ETV Bharat / health

গৰ্ভধাৰণৰ উপযুক্ত বয়স কি ? জানি লওক বিশেষজ্ঞৰ পৰা - CHILDBEARING AGE

বহু মহিলাই এই সন্দৰ্ভত খেলিমেলিত পৰে যে কোন বয়সত গৰ্ভধাৰণ কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী, এই প্ৰশ্নৰ উত্তৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ নন্দিতা পলশ্বেটকাৰৰ পৰা জানি লওক-

Right Age To Plan Baby
গৰ্ভধাৰণৰ উপযুক্ত বয়স কি ? জানি লওক বিশেষজ্ঞৰ পৰা (ETV Bharat)
author img

By ETV Bharat Health Team

Published : February 17, 2025 at 11:20 AM IST

4 Min Read

বয়স বৃদ্ধি হোৱাৰ লগে লগে মহিলাৰ প্ৰজনন ক্ষমতাও লাহে লাহে কমি আহিবলৈ ধৰে, যাৰ ফলত গৰ্ভধাৰণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় । বয়স বেছি হোৱাত মাতৃ হোৱাৰ ফলত বিপদজনক কাৰক আৰু গৰ্ভাৱস্থাৰ সৈতে জড়িত নানান জটিলতাই দেখা দিব পাৰে ।

শেহতীয়াকৈ এটা জনপ্ৰিয় প’ডকাষ্টত স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ নন্দিতা পলশ্বেটকাৰে গৰ্ভধাৰণ আৰু গৰ্ভাৱস্থাৰ সময়ত সন্মুখীন হোৱা সমস্যাৰ লগতে মাতৃ হোৱাৰ সামাজিক চাপৰ বিষয়ে নিজৰ মতামত ব্যক্ত কৰে ৷ গৰ্ভধাৰণৰ আদৰ্শ বয়সৰ বিষয়েও আলোচনা কৰে ৷

তেওঁৰ মতে, মহিলাসকলৰ গৰ্ভধাৰণৰ সৰ্বোত্তম সময় প্ৰায় ২৮ বছৰ, কিন্তু আজিৰ সময়ত ৩০ৰ পৰা ৩৫ বছৰৰ ভিতৰৰ সময়কো ব্যৱহাৰিক বুলি গণ্য কৰা হয় ৷

ডাঃ নন্দিতাই কয় যে, মহিলাৰ বাবে বয়স অতি গুৰুত্বপূৰ্ণ ৷ ২৮ বছৰ বয়সৰ ওচৰত কণীৰ সংখ্যা কমিবলৈ আৰম্ভ কৰে আৰু বিজ্ঞানেও এই কথা দেখুৱাইছে ৷ কিন্তু ৩৫ বছৰৰ পাছতো গৰ্ভধাৰণ সম্ভৱ যদিও প্ৰক্ৰিয়াটো অধিক কঠিন হ’ব পাৰে ৷

গৰ্ভধাৰণৰ উপযুক্ত বয়স কিমান ?

বহু বৈজ্ঞানিক গৱেষণাৰ পৰা দেখা গৈছে যে এগৰাকী মহিলাৰ গৰ্ভধাৰণৰ উত্তম সময় হ’ল যেতিয়া তেওঁ শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে মাতৃত্বৰ বাবে সাজু হয় ৷ ২০০২ চনত কৰা এক অধ্যয়ন অনুসৰি প্ৰথম সন্তান জন্ম দিয়াৰ আদৰ্শ বয়স ৩০.৫ বছৰ বুলি ধৰা হৈছিল ৷

তদুপৰি আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ তথ্য অনুসৰি প্ৰথম সন্তানৰ জন্মৰ সময়ত গড় বয়স প্ৰায় ২৭ বছৰ ৷ একে সময়তে ২০১৬ চনৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে ৩০ বছৰীয়া মহিলাৰ জন্মৰ হাৰ বৃদ্ধি পাইছে, আনহাতে ২০ বছৰীয়া মহিলাৰ জন্মৰ হাৰ হ্ৰাস পাইছে ৷

২৮ বছৰৰ পূৰ্বে গৰ্ভধাৰণ কৰিব পাৰিনে ?

