মহালয়া কোনদিনা পালন কৰা হ’ব ? এইবাৰ কিহত আগমন আৰু গমন কৰিব মা দুৰ্গাই ? - Mahalaya 2024
Mahalaya 2024: দুৰ্গাপূজালৈ মাজত মাথোঁ কেইটামান দিন । শাৰদীয় নৱৰাত্ৰি উৎসৱক লৈ এতিয়া দেশজুৰি ব্যাপক উচাহ-উদ্দীপনা । নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে মা দুৰ্গাৰ চৰণলৈ আশীষ বিচাৰি বিভিন্ন মন্দিৰত সমাগম ঘটে অসংখ্য ভক্তপ্ৰাণ ৰাইজৰ ।

Published : September 30, 2024 at 11:18 AM IST
পিতৃ পক্ষৰ অন্ত পেলাই মহালয়াত দেৱী পক্ষৰ আৰম্ভণি হয় ৷ ড্ৰিক পঞ্চাংগৰ মতে, ২০২৪ চনত ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভণি পিতৃ পক্ষ হৈ ২ অক্টোবৰত অন্ত পৰিব ৷ সম্প্ৰতি দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিনহে বাকী আৰু সৰ্বত্ৰে এতিয়া চলিছে দেৱী দুৰ্গাক আদৰাৰ পূৰ্ণ প্ৰস্তুতি ৷ শৰৎ মানেই পূজাৰ বতৰ ৷ শৰৎ অহাৰ লগে লগে চাৰিওফালে পৰিলক্ষিত হৈছে সুকীয়া পৰিৱেশ ৷ নৈৰ কাষে কাষে হালি জালি শাৰী শাৰীকৈ ফুলিছে অসংখ্য কঁহুৱা, তলসৰা শেৱালিৰে চোতাল উপচি পৰাৰ সময় এতিয়া ৷ এয়াই নহয় জানো শৰতৰ আগমণি ৷
মহালয়া ২০২৪ কেতিয়া ?
মহালয়াত দেৱী পক্ষৰ আৰম্ভণি, দেৱী দুৰ্গাৰ পৃথিৱীত আগমন, আৰু পিতৃ পক্ষৰ অন্ত ৷ ড্ৰিক পঞ্চাংগৰ মতে, ২০২৪ চনত ১৭ ছেপ্টেম্বৰৰ পৰা পিতৃ পক্ষৰ অন্ত পৰিব ২ অক্টোবৰত ৷ পিতৃ পক্ষৰ শেষ দিনটো হ’ল মহালয়া অমাৱস্যা, অৰ্থাৎ মহালয়া এইবাৰ ২ অক্টোবৰ বুধবাৰে পালিত হ’ব ৷
মহালয়া অমাৱস্যা মুহূৰ্ত ২০২৪
- কুতুপ মুহূৰ্ত– পুৱা ১১:৪৬ বজাৰ পৰা ১২:৩৪ বজালৈ ।
- ৰোহিন মুহূৰ্ত - দুপৰীয়া ১২:৩৪ বজাৰ পৰা ০১:২১ বজালৈ চলিব ।
- অপ্ৰহাহ্ন কাল- দুপৰীয়া ০১:২১ বজাৰ পৰা ০৩:৪৩ বজালৈ ।
এই বছৰ কোনখন বাহনত আহিব মা দুৰ্গা ?
দুৰ্গা দেৱীৰ বাহন সিংহ কিন্তু প্ৰত্যেকবাৰে মৰ্ত্যলৈ আহিলে বেলেগ বেলেগ বাহনত আহে ৷ জ্যোতিষীৰ মতে ইয়াৰো আছে বহু অৰ্থ ৷ এইবাৰ দেৱী দুৰ্গা দোলাত আহিব আৰু প্ৰস্থান কৰিব ঘোঁৰাত ৷
সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ ৷ এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামেৰে জনাজাত ৷ এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায় ৷ পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয় আৰু পূৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় ৷ হিন্দু ধৰ্মৰ শাক্তবাদ পৰম্পৰাত দুৰ্গা পূজা এক গুৰুত্বপূৰ্ণ উৎসৱ ৷ ইফালে, কলকাতাৰ দুৰ্গা পূজা ২০২১ চনত ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত সন্নিবিষ্ট হৈছে ৷ এইবাৰ অসমৰ লগতে কলকাতাতো অতি আড়ম্বপূৰ্ণভাৱে পালন কৰা শাৰদীয় দুৰ্গোৎসৱ ৷
দেৱী ভাগৱত পুৰাণ
দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি আৰাধনা কৰে আৰু এই সময়খিনিত তেওঁ তিনি বাগ্ভব বীজ জপ কৰে, লগতে আহাৰ আৰু শ্বাস গ্ৰহণ পৰিত্যাগ কৰি বছৰ-বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিয় কয় যে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওক ৷ মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছোঁ ৷ বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা ৷”
ব্ৰহ্মবৈবৰ্ত পুৰাণ
ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ ৷ দুৰ্গা পূজাৰ প্ৰৱৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায় ৷ কোৱা হয় যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই ৷ দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায় ৷ এই মূৰ্তিসমূহৰ মধ্যস্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ ৷ আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক ৷
‘দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক ৷ অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে হৈছে দুৰ্গা ৷ দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি ৷ পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে ৷ মা দুৰ্গা দেৱীৰ ৰূপ নটা ৷ শাস্ত্ৰত বৰ্ণনা কৰা মতে, সেই নামসমূহ হ’ল একেধাৰে— শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী ৷

