ম’বাইল এতিয়া আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে ৷ আমি য’তেই যাওঁ, যিয়েই নকৰোঁ, আমাৰ ফোনটো আমাৰ লগত থাকে ৷ আনকি কিছুমানে বাথৰুমলৈ যাওঁতে লগত লৈ যায় ৷ কিন্তু এই সকলোবোৰৰ পৰা আমাৰ শৰীৰত কিছু বেয়া প্ৰভাৱ পৰিছে ৷ আমি ৰাস্তালৈ বা আন ক’ৰবাত ওলাই যাওঁতে পেণ্টৰ জেপত ম’বাইল ফোনটো থৈ দিওঁ ৷ কিন্তু সেই অভ্যাসে পুৰুষৰ গুৰুতৰ ক্ষতি কৰিছে ৷
বিশেষজ্ঞসকলে কয় যে, মোবাইল ফোন পকেটত ৰখাৰ ফলত পুৰুষৰ বন্ধ্যাত্ব বৃদ্ধি পাইছে ৷ কিন্তু ম’বাইলৰ জৰিয়তে এনে ঘটনা কেনেকৈ সংঘটিত হয় ? বিতংভাৱে আজি এই বিষয়ে জানো আহক-
আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কয় যে, শুক্ৰাণুৱে তাপ ভাল নাপায় ৷ গতিকে পুৰুষৰ যৌনাংগ ক্ষতি কৰাৰ সম্ভাৱনা থাকে ৷ কোনো কাৰণত চৌপাশৰ উষ্ণতা অত্যধিক বৃদ্ধি পালে পুৰুষৰ বীৰ্য উৎপাদনত প্ৰভাৱ পৰে ৷
গৱেষকসকলে কয় যে, ম’বাইল ফোনত নিজস্ব তাপ থাকে ৷ আকৌ ইয়াৰ পৰা এক প্ৰকাৰৰ ‘ৰশ্মি’ নিৰ্গত হয় ৷ ইয়াৰ ফলত ফোনটো জেপত ৰাখিলে স্বাভাৱিকতে আমাৰ শৰীৰত প্ৰভাৱ পৰিব ৷ ম’বাইল ফোনত যি ধৰণৰ তাপ উৎপন্ন হয়, তাৰ ফলত পুৰুষৰ বীৰ্যৰ গুণাগুণ আৰু পৰিমাণ দুয়োটাতে নেতিবাচক প্ৰভাৱ পৰে ৷
এই সমস্যাৰ পৰা হাত সাৰিবলৈ কেতিয়াও ম’বাইল ফোনটো পেণ্টৰ জেপত ৰাখিব নালাগে ৷ ইয়াৰোপৰি কিছুমানে কোলাত লেপটপ বা টেবলেট লৈ ঘণ্টাৰ পিছত ঘণ্টা কাম কৰাও দেখা যায় ৷ এই অভ্যাস তৎক্ষণাত এৰি দিয়াটো জৰুৰী ৷
সাধাৰণতে আমি মানিবেগ প্ৰায়ে পেণ্টৰ পিছ পকেটত ৰাখোঁ ৷ কিন্তু ইয়াৰ ফলতো আমাৰ পিঠি বা কঁকালৰ বিষ হ’ব পাৰে ৷ শেহতীয়াকৈ আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই বিষয়ত গৱেষণা কৰিছিল ৷ দেখা গৈছে যে পেণ্টৰ পিছফালৰ পকেটত মানিবেগ থোৱাৰ বাবে বহু লোকে কঁকালৰ বিষ, পিঠিৰ বিষ, আনকি ভৰিৰ বিষৰ সমস্যাও ভুগিব লগা হৈছে ৷
চিকিৎসকৰ মতে, পেণ্টৰ ঠিক পিছফালৰ পকেটটো থকা স্থানতে আমাৰ দেহৰ ছাইটিক নাৰ্ভ থাকে ৷ আমি পকেটত মানিবেগ লৈ বহি থকাৰ ফলত ছাইটিক নাৰ্ভ বা ইয়াৰ লগত জড়িত পেশীবোৰৰ ওপৰত চাপ পৰে ৷ দীৰ্ঘদিন সেই চাপত থাকিলে স্নায়ুৰ ক্ষতি হয় ৷ ইয়াৰ ফলত কঁকাল আৰু মেৰুদণ্ডৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷ লগতে আ্মি ভৰি বিষৰ সমস্যাতো ভুগিব পাৰো ৷
এইক্ষেত্ৰত আমি কিছুমান কথা মনত ৰখা প্ৰয়োজন ৷ প্ৰথমতে মানিবেগটো পিছফালৰ পকেটত ৰখাৰ অভ্যাস এৰিব লাগিব ৷ বৰঞ্চ মানিবেগটো সন্মুখৰ পকেটত বা কান্ধত ওলোমাই থোৱা বেগত ৰাখক ৷ ইয়াৰ ফলত আপোনাৰ মানিবেগটো সুৰক্ষিতও হৈ থাকিব ৷ তদুপৰি এনে দিশসমূহৰ প্ৰতিও ধ্যান দিব-
- বিষ অনুভৱ কৰিলে লগে লগে ঔষধ নাখাব ৷ প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক ৷
- গৰম পানীত গা ধুবলৈ চেষ্টা কৰক ৷ প্ৰয়োজন হ’লে পানীত অলপ নিমখ মিহলাই ল’ব, ইয়াৰ সহায়তো দেহৰ উপকাৰ হ’ব ৷
- নিয়মিতভাৱে ব্যায়াম কৰক ৷ ইয়াৰ ফলত ক্ষতিগ্ৰস্ত পেশীবোৰ পুনৰ সক্ৰিয় হ’ব ৷ এনে পৰিস্থিতিত কঁকাল বা পিঠি বিষৰ সমস্যা সমাধান হ’ব ৷
- বিষ হ’লে বৰফৰ টুকুৰা কেইটামান কাপোৰেৰে মেৰিয়াই বিষ হোৱা ঠাইত লগাব ৷ এনে ব্যৱস্থাৰ সহায়তো আপুনি সকাহ লাভ কৰিব ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক