প্ৰাণায়াম হৈছে এনে এক প্ৰক্ৰিয়া, য'ত মানুহে নিজৰ উশাহ-নিশাহৰ ওপৰত গুৰুত্ব দিব লাগে ৷ ইয়াত বিভিন্ন ধৰণে আৰু কিছু সময়ৰ বাবে নিজৰ উশাহ-নিশাহ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰা হয়, যিটো স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ প্ৰাণায়াম কৰিলে স্বাস্থ্যৰ বহু উপকাৰিতা সাধন হয়, যাৰ বাবে যোগাসনত ইয়াৰ বিশেষ গুৰুত্ব আছে ৷ ইয়াৰ দ্বাৰা লাভ কৰা উপকাৰিতাৰ বাবে পশ্চিমীয়া সভ্যতাসমূহেও ইয়াক ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ লৈছে ৷ দৈনিক প্ৰাণায়াম কৰাটো আপোনাৰ বাবে কেনেদৰে উপকাৰী হ’ব পাৰে জানো আহক-
ভাল টোপনি
বৰ্তমানৰ দ্ৰুতগতিত চলি থকা জীৱনত শান্তিৰে টোপনি যোৱাটো এক সাফল্যতকৈ কম নহয় ৷ টোপনিৰ অভাৱৰ বাবে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে, যাৰ পৰিণতি ভৱিষ্যতে বহন কৰিবলগীয়া হ’ব পাৰে ৷ প্ৰাণায়ামে এই সমস্যা দূৰ কৰাত সহায় কৰে ৷ প্ৰাণায়াম কৰিলে শৰীৰে শিথিলতা লাভ কৰে, যাৰ ফলত ভাল টোপনি ভাল হয় ৷ গতিকে দৈনিক ৫ মিনিট প্ৰাণায়াম কৰিলে আপোনাৰ বাবে খুবেই উপকাৰী হ’ব পাৰে ৷
হাওঁফাওঁৰ বাবে উপকাৰী
প্ৰাণায়াম কৰিলে হাওঁফাওঁ শক্তিশালী কৰাত যথেষ্ট সহায় হয় ৷ প্ৰাণায়াম কৰি থাকোঁতে গভীৰ, দীঘলীয়া উশাহ ল’ব লাগে, যাৰ বাবে হাওঁফাওঁত উপস্থিত থকা প্ৰতিটো এলভিঅ’লিত অক্সিজেন পোৱা যায় আৰু হাওঁফাওঁৰ পেশীবোৰো শক্তিশালী হৈ পৰে ৷ সেয়ে প্ৰাণায়াম কৰাটো সুস্থ হাওঁফাওঁৰ বাবে অতি উপকাৰী ৷
ৰক্তচাপ হ্ৰাস কৰাত সহায়ক
উচ্চ ৰক্তচাপৰ বাবে হাৰ্ট এটাক আৰু ষ্ট্ৰোক হোৱাৰ আশংকা থাকে । উচ্চ ৰক্তচাপৰ বাবে আন বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে । এই কাৰণে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় । সেয়ে প্ৰাণায়াম কৰিলে শৰীৰে শিথিলতা লাভ কৰে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত যথেষ্টখিনি সহায় কৰে ।
লগতে পঢ়ক: ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰাৰ লগতে বহু ৰোগৰ কাৰণ এইসমূহ খাদ্য