ETV Bharat / health

আপুনিও কৰে নেকি এই কাম, সাৱধান চিৰদিনৰ বাবে হেৰুৱাব পাৰে দৃষ্টিশক্তি

কি হয় স্মাৰ্টফোন ভিজন চিণ্ড্ৰম ? স্মাৰ্টফোন ভিজন চিণ্ড্ৰমৰ লক্ষণ আৰু ই চকুক কিদৰে ক্ষতি কৰে, আজি এই বিষয়ে জানো আহক-

what is smartphone vision syndrome know all about causes symptoms treatment
আপুনিও কৰে নেকি এই কাম, সাৱধান চিৰদিনৰ বাবে হেৰুৱাব পাৰে দৃষ্টিশক্তি (ETV Bharat)
author img

By ETV Bharat Health Team

Published : February 8, 2025 at 4:41 PM IST

4 Min Read
Choose ETV Bharat

আজিৰ আধুনিক যুগত স্মাৰ্টফোনটো আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে ৷ স্মাৰ্টফোনটোৰ বাবে আমাৰ বহু ক্ষেত্ৰত সুবিধা হৈছে ঠিকেই, কিন্তু অভাৱনীয় ক্ষতিও হৈছে ৷ স্মাৰ্টফোন তথা স্ক্ৰীণৰ অত্যাধিক ব্যৱহাৰে বিশেষকৈ আমাৰ চকুৰ যথেষ্ট ক্ষতি কৰিছে ৷ স্ক্ৰীণ বা পৰ্দাত অধিক সময় অতিবাহিত কৰাৰ বাবে আমি সন্মুখীন হোৱা এনে এটা গুৰুতৰ সমস্যা হৈছে স্মাৰ্টফোন ভিজন ছিণ্ড্ৰ’ম, যাক ডিজিটেল চকুৰ চাপ বুলিও কোৱা হয় ৷

স্মাৰ্টফোন ভিজন ছিণ্ড্ৰ’মে খুব কম দিনতে বিশ্বব্যাপী লাখ লাখ লোকক প্ৰভাৱিত কৰিছে ৷ খুব বেছিকৈ স্ক্ৰীণৰ নীলা পোহৰৰ সংস্পৰ্শলৈ অহাৰ বাবে এই অসুবিধাৰ সৃষ্টি হয় ৷ স্মাৰ্টফোনৰ পৰা নিৰ্গত নীলা পোহৰ দীৰ্ঘসময় ধৰি চকুত লাগি থাকিলে চকুৰ পেশী ভাগৰুৱা হৈ পৰে ৷ ইয়াৰ ফলত দৃষ্টি সম্পৰ্কীয় বিভিন্ন সমস্যা হ'ব পাৰে ৷ গড় হিচাপত সমগ্ৰ বিশ্বৰ লোকসকলে প্ৰতিদিনে প্ৰায় ৬ ঘণ্টা ৪০ মিনিট সময় স্ক্ৰীণত অতিবাহিত কৰে ৷

উল্লেখ্য যে, ২০১৩ৰ তুলনাত এতিয়া মানুহে দৈনিক ৩০ মিনিট অধিক সময় স্ক্ৰীণত অতিবাহিত কৰে ৷ ‘জেনেৰেশ্যন জেড’ অৰ্থাৎ যিসকলৰ জন্ম ১৯৯৭ৰ পৰা ২০১২ৰ ভিতৰত হৈছে, তেওঁলোকে গড় হিচাপত দৈনিক ৯ ঘণ্টাতকৈ অধিক সময় স্ক্ৰীণত অতিবাহিত কৰে ৷ আমি আমাৰ দৈনন্দিন জীৱনত মনোৰঞ্জন, যোগাযোগ তথা অন্যান্য কামৰ নামত বিভিন্ন ডিজিটেল মাধ্যমত কিমান নিৰ্ভৰশীল, স্ক্ৰীণত অতিবাহিত কৰা বৰ্ধিত সময়ে, সেয়া নিশ্চিতভাৱে প্ৰমাণ কৰিছে ৷

