷
ভাগৰ আৰু ওজন কমি যোৱা
অত্যধিক ক্লান্তি আৰু অনিচ্ছাকৃতভাৱে ওজন কমি যোৱাটোও হাওঁফাওঁৰ ক্ষতিৰ এক উল্লেখযোগ্য লক্ষণ হ’ব পাৰে ৷ যেতিয়া হাওঁফাওঁয়ে শৰীৰক পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন যোগান ধৰিব নোৱাৰে তেতিয়া শৰীৰৰ শক্তিৰ মাত্ৰা কমি যায়, যাৰ ফলত অহৰহ ভাগৰ আৰু দুৰ্বলতা দেখা দিয়ে ৷ ইয়াৰ উপৰিও শৰীৰে পেশী আৰু চৰ্বি গলি শক্তি প্ৰদান কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত ওজন কমিবলৈ আৰম্ভ কৰে ৷
হাওঁফাওঁ সুস্থ ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত ?
- পালেং শাক: পালেং শাকত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে ৷ যাৰ ফলত শ্বাস-প্ৰশ্বাসৰ সময়ত হোৱা সমস্যা দূৰ হয় ৷ ইয়াৰ উপৰিও পালেঙত ভিটামিন চিৰ প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ ফলত হাওঁফাওঁ সুস্থ কৰি ৰাখে ৷ গতিকে দৈনন্দিন খাদ্যৰ তালিকাত পালেং ৰাখিলে ভাল বিশেষকৈ শীতকালত ইয়াক খাব পাৰিলে আৰু উপকাৰী ৷
- ব্ৰকলি: হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ আপুনি খাদ্য তালিকাত ব্ৰকলি অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইয়াত ভিটামিন চি, ফলেট আৰু প্ৰদাহ নিবাৰণকাৰী গুণকে ধৰি পুষ্টিকৰ উপাদান থাকে, যিয়ে হাওঁফাওঁক সুস্থ কৰি ৰখাত সহায় কৰে ৷
- বেৰী জাতীয় ফল: বেৰী জাতীয় ফলতপ্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে ই হাওঁফাওঁক ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷ ইয়াৰ জৰিয়তে আপুনি হাওঁফাওঁৰ লগত জড়িত সমস্যাৰ পৰা হাত সাৰিব পাৰিব ৷ জামু খালে হাঁপানীৰ দৰে গুৰুতৰ ৰোগ কম কৰাত সহায় কৰে ৷
- নহৰু: পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷ নিয়মিতভাৱে নহৰু খালে বহু ধৰণৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি ৷ নহৰু বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ ৷ ই আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰে ৷ হালধি থকা খাদ্য খালে হাওঁফাওঁৰ প্ৰদাহৰ সমস্যা কম হয় ৷
- হালধি:হালধি ঔষধি গুণেৰে ভৰপূৰ । ই আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰে । ই এন্টি-ইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ ৷ হালধি আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি আপুনি হাওঁফাওঁৰ প্ৰদাহৰ সমস্যা কম কৰিব পাৰে ।
- আদা: আদাই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী ৷ ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে ৷ হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ আপুনি খাদ্য তালিকাত আদা অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ই হাওঁফাওঁৰ স্বাস্থ্য উন্নত কৰে ৷ পুষ্টিবিদ ৰাখীয়ে লগতে কয় যে, "হাওঁফাওঁ সুস্থ হ'বলৈ দৈনিক খাদ্যত উচ্চ প্ৰ’টিন থকাটো অতি প্ৰয়োজনীয় ৷ খাদ্যৰ লগতে ব্যায়াম আৰু হাওঁফাওঁ পৰিষ্কাৰ কৰাৰ প্ৰক্ৰিয়াও অতি গুৰুত্বপূৰ্ণ ৷ ই হাওঁফাওঁক ভিতৰৰ পৰা বিষমুক্ত বা বিষ শোধন (detox) কৰাত সহায় কৰে ৷"
NIHৰ তথ্য অনুসৰি, হাওঁফাওঁৰ ৰোগ যেনে হাঁপানী তথা ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD)ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় ৷ পালমোনাৰী ফাংশ্যন পৰীক্ষাই বিভিন্ন গৱেষণাত অপৰিহাৰ্য ভূমিকা পালন কৰে ৷ কাৰণ ই হাওঁফাওঁৰ সাধাৰণ ৰোগসমূহৰ চিনাক্তকৰণ আৰু নিদানত অপৰিহাৰ্য ভূমিকা পালন কৰে ৷ ফলত হাওঁফাওঁ সুস্থ কৰি ৰখাটো শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ৷
উৎস
https://www.lung.org/research/lung-health-cohort-study
https://www.nhlbi.nih.gov/health-topics/education-and-awareness/lung-health/topics
সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷
লগতে পঢ়ক

