পৰ্যাপ্ত পৰিমাণে নুশুলে ভুগিবলৈ সাজু হওক এই সমস্যাত
Poor Sleep Effects On Our Body: চিকিৎসকৰ মতে প্ৰতিজন ব্যক্তিক প্ৰতিদিনে ৬ ঘণ্টা টোপনিৰ প্ৰয়োজন হয়, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে কমকৈ শুলে শৰীৰত কেনে প্ৰভাৱ পৰিব পাৰে ? যদি নাজানে তেন্তে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

Published : February 28, 2024 at 8:37 PM IST
আপুনি নিশ্চয় প্ৰায়ে শুনিছে যে সুস্বাস্থ্যৰ বাবে পৰ্যাপ্ত পৰিমাণে শোৱাটো কিমান প্ৰয়োজনীয় ৷ যদি আমি পৰ্যাপ্ত পৰিমাণে নুশুও তেন্তে ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰত দেখা যায় ৷ টোপনি হৈছে এক অপৰিহাৰ্য শাৰীৰিক কাৰ্য যিয়ে আমাক শৰীৰক সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="">
এনে পৰিস্থিতিত যদি আপুনি পৰ্যাপ্ত পৰিমাণে নুশুৱে তেন্তে ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বহুতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে ৷ গতিকে শৰীৰ আৰু মন উভয়ে সুস্বাস্থ্য আৰু কাৰ্যক্ষমতাৰ বাবে পৰ্যাপ্ত পৰিমাণে টোপনি লোৱাটো উচিত ৷ কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে আপুনি পৰ্যাপ্ত পৰিমাণে নুশুলে আপোনাৰ শৰীৰৰ কেনে ধৰণৰ পৰিৱৰ্তন হ’ব পাৰে ? যদি নাজানে তেন্তে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-
ক্লান্তি আৰু খিংখিঙীয়া-
টোপনিয়ে আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰে, গতিকে যদি আপুনি পৰ্যাপ্ত পৰিমাণে নুশুৱে তেন্তে আপুনি ভাগৰুৱা আৰু খিংখিঙীয়া অনুভৱ কৰিব পাৰে কাৰণ আপোনাৰ শৰীৰে সঠিকভাৱে কাম কৰিবলৈ পৰ্যাপ্ত জিৰণিৰ প্ৰয়োজন ৷
হৃদৰোগ -
পৰ্যাপ্ত পৰিমাণে নুশুলে আপোনাৰ হৃদযন্ত্ৰত চাপৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ ফলত উচ্চ ৰক্তচাপ হ’ব পাৰে আৰু সময়ৰ লগে লগে হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷
ডায়েবেটিছ-
আজিকালি ডায়েবেটিছৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ এনে পৰিস্থিতিত কম টোপনিও ইয়াৰ কাৰণ হ’ব পাৰে ৷ দৰাচলতে সঠিক পৰিমাণে নুশুলে চেনি সমৃদ্ধ আৰু জাংক ফুড খোৱাৰ হেঁপাহ বাঢ়ি যায় ৷ ইয়াৰ ফলত উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদিৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷
মনোনিৱেশ কৰাত অসুবিধা-
পৰ্যাপ্ত পৰিমাণে নুশুলে কোনো কথাত মনোযোগ দিবলৈ অসুবিধাৰ সৃষ্টি হয় ৷ আপোনাৰ মগজুৱে তথ্য প্ৰেৰণ আৰু স্মৃতি সংৰক্ষণৰ বাবে টোপনিৰ প্ৰয়োজন ৷ যেতিয়া আপুনি ভাগৰুৱা হয় তেতিয়া আপোনাৰ মগজুৱে সঠিকভাৱে কাম নকৰে আৰু আপোনাৰ কামবোৰত মনোনিৱেশ কৰাটো কঠিন হৈ পৰে ৷
ওজন বৃদ্ধি-
পৰ্যাপ্ত পৰিমাণে নুশুলে নকৰিলে আপোনাৰ ওজনত প্ৰভাৱ পৰিব পাৰে ৷ আপুনি ভাগৰুৱা হ’লে চেনি আৰু চৰ্বি বেছি থকা খাদ্যৰ বাবে লোভ বৃদ্ধি পাব পাৰে ৷ ইয়াৰ উপৰিও টোপনিৰ অভাৱত হৰম’নৰ ভাৰসাম্যহীনতা হয়, যাৰ ফলত ভোক বৃদ্ধি পাব পাৰে আৰু ইয়াৰ ফলতে বহুলোকেই মেদবহুলতাৰ দৰে সমস্যাত ভোগে ৷
সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।
লগতে পঢ়ক: ফাগুনৰ সময়ছোৱাত শিশুসকলৰ স্বাস্থ্যৰ কেনেধৰণে যতন ল'ব লাগে ?

