ETV Bharat / health

খাদ্য তালিকাৰ পৰা আজিয়েই বাহিৰ কৰক এইসমূহ খাদ্যক, অন্যথা হৈ পৰিব আপোনাৰ কিডনী বিকল

Worst foods for kidney health: মাৰ্চ মাহৰ দ্বিতীয় বৃহস্পতিবাৰে পালন কৰা বিশ্ব বৃক্ক দিৱসৰ উদ্দেশ্য হৈছে মানুহক বৃক্কৰ স্বাস্থ্যৰ প্ৰতি সজাগ কৰা । য’ত সময়ে সময়ে বৃক্কৰ কাৰ্য পৰীক্ষা কৰা হয় আৰু জীৱনশৈলীৰ প্ৰয়োজনীয় পৰিৱৰ্তন আৰু খাদ্যাভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ পৰামৰ্শ দিয়া হয় । আজি আমি সেই খাদ্য সামগ্ৰীৰ বিষয়ে জানিব পাৰিম যিবোৰ অতিৰিক্তভাৱে সেৱন কৰিলে বৃক্কৰ ক্ষতি হ’ব পাৰে ।

World Kidney Day 2024: Remove these food items from your diet immediately, otherwise your kidneys may get damaged
খাদ্য তালিকাৰ পৰা আজিয়েই বাহিৰ কৰক এইসমূহ খাদ্যক অন্যথা হৈ পৰিব আপোনাৰ কিডনী বিকল
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 2:51 PM IST

3 Min Read
Choose ETV Bharat

আমাৰ খাদ্যাভ্যাসে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় ৷ মেদবহুলতা, ডায়েবেটিছ, কলেষ্টেৰল বৃদ্ধি আদি বহুতো সমস্যা আমাৰ খাদ্যাভ্যাসৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ৷ যদি আপুনি আপোনাৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰে তেন্তে বিশ্বাস কৰক আপুনি দীৰ্ঘদিনলৈ সুস্থ হৈ থাকিব পাৰে ৷ আজি অৰ্থাৎ ১৪ মাৰ্চত বিশ্ব বৃক্ক দিৱস পালন কৰা হৈছে, য'ত মানুহক বৃক্ক সুস্থ কৰি ৰখা আৰু ইয়াৰ লগত জড়িত ৰোগৰ বিষয়ে কোৱা হয় ৷ গতিকে, কেনেধৰণৰ খাদ্যাভ্যাসে বৃক্কৰ ক্ষতিৰ সম্ভাৱনা বৃদ্ধি কৰে জানো আহক-

ফাষ্ট ফুড

ব্যস্ত জীৱনশৈলী আৰু ৰন্ধা-বঢ়াত এলাহৰ সন্মুখত ফাষ্ট ফুড যেন সৰ্বোত্তম বিকল্প ৷ পিজ্জা, বাৰ্গাৰ, মোমো খালে আনন্দৰ এক বেলেগ অনুভৱ হয় ৷ যদি আপুনিও ফাষ্ট ফুড খোৱাৰ প্ৰতি আসক্ত হৈ পৰিছে, জনাই দিও যে, ইয়াৰ অত্যধিক সেৱনে মেদবহুলতা, ডায়েবেটিছ আৰু ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু লগতে বৃক্কৰ ক্ষতিও হ’ব পাৰে ৷ কাৰণ ইয়াত অতি বেছি পৰিমাণৰ ছডিয়াম থাকে আৰু ই বৃক্কৰ বাবে ক্ষতিকাৰক ৷ বৃক্কৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰতে প্ৰস্তুত কৰা খাদ্যত তেল, নিমখ আৰু মছলা কমকৈ খাব লাগে আৰু ওপৰত নিমখ মিহলোৱা খাদ্য সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে ৷

চ’ডা

বেচিকৈ শীতল পানীয় বা চ'ডা খোৱাটোও কিডনীৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয় ৷ কাৰণ ইয়াত ফছফৰাছ পোৱা যায়, যিটো বৃক্কৰ বাবে ক্ষতিকাৰক ৷ যদি আপুনি ইতিমধ্যে বৃক্কৰ সমস্যাত ভুগি আছে, তেন্তে চ’ডা একেবাৰেই সেৱন নকৰিব ৷

বিলাহী

বিলাহীত দালিৰ পৰা আৰম্ভ কৰি শাক-পাচলি আনকি চালাডলৈকে সকলোতে ব্যৱহাৰ কৰা হয়, কিন্তু বৃক্ক সম্পৰ্কীয় সমস্যা থাকিলে ইয়াক একেবাৰেই খাব নালাগে বুলি কোৱা হয় ৷ কাৰণ বিলাহীত ভাল পৰিমাণৰ পটাছিয়াম থাকে যাৰ ফলত বৃক্ক দুৰ্বল হয় আৰু দ্বিতীয়তে, বিলাহীৰ গুটি সহজে হজম নহয় ৷ যাৰ বাবে বৃক্কই নিজৰ কাম সঠিকভাৱে কৰিবলৈ সক্ষম নহয় ৷

মৈদাৰ পাও ৰুটি

ভাৰতত বহুলোকে পাওৰুটি সেৱন কৰে ৷ ৰেষ্টুৰেন্ট আদিটো ইয়াক যথেষ্ট পৰিমানে ব্যৱহাৰ কৰা হয় কিন্তু আপোনালোকক জনাই দিও যে মৈদাৰ পৰা তৈয়াৰী ব্ৰেড বা পাওৰুটিয়ে বৃক্কৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে বুলি জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ৷ দৰাচলতে আঁহৰ লগতে ফছফৰাছ আৰু পটাছিয়াম ৰুটিত যথেষ্ট পৰিমাণে পোৱা যায়, যাৰ ফলত বৃক্কৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় ৷ সেয়েহে আটা থকা ৰুটি পৰিহাৰ কৰক ৷

কমলা

কমলা ভিটামিন চিৰ এক ভঁৰাল, যিটো ছালৰ বাবেও ভাল হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে, কিন্তু ইমানবোৰ উপকাৰিতাৰ সৈতে ভৰপূৰ হোৱাৰ পিছতো এই ফল বৃক্কৰ বাবে উপকাৰী নহয় ৷ কমলাৰ সোৱাদ টেঙা হোৱাৰ বাবে বৃক্ক ৰোগীৰ কাহৰ সমস্যা হ’ব পাৰে ৷ কমলাৰ সলনি আঙুৰ, আপেল বা ক্ৰেনবেৰীৰ দৰে ফল খাদ্যত অন্তৰ্ভুক্ত কৰক ৷

লগতে পঢ়ক: ৰন্ধাৰ আগতে যদি কুকুৰাৰ মাংস ধোৱে, হ’ব পাৰে ডাঙৰ বিপদ! জানক কি সেয়া...