কি হয় Seizure Attack ? এই কাৰণতে হৈছিল নেকি জুবিন গাৰ্গৰ মৃত্যু ?
জুবিন গাৰ্গ আৰু নাই! ছিংগাপুৰত লাইফ জেকেট পিন্ধি যেতিয়া সাগৰত সাঁতুৰিছিল, তেতিয়াই তেওঁৰ Seizure Attack আহে, কিন্তু আপুনি জানেনে এই Seizure Attack দৰাচলে হয় কি-

Published : September 20, 2025 at 2:33 PM IST
আজিকালি প্ৰতিজন ব্যক্তি কিবা নহয় কিবা ৰোগত আক্ৰান্ত ৷ আমি প্ৰতিটো ৰোগৰ বিষয়ে ভালদৰে জ্ঞাত নহয় ৷ শুক্ৰবাৰে অসমবাসীৰ বাবে আহে অতি দুখৰ খবৰ ৷ অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ seizure attackত মৃত্যু হয় বুলি সংবাদমাধ্যমৰ আগত পত্নী গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰে যদিও মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ পৰাহে মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব ৷ কিন্তু পূৰ্বেও জুবিন গাৰ্গে এই সমস্যাত ভুগিছিল বুলি উল্লেখ কৰে পত্নী গৰিমা শইকীয়া গাৰ্গে ৷ সেয়ে বহুজনৰ মনত প্ৰশ্ন উত্থাপন হৈছে এই Seizure Attack কি আৰু মৃগী ৰোগৰ সৈতে ই একে নেকি ?
মৃগীৰোগক Epilepsy বুলি কয় ৷ ই এক স্নায়ুজনীত ৰোগ, যি মস্তিষ্কৰ অস্বাভাৰিক অৱস্থাৰ পৰা এই ৰোগ হয় ৷ এনে ৰোগী সাধাৰণ অৱস্থাত আন মানুহৰ দৰেই থাকে ৷ ৰোগটো হোৱাৰ লগে লগে ৰোগী অজ্ঞান হৈ পৰে আৰু মাটিত পৰি ছটফটাবলৈ ধৰে ৷ কিন্তু seizure এটা লক্ষণহে, ৰোগটো বেলেগ বেলেগ হ’ব পাৰে ৷ কিন্তু মৃগীৰোগক চিজাৰৰ কাৰণ হ’ব পাৰে ৷ যিকোনো মানুহৰ যিকোনো সময়ত চিজাৰ বা মৃগীৰোগ হোৱাৰ সম্ভাৱনা সদায় থাকে ৷
কেনেকৈ হয় এই ৰোগ ?
এই ৰোগ কেতিয়া হ’ব ৰোগীজনে কেতিয়াও গম নাপায় ৷ এই ৰোগৰ ঔষধ সদায় সঠিক সময়ত খাব লাগে ৷ Epilepsyক উৎস আৰু লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি জেনেৰেলাইজদ চিজাৰ বা পাৰ্চিয়েল চিজাৰ দুটা শ্ৰেণীত ভগাব পাৰি ৷ জেনেৰেলাইজদ চিজাৰ হলে মস্তিষ্কৰ দুয়োটা গোলাৰ্দ্ধৰ পৰাই একে সময়তে তৰংগ সমূহ নিৰ্গত হয় ৷ ফলত সৰ্বশৰীৰতেই ইয়াৰ প্ৰভাৱ দেখা যায় ৷ ফিট হওঁতে জিভাত কামোৰ খাব পাৰে ৷ ৰোগীৰ অজ্ঞাতে শৌচ-প্ৰসাৱ নিৰ্গত হব পাৰে ৷ তাৰ পিছত ৰোগী কেইমিনিটমানৰ বাবে সজ্ঞাহীনহৈ পৰে ৷ আনহাতে পাৰ্চিয়েল চিজাৰ হলে মগজুৰ কোনো এটা নিৰ্দিষ্ট অংশৰ পৰা তৰংগৰ উৎপত্তি হয় ৷ যদি ৰোগীয়ে সঞ্জা হেৰুৱায় তেতিয়া ইয়াক পাৰ্চিয়েল কম্প্লেস্ক চিজাৰ বোলে আৰু চেতনা নেহেৰুৱালে