বৈজ্ঞানিক গৱেষণাৰ পৰা দেখা গৈছে যে, ২০ বছৰৰ শেষৰ ফালে আৰু ৩০ বছৰৰ আৰম্ভণিতে গৰ্ভধাৰণ কৰাটো শাৰীৰিকভাৱে অধিক উপকাৰী হ’ব পাৰে ৷ ২০০৮ চনত আমেৰিকান কলেজ অৱ অব্ষ্টেট্ৰিচিয়ানছ এণ্ড গাইনেক’লজিষ্টে কৰা এক অধ্যয়ন অনুসৰি এই বয়সত গৰ্ভধাৰণ কৰিলে গৰ্ভাৱস্থাৰ জটিলতাৰ সম্ভাৱনা হ্ৰাস পায় ৷

ডাঃ নন্দিতা পলশ্বেটকাৰে কয় যে, আজিকালি মহিলাসকলে ৩০ বছৰ বয়সৰ পূৰ্বে বিবাহপাশত আৱদ্ধ নহয়, সেয়েহে ৩০ৰ পৰা ৩৫ বছৰৰ ভিতৰত প্ৰথম সন্তান জন্ম দিয়াটো এটা ভাল আৰু ব্যৱহাৰিক সীমা হ’ব পাৰে ৷

৪০ বছৰ বা তাতকৈ অধিক বয়সত সন্তান জন্ম দিয়াৰ সম্ভাৱনা

কিছুমান গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে পলমকৈ মাতৃ হোৱাটো কিছুমান ক্ষেত্ৰত উপকাৰী হ’ব পাৰে ৷ ২০১২ চনত কৰা এক অধ্যয়নত দেখা গৈছে যে ৪০ বছৰ বা তাতকৈ অধিক বয়সত অন্তিমটো সন্তান জন্ম দিয়া মহিলাসকলৰ গৰ্ভাশয়ৰ কৰ্কট ৰোগৰ সম্ভাৱনাও কম হয় ৷

উল্লেখ্য যে, বয়সৰ বাহিৰেও মাতৃ হোৱাৰ বাবে আন বহুতো বিষয় অতিকৈ গুৰুত্বপূৰ্ণ, যেনে শিশুৰ বাবে মানসিক আৰু আৰ্থিকভাৱে সাজু হোৱা । এই সময় প্ৰতিগৰাকী মহিলাৰ বাবে বেলেগ বেলেগ হোৱা দেখা যায় ।

প্ৰজনন ক্ষমতাৰ ওপৰত বয়সৰ প্ৰভাৱ

এগৰাকী নাৰীৰ শৰীৰত গোটেই জীৱনত প্ৰায় ২০ লাখ ডিম্ব গঠন হয় আৰু বয়স বৃদ্ধিৰ লগে লগে ডিম্ব গঠনৰ সংখ্যা কমিবলৈ আৰম্ভ কৰে । ৩৭ বছৰ বয়সত মাত্ৰ পঁচিশ হাজাৰ ডিম্ব বাকী থাকে ৷ আনহাতে, ৫১ বছৰ বয়সত ১০০০টা ডিম্ব বাকী থাকে । এই ডিম্ববোৰৰ গুণগত মানো সময়ৰ লগে লগে অৱনতি ঘটে ।

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. গৰ্ভাৱস্থাৰ ৯ মাহত খাওক এই ৪বিধ খাদ্য: সুস্থ শৰীৰৰ গৰাকী হ’ব আপোনাৰ শিশু - Pregnancy Diet
  2. ২১ বছৰত গৰ্ভৱতী হৈছিল মীৰা ৰাজপুত, ৩৮ বছৰ বয়সত মাতৃ হ’ব দীপিকা পাডুকন, তেন্তে মাতৃ হোৱাৰ উপযুক্ত বয়স কি ? - Pregnancy Age
  3. মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গৰ্ভৱতী মহিলাৰ বাবে ৫ টা গুৰুত্বপূৰ্ণ টিপছ - World Mosquito Day 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.