ETV Bharat / health

মানুহৰ মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ আত্মহত্যা

Facts About Suicide: ১৫ পৰা ২৪ বছৰ বয়সৰ লোকৰ ভিতৰত হোৱা মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ আত্মহত্যা কিয় ? কেনেদৰে এই ধাৰণা মনৰ পৰা আঁতৰ কৰিব পাৰি এই সম্পৰ্কে জনালে মনোৰোগ বিশেষজ্ঞ ডাঃ সঞ্জীৱ কুমাৰ সিঙে ৷

Why do people choose to commit suicide
মানুহৰ মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ আত্মহত্যা; কিন্তু কিয় ?
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 7:15 PM IST

2 Min Read
Choose ETV Bharat
মনোৰোগ বিশেষজ্ঞ ডাঃ সঞ্জীৱ কুমাৰ সিং

গুৱাহাটী, 14 মাৰ্চ: সাধাৰণতে এগৰাকী লোকে যেতিয়া সকলো ফালৰ পৰা আঘাত পায়, সমস্যাই আৱৰি ধৰে, ব্যক্তিগৰাকীয়ে তেওঁৰ জীৱনৰ সকলো পথ বন্ধ হৈ যোৱা অনুভৱ কৰে তেতিয়া মানুহ এজনে আত্মহত্যাৰ পথ বাছি লয় ৷ আত্মহত্যা হৈছে ইচ্ছাকৃতভাৱে সৃষ্টি কৰা কাৰ্য য'ত ব্যক্তিগৰাকীয়ে নিজকে আঘাত কৰে বা নিজৰ জীৱন ত্যাগ কৰে ৷ আত্মহত্যাৰ কাৰণ বহুত হ'ব পাৰে ৷ যেতিয়া কোনো এজন ব্যক্তি মানসিকভাৱে ভাগি পৰে তেতিয়া বহুসময়ত এনে পথ বাছি লোৱা দেখা যায় ৷

এগৰাকী ব্যক্তিয়ে কোনো এটা সমস্যাত দীৰ্ঘদিন ধৰি ভুগি থকাৰ ফলত ব্যক্তি গৰাকীৰ মগজুত ভিন্ন ধৰণৰ বেয়া চিন্তা বা নেতিবাচক চিন্তা অহা দেখা যায় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

নেতিবাচক চিন্তা অহাৰ ফলত মানুহগৰাকী প্ৰতিদিনে নিৰাশাবাদী হোৱা দেখা যায় ৷ মানসিক সমস্যা ভিতৰত Depression এটা ডাঙৰ কাৰণ ৷ Depressionৰ বলি হৈ বহুসময়ত মানুহে আত্মহত্যাৰ পথ বাছি লোৱা পৰিলক্ষিত হয় ৷ স্কিজ’ফ্ৰেনিয়া, ডিপ্ৰেচন, বাইপোলাৰ ডিচঅৰ্ডাৰ, এলকহ'লিজম আৰু নিচাজাতীয় দ্ৰব্য সেৱন আদিৰ দৰে বহু মানসিক ৰোগৰ বাবে মানুহে এনেধৰণৰ সিদ্ধান্ত লোৱা দেখা যায় ৷

মৃত্যুৰ ঘাই কাৰণৰ ভিতৰত ১০ নম্বৰ কাৰণ হৈছে আত্মহত্যা ৷ ১৫ পৰা ২৪ বছৰ বয়সৰ লোকৰ ভিতৰত হোৱা মৃত্যুৰ দ্বিতীয় ঘাই কাৰণ হ’ল আত্মহত্যা ৷ পঢ়া-শুনা, পৰীক্ষাৰ ফলাফল আদিকলৈ শিশু সকলক দিয়া মানসিক হেঁচাৰ পায়, আনহাতে যেতিয়াই তেওঁলোকে মনে বিচাৰা ধৰণে পৰীক্ষাৰ ফলাফলৰ পৰা আৰম্ভ কৰি লক্ষ্য সমূহ পূৰণ নহয় তেতিয়া তেওঁলোকে নিচাজাতীয় দ্ৰৱ্য গ্ৰহণ কৰা পৰিলক্ষিত হয় আৰু শেষত আত্মহত্যাৰ পথবাচি লোৱা পৰিলক্ষিত হয় ৷

যদিহে অভিভাৱক সকলে সন্তানৰ এইসমূহ দিশ লক্ষ্য কৰি তেওঁলোকক পঢ়া-শুনা বা অন্যদিশ সমূহত হেঁচা প্ৰদান নকৰি, তেওঁলোকৰ মানসিকস্থিতি বুজি এই আত্মহত্যাৰ দৰে ধাৰনা মনৰ পৰা আঁতৰ কৰিব পাৰি ৷

লগতে পঢ়ক: বায়ু প্ৰদূষণৰ বাবে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা: অধ্যয়ন