ETV Bharat / health

শিশুক এন্টিবায়টিকৰ পৰা কিয় আঁতৰাই ৰাখিব লাগে ? বিশেষজ্ঞৰ পৰাই জানি লওক

শীতকালত জ্বৰ, কাহ, চৰ্দি, পানীলগা জ্বৰ আদি প্ৰতিৰোধৰ বাবে কি কৰা উচিত, কেনেধৰণৰ খাদ্য শিশুটিক খাবলৈ দিয়া উচিত এইবিষয়ে সবিশেষ জনালে চিকিৎসক গোলাপ চন্দ্ৰ ডেকাই-

WINTER BABY CARE
শিশুক এন্টিবায়টিকৰ পৰা কিয় আঁতৰাই ৰাখিব লাগে ? বিশেষজ্ঞৰ পৰাই জানি লওক (Etv Bharat)
author img

By ETV Bharat Health Team

Published : January 7, 2025 at 5:30 PM IST

3 Min Read
Choose ETV Bharat

বৰ্তমান সময়ত ৰাজ্যত শীতৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পোৱাৰ ফলত শিশুসকল বিভিন্ন ৰোগত সহজতে আক্ৰান্ত হয় । এনেধৰণৰ ৰোগৰ পৰা শিশুটিক কেনেদৰে ৰক্ষা কৰিবৰ পাৰি সেই বিষয়ে জানিবলৈ কাষ ইটিভি ভাৰতে যোৰহাটৰ শিশুৰোগ বিশেষজ্ঞ গোলাপ চন্দ্ৰ ডেকাৰ সৈতে এটি সাক্ষাৎকাৰত মিলিত হয় য’ত চিকিৎসকগৰাকীয়ে এই বিষয়ে বিৱৰি কয় ৷

শিশুৰ স্বাস্থ্যৰ বাবে কিয় প্ৰয়োজনীয় প্ৰতিষেধক ?

চিকিৎসক ডেকাই কয় যে, শিশুসকল এই সময়ছোৱাত পানীলগা জ্বৰ, চৰ্দি, কাহ ,শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভোগে, এনে হোৱাৰ পৰা ৰক্ষা কৰিবলৈ জন্মৰ পিছৰ পৰাই প্ৰতিষেধক দিয়াব লাগে, বিশেষকৈ এই ৰোগসমূহৰ পৰা শিশুটিক ৰক্ষা কৰিবৰ বাবে ইনফ্লুভেগ ভেকচিন দিয়াটো খুবেই প্ৰয়োজনীয় ৷ এই প্ৰতিষেধক প্ৰথম ছমাহত, সাত মাহত আৰু বছৰেকত দিয়াটো প্ৰয়োজন ।

শিশুৰোগ বিশেষজ্ঞ গোলাপ চন্দ্ৰ ডেকা (ETV Bharat)

আনহাতে, পানী লগা জ্বৰ , কাহ, চদি আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰা শিশুক মুক্ত কৰি ৰাখিবৰ বাবে ঠাণ্ডা, ধূলি,বতাহ, ধোঁৱা আদিৰ লগতে কুকুৰ আৰু মেকুৰীৰ স্পৰ্শৰ পৰাও আঁতৰাই ৰাখিব লাগে ৷

লগতে শিশুটিক ছমাহলৈকে মাকৰ গাখীৰ খুওৱাটো অনিবাৰ্য, তাৰ পিচৰ সময়ছোৱাত শিশুটিক প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা জলপান, চুজি, পিঠাগুৰি, সান্দহগুড়ি খোৱাব লাগে, কাৰণ সাতমাহৰ পৰাই শিশুৱে খাদ্যভাস সোৱাদ লাভ কৰে, এনে খাদ্যভ্যাসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

শীতকালত শিশুক কেনেধৰণৰ খাদ্য খাবলৈ দিব লাগে ?

জেষ্ঠ চিকিৎসক গৰাকীয়ে কয়, জ্বৰ, পানীলগা সময়ত বহু পিতৃ-মাতৃয়ে তথা শীতকালত শিশুক কমলা,কল আৰু নেমুটেঙাৰ পৰাই আঁতৰাই ৰাখে, এয়া এক অমূলক ধাৰণা, এই সময়ত কমলা, নেমুটেঙা, কল আদিৰ লগতে ফল-মূলৰ ৰস খুওৱাব লাগে,কাৰণ এইসমূহ ফল-মূলত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় আৰু শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ঠিক তেনেদৰে গৰম দিনত কঠাল, লেটেকু আদি লগতে এই সময়ছোৱাত উপলদ্ধ ফল-মূল খুওৱাব লাগে লগতে শিশুক পানী খাবলৈ দিব লাগে বুলি ৷

জেষ্ঠ চিকিৎসক গৰাকীয়ে লগতে উল্লেখ কৰে যে, কাহ হ’লে শিশুক এবছৰ ভিতৰত মৌজোল খুওৱাব নালাগে, এবছৰ সম্পূৰ্ণ হোৱাৰ পাচত মৌৰ লগত আদা, তুলসী পাত মিশ্ৰণেৰে তৈয়াৰী ৰস খুওৱাব লাগে, ঠিক তেনেদৰে শিশুটিৰ যদি পানীলগা জ্বৰ হয় তেন্তে গৰম পানী ভাপৰ সেক দিয়াটো অতি প্ৰয়োজনীয় ।

আনহাতে, শিশুটিৰ যেতিয়া জ্বৰ কাহ,পানীলগা আদি সমস্যা হয় তেতিয়া একাংশ অভিভাৱকে নিজেই ফামাচীলৈ গৈ ঔষধ ক্ৰয় কৰি খুওৱাৰ লগতে এন্টিবায়টিক আদি খাবলৈ দিয়ে, এনে কৰাটো শিশুটিৰ বাবে মাৰাত্মক হ’ব পাৰে ৷

শিশুটিক এন্টিবায়টিকৰ পৰা সদায় আঁতৰাই ৰখাটো প্ৰয়োজনীয়,কাৰণ শিশুকালত সৰু ল’ৰা ছোৱালীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা খুবেই দুৰ্বল থাকে তেনে স্থলত শিশুটিক এন্টিবায়টিক খুওৱালে ভৱিষ্যত সময়ত শিশুটিয়ে এন্টিবায়টিকৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হেৰুৱাই পেলায়, সেয়েহে জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে আহ্বান জনায় যে পৰাপক্ষত শিশুক এন্টিবায়টিক দিয়াৰ পৰা আঁতৰি থকাটোৱে ভাল লগতে প্ৰয়োজনত যদি দিব লগাও হয় তেন্তে অভিজ্ঞ চিকিৎসকগৰাকীয়ে শিশুটিৰ বয়স আৰু ওজন পৰীক্ষা কৰিহে দিব লাগে, বিশ্ব স্বাস্থ্য সংস্থাইও কৈছে এন্টিবায়টিক কমকৈ ব্যৱহাৰ কৰিবলৈ ।

লগতে পঢ়ক

  1. শিশুৰ চকুত এই লক্ষণ দেখিলেই হৈ যাওক সাৱধান! হ’ব পাৰে চকুৰ কেন্সাৰ
  2. সৰুৰে পৰা আপোনাৰ শিশুটিক কৰাওক এই অভ্যাস