ETV Bharat / health

আপোনাৰ স্বাস্থ্যৰ বাবে অতি লাভদায়ক ৰঙা জলকীয়া; কিন্তু কেনেকৈ ? - ৰঙা জলকীয়াৰ উপকাৰিতা

Red Chili Health Benefits: ভাৰতীয় খাদ্যত ৰঙা জলকীয়াৰ যথেষ্ট গুৰুত্ব আছে । আপুনি জানেনে যে ই কেৱল খাদ্যৰ সোৱাদ আৰু ৰং বৃদ্ধি কৰাই নহয় ই আপোনাৰ স্বাস্থ্যৰ বাবেও বহুতো উপকাৰিতা সাধন কৰে । এনে পৰিস্থিতিত যদি আপুনিও ইয়াৰ পৰা আঁতৰি থাকে তেন্তে এবাৰ পঢ়ক এই প্ৰতিবেদন ৷

What are the health benefits of red chili?
আপোনাৰ স্বাস্থ্যৰ বাবে অতি লাভদায়ক ৰঙা জলকীয়া; কিন্তু কেনেকৈ ?
author img

By ETV Bharat Assamese Team

Published : February 14, 2024 at 3:24 PM IST

2 Min Read

যদিও আজি বহুলোকে ভয়ে ভয়ে খাদ্যত ইয়াক ব্যৱহাৰ কৰে, কিন্তু প্ৰতিখন ঘৰৰ পাকঘৰত নিশ্চিতভাৱে উপলব্ধ ৷ ইয়াৰ অবিহনে খাদ্যৰ সোৱাদ আধৰুৱা ৷ কিন্তু আপুনি জানেনে যে ই আমাৰ খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ দিশতো অতি উপকাৰী, ৰঙা জলকীয়া খোৱাটোৱে আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত অতি উপকাৰী ৷ যদি আপুনিও এই মছলাবিধ ভাল পায়, তেন্তে ইয়াৰ ৫টা ডাঙৰ উপকাৰিতা জানি লওক-

পাচনতন্ত্ৰ শক্তিশালী হৈ উঠে: ৰঙা জলকীয়া সেৱন কৰিলে আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী হয় ৷ কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলেও পেট পৰিষ্কাৰ কৰাত ই অতি উপকাৰী ৷

অন্ত্ৰ সুস্থ কৰি ৰাখে: যদি আপুনি আপোনাৰ খাদ্য তালিকাত ৰঙা জলকীয়া অন্তৰ্ভুক্ত কৰে, তেন্তে ই আপোনাৰ অন্ত্ৰ সুস্থ কৰি ৰখাতো সহায় কৰে ৷ কেৱল এয়াই নহয়, ইয়াক খালে হৃদযন্ত্ৰৰ স্বাস্থ্যও উন্নত হয়, কাৰণ ইয়াত থকা এন্টিঅক্সিডেন্টে ৰক্তবাহী নলীত বন্ধ হৈ যাবলৈ নিদিয়ে ৷

ওজন কমোৱাত সহজ হৈ পৰে: খাদ্যত ৰঙা জলকীয়া অন্তৰ্ভুক্ত কৰিলে ওজন হ্ৰাসৰ বাবে অতি উপকাৰী ৷ যিহেতু ইয়াত উপস্থিত থকা কেপচাইচিন নামৰ মৌলে শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু কেলৰি সোনকালে জ্বলি যায় ৷

ৰক্তচাপ নিয়ন্ত্ৰণ কৰে: উল্লেখ্য যে, ৰঙা জলকীয়া সেৱন কৰিলেও আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ৷ যিহেতু ইয়াত উচ্চ পটাছিয়াম থাকে, গতিকে ই আপোনাৰ বি পি নিয়ন্ত্ৰণত ডাঙৰ ভূমিকা ল’ব পাৰে ৷

বাতবিষ প্ৰতিৰোধ কৰে: বাতবিষ প্ৰতিৰোধৰ ক্ষেত্ৰতো ৰঙা জলকীয়া অতি ফলপ্ৰসূ বুলি বিবেচিত হয় ৷ ইয়াত প্ৰচুৰ পৰিমাণে কেপচাইচিন’ইড থাকে, যিয়ে আপোনাক গাঁঠিৰ বিষৰ পৰা সকাহ দিব পাৰে ৷ জনাই দিও যে ৰঙা জলকীয়া বিভিন্ন উপকাৰিতাৰে সমৃদ্ধ হ’লেও ইয়াক অতিৰিক্তভাৱে খালে আপোনাৰ বাবে ক্ষতিকাৰক বুলিও প্ৰমাণিত হ’ব পাৰে ৷ এনে পৰিস্থিতিত সীমিত পৰিমাণতহে খাদ্যত ৰঙা জলকীয়া ব্যৱহাৰ কৰাটো উচিত ৷

লগতে পঢ়ক: অতিমাত্ৰা খাদ্যৰে নহয় বৰঞ্চ এই স্বাস্থ্যসন্মত পদ্ধতিৰে বৃদ্ধি কৰক ওজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.