ইয়াক পাৰ্চিয়েল চিম্পল চিজাৰ বোলে ৷ পাৰ্চিয়েল বা ফকেল চিজাৰত সাধাৰণতে ফিট হোৱাৰ আগতে ৰোগীয়ে এটা বিশেষ অনুভূতি লাভ কৰে- যাক ঔৰা (Aura) বোলে ৷ ঔৰাত ৰোগীজনে মূল অসুখটো (এটেক)হোৱাৰ আগতে নানান বিচিত্ৰ অনুভূতিৰ মুখামুখি হয় ৷ তেওঁ কাণেৰ কিবা শুনিবলৈ বা চকুৰে কিবা দেখিবলৈ পাব পাৰে, মূৰ ঘূৰাব পাৰে, মূৰটো পাতল যেন লাগিব পাৰে, বমিৰ ভাৱ হব পাৰে ইত্যাদি ৷ বহুতো মাইগ্ৰেইনৰ ৰোগীয়েও ঔৰা অনুভৱ কৰে ৷ জেনেৰেলাইজদ চিজাৰত (আন নাম গ্ৰেণ্ডমাল ইপিলেপ্সি)ঔৰা অনুভৱ নহয় ৷ জেনেৰেলাইজদ চিজাৰ দুই ধৰণৰ হব পাৰে – জোকাৰণি থকা বা কনভালচনযুক্ত (Convulsive), নহলে জোকাৰণি নথকা বা কনভালচন নোহোৱা (Non-convulsive) ৷
প্ৰথম বিধত ঔৰা নাথাকে যদিও অসুখৰ আৰম্ভ হয় “গা বেয়া লগা অনুভৱেৰে”, তাৰ পিছত মাংসপেশীবোৰ কঠিন হৈ পৰে, মুখেৰে চিঞৰ বা শব্দ বাহিৰ হয়, লেলাৱতি ওলায়, জিভা কামোৰ খাব পাৰে, শ্বাস-প্ৰশ্বাস অস্বাভাবিক হয়, ৰক্তচাপ আৰু হৃদগতি বাঢ়ে, শৰীৰ নীলা পৰে – খন্তেক পিছতেই কেউটা হাত-ভৰিৰ মাংসপেশী শিথিল হৈ পৰে ৷ এইদৰে এবাৰ সংকোচন, এবাৰ শিথিল হোৱাৰ প্ৰক্ৰিয়াৰে কেইমিনিটমানলৈ এটেক চলি থাকে (Generalized Tonic Clonic Convulsive Seizures) ৷ তাৰ পিছত ৰোগী শান্ত, অৱস, ভ্ৰান্ত হয়- মূৰৰ বিষ আৰু নিদ্ৰা অনুভৱ কৰে ৷
দ্বিতীয় বিধ অসুখত সাধাৰণতে কমবয়সীয়া শিশু বা কৌশোৰক আক্ৰান্ত হোৱা দেখা যায় ৷ ৰোগী হঠাৎতে সংজ্ঞাহীন হৈ পৰে, শৰীৰৰ সকলো মাংসপেশী নিষ্ক্ৰিয় হৈ পৰে, চকু একেথৰ হৈ ৰৈ পৰিব পাৰে – এই অৱস্থাটো দহ চেকেণ্ডমান থাকে আৰু দিনটোত বহুবাৰ এনে হব পাৰে ৷ আনকি কেতিয়াবা অভিভাৱকৰ চকুত নপৰিবও পাৰে ৷ ই হ’ল Generalized Non Convulsive Seizures আন নাম Petit Mal Epilepsy ৷ এটেক হোৱাৰ পিছত ৰোগীয়ে অৱসাদ, ক্লান্তিবোধ কৰিব পাৰে নাইবা ঘন ঘনকৈ নিশ্বাস লব পাৰে ৷ ইইজিৰ দ্বাৰা সহজতে এই ৰোগক চিনাক্ত কৰিব পাৰি ৷
তদুপৰি চিকিৎসকসকলে ৰোগীৰ বয়স, লক্ষণ, সম্ভাব্য কাৰণ আৰু বিভিন্ন তথ্যৰ (যেনে ইইজিৰ তথ্য, দৰবৰ প্ৰভাৱ আদিৰ) ওপৰত ভিত্তি কৰি নানান ইপিলেপ্সি চিনড্ৰম ঠাৱৰ কৰিছে ৷ ইপিলেপ্সিত বংশানুক্ৰমিক প্ৰভাৱ বিশেষভাৱে দেখা যায় যদিও সকলোবিলাক ইপিলেপ্সিতেই বংশানুক্ৰমিক প্ৰভাৱ নাথাকে ৷ বিশেষকৈ জুভেনাইল মায়ক্লনিক ইপিলেপ্সি আৰু বিনাইন ফেমেলিয়েল ইপিলেপ্সিৰ ক্ষেত্ৰত বংশানুক্ৰমিক প্ৰভাৱ দেখা যায় ৷
লগতে পঢ়ক

