ETV Bharat / health

ক্লাছিকেল ছোৱাইন ফিভাৰ-আফ্ৰিকান ছোৱাইন ফিভাৰ তথা ছোৱাইন ফ্লুৰ সন্দৰ্ভত নজনা কিছু কথা

ক্লাছিকেল ছোৱাইন ফিভাৰ, আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু ছোৱাইন ফ্লু বেমাৰৰ সন্দৰ্ভত কি ক’লে পশু চিকিৎসা বিষয়া ৰিপুঞ্জয় চক্ৰৱৰ্তী জানো আহক-

AFRICAN SWINE FEVER
ক্লাছিকেল ছোৱাইন ফিভাৰ-আফ্ৰিকান ছোৱাইন ফিভাৰ তথা ছোৱাইন ফ্লুৰ সন্দৰ্ভত নজনা কিছু কথা (ETV Bharat)
author img

By ETV Bharat Health Team

Published : April 5, 2025 at 3:34 PM IST

3 Min Read
Choose ETV Bharat

ৰাজ্যত ক্ৰমৰ্বধমান হাৰত গাহৰি বজাৰখনে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছে, ফলত ৰাজ্যত গাহৰি মাংসৰ চাহিদা দিনক দিনে বৃদ্ধি পাই গৈ আছে ,সেয়েহে জীবিকা সম্বল হিচাপে গাহৰি পালনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে বহুলোকে, কিন্তু গাহৰি পালনৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা আৰু প্ৰতিষেধকৰ ক্ষেত্ৰত গাহৰি পালকসকলে বহুক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাত হেমাহি কৰা পৰিলক্ষিত হয়, ফলত ইয়াৰ পৰিণাম ভয়াৱহ হৈ পৰে, সেয়েহে গাহৰি পালন কৰাৰ সময়ত আমি কোনবোৰ দিশত গুৰুত্ব দিব লাগে তথা গাহৰিৰ ক্ষেত্ৰত দেখা দিয়া বেমাৰ সমূহনো কি ? যিসমূহ মনুষ্যৰ দেহলৈও বিষপিব পাৰে এই সন্দৰ্ভত জানিবলৈ আমি কাষ চাপিছিলো যোৰহাট জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ৰিপুঞ্জয় চক্ৰৱৰ্তীৰ ওচৰত জানো আহক এই সন্দৰ্ভত তেওঁ কি কয়-

ক্লাছিকেল ছোৱাইন ফিভাৰ কি আৰু ইয়াৰ লক্ষণসমূহ

পশু চিকিৎসা বিষয়া ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে কয়, সচৰাচৰ গাহৰিৰ ক্ষেত্ৰত আমি তিনিটা প্ৰধান বেমাৰ দেখিবলৈ পাওঁ আৰু সেয়া হৈছে ক্লাচিকেল ছোৱাইন ফিভাৰ, আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু ছোৱাইন ফ্লু ৷ গাহৰিৰ ক্ষেত্ৰত দেখা দিয়া ''ক্লাছিক ছোৱাইন ফিভাৰ'' ৰোগৰ চিকিৎসা সম্ভৱ আৰু প্ৰতিষেধকৰ ব্যৱস্থাও আছে ৷ জ্বৰ, ছয়কোণীয়া গা, যি সমূহ গা ৰঙা নিচিনা হয় তেতিয়া ই আমি গ'ম পাব লাগিব সেয়া গাহৰিৰ গাত ক্লাছিকেল ছোৱাইন ফিভাৰ আৰু পৰ্যায় ক্ৰমে পশু চিকিৎসা বিভাগৰ ফালৰ পৰা এই ৰোগৰ প্ৰতিষেধক গ্ৰামাঞ্চলত দি থকা হৈছে ৷

পশু চিকিৎসা বিষয়া ৰিপুঞ্জয় চক্ৰৱৰ্তী (ETV Bharat)

আফ্ৰিকান ছোৱাইন ফিভাৰ কি আৰু ইয়াৰ লক্ষণসমূহ

গাহৰি গাত দেখা আফ্ৰিকান ছোৱাইন ফিভাৰ বেমাৰৰ সন্দৰ্ভত পশু চিকিৎসা বিষয়া ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে কয় যে, এই ৰোগ গাহৰিৰ দেহত দেখা দিলে ইয়াৰ কোনো চিকিৎসা নাই আৰু আজি পৰ্যন্ত এই ৰোগৰ প্ৰতিষেধক ওলোৱা নাই, য’ত এই বেমাৰ হয় , সেই স্থানৰ পৰা ১ কিলোমিটাৰ দূৰ পৰ্যন্ত গাহৰিসমূহ মাৰি পেলোৱা হয় আৰু ১০কিলো মিটাৰ পৰ্যন্ত গাহৰি অনা নিয়া আৰু বেচা কিনা সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হয়, এয়া কেন্দ্ৰীয় চৰকাৰ নীৰ্তি নিৰ্দেশনা ৷ আফ্ৰিকান ছোৱাইন ফিভাৰ হ’লে গাহৰি গোটেই শৰীৰটো ৰঙা পৰি যায় আৰু দুই তিনিদিনৰ ভিতৰত গাহৰিটো মৰি যায় আৰু ইয়াৰ সংক্ৰমণ অতি দ্ৰুত হাৰত হয় ৷

ছোৱাইন ফ্লু কি আৰু ইয়াৰ লক্ষণসমূহ কেনেধৰণৰ ?

আনহাতে, গাহৰিৰ পৰা মানুহৰ দেহলৈ সংক্ৰমণ ঘটা ৰোগটো হ’ল ছোৱাইন ফ্লু ৷ এই ৰোগ হ’লে জ্বৰ, চদি আৰু কাহ হয়, অৰ্থাৎ ক’ৰোনা দৰে লক্ষণসমূহে দেখা দিয়ে কিন্তু এই ৰোগ হ’লে সাতৰ পৰা দহ দিনৰ ভিতৰতেই নিৰাময় হয় ৷ জনাই দিও যে ছোৱাইন ফ্লু প্ৰথমে ধৰা পৰিছিল ১৯১৯ চনত মেস্কিকত ৷ চিকিৎসকে কয় যে, এই ৰোগ গাহৰিৰ পৰা মানুহৰ দেহলৈ সংক্ৰমণ ঘটিলে কোনো ভয় বা শংকা ৰখাৰ প্ৰয়োজন নাই ৷

গাহৰি পালকসকলে পালন কৰিবলগীয়া নিয়মসমূহ

আনহাতে, বিজ্ঞান সন্মতভাৱে গাহৰি পালন আৰু পশু চিকিৎসা বিভাগৰ নীৰ্তি নিৰ্দেশনা অনুসৰি কাম কৰিলে আৰু বছৰেকত দুবাৰ ভেকচিনৰ ব্যৱস্থা কৰি থাকিলে গাহৰি পালকসকল যথেষ্টভাৱে উপকৃত হ’ব পাৰিব বুলি কোৱা লগতে ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি যোৰহাট জিলা পশু চিকিৎসা বিষয়া ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক

  1. মৰিয়নীত ছোৱাইন ফ্লুৰ আতংক, গাহৰি ক্ৰয় তথা বিক্ৰীত নিষেধাজ্ঞা - Swine flu Outbreak
  2. শোণিতপুৰত আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰভাৱ: জিলা দণ্ডাধীশৰ নিষেধাজ্ঞা জাৰি
  3. International Epidemic Preparedness Day: আন্তঃৰাষ্ট্ৰীয় মহামাৰী প্ৰস্তুতি দিৱসে মহামাৰীক লৈ সজাগতা আনে মানুহৰ মাজত