ETV Bharat / health

মঙলবাৰে হনুমান মন্দিৰত কিয় মিঠা পাণ আগবঢ়োৱা হয় ? - Astro tips

Astro Tips: ভয়-শংকা, আত্মবিশ্বাস বঢ়াবলৈ মঙলবাৰে হনুমান মন্দিৰত অৰ্পণ কৰক মিঠা পাণ ৷ এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ৷

Astro tips
মঙলবাৰে হনুমান মন্দিৰত কিয় মিঠা পাণ আগবঢ়োৱা হয় ?
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 3:35 PM IST

2 Min Read
Choose ETV Bharat
জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা

গুৱাহাটী, 26 মাৰ্চ: জীৱনত কেতিয়াবা এনেকুৱা অনুভৱ হয় যে আমাক চাৰিওফালৰ পৰা ভয়-শংকাই আগুৰি ধৰিছে বা কেতিয়াবা আমাৰ আত্মবিশ্বাসৰ অভাৱ হোৱাও দেখা যায় ৷ সেয়ে ইটিভি ভাৰত অসমৰ আগত এই সমস্যাৰ সমাধান আগবঢ়ালে জনপ্ৰিয় জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ৷

আপোনালোকে হয়তো বহুতে হনুমান মন্দিৰত ভক্তই মিঠা পাণ লৈ যোৱা দেখিছে ৷ বিশেষকৈ মঙলবাৰে বহু লোকে হনুমানৰ শ্ৰীচৰণত মিঠা পাণ অৰ্পণ কৰে ৷ সেই মিঠাপাণত কিন্তু তামোল বা চুপাৰি , চূণ আদি দিয়া নহয় ৷ পাণৰ ওপৰত কেৱল মিঠা সামগ্রী দি অৰ্পণ কৰা হয় ৷ বহুতৰে ক্ষেত্ৰত দেখা যায় যে পাণৰ ওপৰত অকমান চেনি দি ধুনীয়াকৈ এখন পাণ বনাই অৰ্পণ কৰা ৷ লোকবিশ্বাস মতে, এনেধৰণে যদি হনুমানক মিঠা পাণ অৰ্পণ কৰা হয় তেন্তে তেওঁ সোনকালে সন্তুষ্ট হয় আৰু ভক্তৰ মনৰ আশা পূৰণ কৰে ৷

ইয়াৰোপৰি যিসকল লোকৰ আত্মবিশ্বাস কম থাকে, ভয়-শংকা বেছি, পৰীক্ষা আদিত শিক্ষক ওচৰত থাকিলে লিখিব নোৱাৰে, নিজৰ জীৱনক লৈ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে, সম্পৰ্ক এটা বৰ্তাই ৰখাত ভয় থাকে, কিবা যদি অশৰীৰি বস্তুৰ প্ৰতি যদি কিবা ভয় থাকে তেনেধৰণৰ ভয় শংকাবোৰ আঁতৰ কৰিবৰ বাবেও হনুমানৰ শ্ৰীচৰণত মিঠা পাণ অৰ্পণ কৰিব পাৰে ৷ এনেদৰে একেৰাহে যদি ৯ টা মঙলবাৰে মিঠা পাণ অৰ্পণ কৰিব পাৰে তেন্তে মনৰ ভয় আৰু শংকা দূৰ হয় ৷

লগতে এনে বহু লোক আছে যাৰ টকা-পইচা ধন-সম্পত্তি সকলো থাকে কিন্তু সুখ নাথাকে বা নিজকে অকলশৰীয়া অনুভৱ কৰে, মানসিক অশান্তিত ভুগি আছে তেওঁলোকেও মঙলবাৰে হনুমানৰ চৰণত মিঠা পাণ অৰ্পণ কৰিব পাৰে ৷

লগতে পঢ়ক: কষ্ট কৰাৰ পিচতো ফল পোৱা নাই নেকি ? তেন্তে গ্ৰহণ কৰক এই উপায়