ETV Bharat / health

বিয়াৰ পিচত কিয় শকত হৈ পৰে মহিলাসকল ? পোহৰলৈ আহিল এই ৫টা ডাঙৰ কাৰণ - Women Gain weight After Marriage - WOMEN GAIN WEIGHT AFTER MARRIAGE

Why women gain weight after marriage: সাধাৰণতে বিয়াৰ পিচত বহু মহিলাৰ ওজন বৃদ্ধি হোৱা দেখা যায় । অৱশ্যে ওজন বৃদ্ধিৰ বহু কাৰণ থাকিব পাৰে । যদি বিয়াৰ পিচত আপোনাৰ ওজন বাঢ়িছে, তেন্তে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই । আপুনি এই পদ্ধতিৰে অতি সহজেই আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে ।

why Women Gain Weight After Marriage? know 5 major reasons follow these steps to control obesity
বিয়াৰ পিচত কিয় শকত হৈ পৰে মহিলাসকল ? পোহৰলৈ আহিল এই ৫টা ডাঙৰ কাৰণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 26, 2024 at 8:41 PM IST

4 Min Read

বিবাহ ভাৰতীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ ৷ বিয়াৰ পিচত পুৰুষ-মহিলা উভয়ৰে জীৱনত বহু পৰিৱৰ্তন আহে ৷ বিশেষকৈ এগৰাকী নাৰীৰ জীৱন বিবাহৰ পিচত সম্পূৰ্ণৰূপে সলনি হয় ৷ ইয়াৰ ফলত তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যই নহয়, মানসিক স্বাস্থ্যতো প্ৰভাৱ পৰে ৷ সাধাৰণতে বিবাহৰ পিচত মহিলাৰ ওজনো বৃদ্ধি পায় ৷ এই সমস্যা এতিয়া সাধাৰণ হৈ পৰিছে ৷

বিশেষজ্ঞসকলৰ মতে, বিয়াৰ পিচত যিসকল মহিলা বিয়াৰ আগতে ক্ষীণ আছিল, তেওঁলোকৰ ওজনো বাঢ়িবলৈ আৰম্ভ কৰে ৷ অৱশ্যে তেওঁলোকৰ ওজন বৃদ্ধিৰ আঁৰত বহু কাৰণ থাকিব পাৰে ৷ গতিকে জানো আহক বিয়াৰ পিচত মহিলাসকলৰ ওজন কিয় বৃদ্ধি হয় আৰু এনে ক্ষেত্ৰত কেনেকৈ ওজন বৃদ্ধি হোৱাটো ৰোধ কৰিব পৰা যায় জানো আহক-

বিয়াৰ পিচত মহিলাসকলৰ অসাৱধানতা

সাধাৰণতে এগৰাকী মহিলা বিয়াৰ আগতে নিজৰ ওজনৰ প্ৰতি অতি সচেতন হয়, কিন্তু বিয়া হোৱাৰ লগে লগে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদিয়া হৈ যায় ৷ কিন্তু বহু সময়ত পৰিয়ালৰ প্ৰতি নিজৰ দায়িত্বত ইমানেই আৱদ্ধ হৈ পৰে যে নিজৰ বাবে সময় উলিয়াবও নোৱাৰে, ব্যায়াম কৰিবলৈও সক্ষম নহয় ৷

দৈনন্দিন খাদ্যাভ্যাসৰ পৰিৱৰ্তন

বিবাহৰ পিচত মহিলাৰ ওজন বৃদ্ধিৰ আঁৰৰ অন্য এটি কাৰণ হ’ল তেওঁলোকৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন ৷ দেখা যায় যে বিয়াৰ পিচত মহিলাসকলে প্ৰায়ে কেৱল সেইবোৰ খাদ্যহে ৰান্ধে যিবোৰ তেওঁৰ স্বামীৰ পৰিয়ালৰ লোকে ভাল পায় ৷ সোৱাদযুক্ত খাদ্য প্ৰস্তুত কৰিবলৈ গৈ তেওঁলোকে অত্যধিক পৰিমাণৰ তেল, মছলা, ঘিউ আৰু চেনি ব্যৱহাৰ কৰে ৷ কেৱল এয়াই নহয়, তেওঁ নিজেও এই খাদ্য খায়, যাৰ বাবে ওজন বাঢ়িবলৈ আৰম্ভ কৰে ৷