স্মাৰ্টফোন ভিজন ছিণ্ড্ৰ’মৰ কাৰণসমূহ

স্মাৰ্টফোনৰ পৰা নিৰ্গত নীলা পোহৰত তৰংগ দৈৰ্ঘ্য থাকে, যিয়ে গুৰুত্বপূৰ্ণ শক্তি উৎপাদন কৰে ৷ এই নীলা পোহৰে শিশুৰ চকুত আৰু অধিক প্ৰভাৱ পেলাব পাৰে ৷ কিয়নো তেওঁলোকৰ চকুত প্ৰাপ্তবয়স্কৰ তুলনাত নীলা পোহৰ ফিল্টাৰিং ক্ষমতা যথেষ্ট কম ৷ যাৰ ফলত শিশুয়ে খুব কম বয়সতে দৃষ্টি শক্তি পৰ্যন্ত হেৰুৱাব পাৰে ৷ তদুপৰি, স্ক্ৰীণত অধিক সময় কটোৱাৰ ফলত চকুত চাপ পৰে আৰু মূৰৰ বিষ, শুকান চকুৰ দৰে বিভিন্ন সমস্যা হ'ব পাৰে ৷

স্মাৰ্টফোন ভিজন ছিণ্ড্ৰ’মৰ লক্ষণ

১. চকুত ভাগৰ, চাপ অনুভৱ কৰা

২. শুকান চকু

৩. অস্পষ্ট দৃষ্টি

৪. মূৰৰ বিষ

৫. কম টোপনি

৬. ডিঙি আৰু কান্ধৰ বিষ

স্মাৰ্টফোন ভিজন ছিণ্ড্ৰ’মৰ চিকিৎসা

ডিজিটেল স্ক্ৰীণ সম্পৰ্কীয় চকুৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে প্ৰথমেই স্ক্ৰীণ ব্যৱহাৰৰ সময় হ্ৰাস কৰিব লাগিব ৷ তদুপৰি, নিয়মীয়া চকুৰ যত্নৰ দ্বাৰাও ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি ৷ ছশমাৰ প্ৰয়োজন নোহোৱা লোকসকলে বিশেষভাৱে ডিজিটেল স্ক্ৰীণ ব্যৱহাৰৰ বাবে ডিজাইন কৰা ছচমা বা লেন্সৰ ব্যৱহাৰ কৰিও লাভান্বিত হ'ব পাৰে ৷ যিসকলে ইতিমধ্যে ছশমা পিন্ধে তেওঁলোকেও স্ক্ৰীণ সুৰক্ষা দিয়া ছচমাৰ বিশেষ গ্লাছ ব্যৱহাৰ কৰিব ৷ কিন্তু চকুৰ যিকোনো সমস্যা হ'লে প্ৰথমেই চকু বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত ৷

স্মাৰ্টফোন ভিজন ছিণ্ড্ৰ’মৰ পৰা চকুক কিদৰে সুৰক্ষা দিব ?

এই সমস্যাৰ পৰা বাচি থাকিবলৈ স্ক্ৰীণৰ পৰা সঠিক দূৰত্ব বজাই ৰাখিব আৰু আন্ধাৰত স্মাৰ্টফোন ব্যৱহাৰ নকৰিব ৷ গ্লেয়াৰ আৰু চকুৰ চাপ হ্ৰাস কৰিবলৈ স্ক্ৰীণৰ উজ্জ্বলতা আৰু কনট্ৰাষ্ট মিলাই ল’ব ৷ আপুনি ২০ ছেকেণ্ডৰ বাবে ২০ ফুট দূৰত কিবা চাবলৈ প্ৰতি ২০ মিনিটত বিৰতি লৈ ২০-২০-২০ নিয়ম অনুসৰণ কৰিব পাৰে ৷ অৱশ্যে, স্ক্ৰীণ ব্যৱহাৰৰ সময় সীমিত কৰি আপুনি চকুত পৰা চাপ হ্ৰাস কৰিব পাৰে ৷

উৎস:-https://www.sanjeevannetralaya.com/post/smart-phone-syndrome

https://pmc.ncbi.nlm.nih.gov/articles/PMC8631113/

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. Smartphone Vision Syndrome: ভুলতো নকৰিব এই কাম অন্যথা চিৰদিনলৈ হেৰুৱাব পাৰে দৃষ্টিশক্তি
  2. শিশুৰ চকুত এই লক্ষণ দেখিলেই হৈ যাওক সাৱধান! হ’ব পাৰে চকুৰ কেন্সাৰ
  3. কনটেক্ট লেন্স পৰিধান কৰাৰ পূৰ্বে মনত ৰখা উচিত এইসমূহ কথা