হ’ৰম’নৰ পৰিৱৰ্তন

বিবাহৰ পিচত মহিলাৰ যৌন জীৱনতো পৰিৱৰ্তন আহে ৷ বিবাহৰ পিচত মহিলাসকল যৌন সক্ৰিয় হৈ পৰে, যাৰ বাবে বহু সময়ত গৰ্ভনিৰোধক বড়ি খাবলগীয়া হয় ৷ এই বড়িবোৰ সেৱন কৰিলে মহিলাৰ ওজনো বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷

মানসিক চাপৰ বাবেও মেদবহুলতা বৃদ্ধি পায়

বহু সময়ত ঘৰুৱা দায়িত্ব পালনত সফল নোহোৱাৰ ফলত মহিলাগৰাকী মানসিক চাপত ভুগিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ বাবে তেওঁলোক মানসিক চাপৰ বলি হৈ পৰে আৰু এনেক্ষেত্ৰত মহিলাগৰাকীৰ ওজনো বাঢ়িবলৈ আৰম্ভ কৰে ৷

বিয়াৰ পিচত কেনেকৈ ওজন কমাব পাৰি ?

বিবাহৰ পিচত যদি এগৰাকী নাৰীৰ ওজন বাঢ়ি যায়, তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াক কমাব নোৱাৰি ৷ যদি মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হৈ কিছুমান কথা মনত ৰাখে, তেন্তে বিয়াৰ পিচতো তেওঁলোকে নিজৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে ৷

যদি এগৰাকী মহিলাই বিয়াৰ পিচতো ফিট হৈ থাকিব বিচাৰে, তেন্তে প্ৰথমে তেওঁ এটা ৰুটিন মানি চলিব লাগিব ৷ এই ৰুটিনৰ অধীনত তেওঁ কমেও ৩০ মিনিট নিয়মীয়া ব্যায়াম কৰিব লাগিব ৷ লগতে এই ৰুটিন কঠোৰভাৱে মানি চলিব লাগিব ৷ ইয়াৰ উপৰিও ওজন হ্ৰাস কৰিবলৈ মহিলাসকলে বিয়াৰ পিচতো খাদ্যৰ যত্ন ল’ব লাগিব আৰু যিবোৰ বস্তুৱে তেওঁলোকৰ ওজন বৃদ্ধি কৰিব পাৰে সেইবোৰ খোৱাৰ পৰা বিৰত থাকিব লাগিব ৷

ইয়াৰ উপৰিও মহিলাৰ বাবে পৰ্যাপ্ত টোপনিও অতি প্ৰয়োজনীয় ৷ পৰ্যাপ্ত পৰিমাণে শুলেহে মানসিক চাপ হ্ৰাস হয় ৷ লগতে সতেজ অনুভৱ হয় ৷ ইয়াৰ বাহিৰেও যদি আপুনি অনুভৱ কৰে যে বিয়াৰ পিচত আপোনাৰ ওজন হঠাৎ বৃদ্ধি পাইছে আৰু আপোনাৰ শৰীৰত পৰিৱৰ্তন হৈছে, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক, কাৰণ ই কোনো ৰোগৰ লক্ষণো হ’ব পাৰে ৷

লগতে পঢ়ক: ২১ বছৰত গৰ্ভৱতী হৈছিল মীৰা ৰাজপুত, ৩৮ বছৰ বয়সত মাতৃ হ’ব দীপিকা পাডুকন, তেন্তে মাতৃ হোৱাৰ উপযুক্ত বয়স কি ? - Pregnancy Age

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.