ETV Bharat / health

ভিটামিন D3ৰ অভাৱ হ’লে মহিলাসকলৰ দেহত দেখা দিয়ে এই লক্ষণ

Women's Day 2024: ভিটামিন D3ৰ অভাৱৰ বাবে শৰীৰত কিছু পৰিৱৰ্তন দেখাবলৈ আৰম্ভ কৰে, যাৰ প্ৰতি মহিলাসকলে গুৰুত্ব দিয়াটো উচিত । ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক-

Vitamin D3 Deficiency: Causes, Symptoms & Treatment
ভিটামিন D3ৰ অভাৱ হ’লে মহিলাসকলৰ দেহত দেখা দিয়ে এই লক্ষণ
author img

By ETV Bharat Assamese Team

Published : March 7, 2024 at 12:58 PM IST

|

Updated : March 7, 2024 at 1:48 PM IST

2 Min Read
Choose ETV Bharat

আমাৰ শৰীৰৰ বাবে ভিটামিন কিমান প্ৰয়োজনীয় সেয়া আমি সকলোৱে জানো৷ ইয়াৰে ভিটামিন Dক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় ৷ ই শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ অভাৱৰ বাবে হাড় আৰু পেশী দুৰ্বল হ’বলৈ আৰম্ভ কৰে ৷ ইয়াৰ অভাৱত যিকোনো ব্যক্তিয়েই ভুগিব পাৰে, বিশেষকৈ মহিলাসকলে ৷ হাড় আৰু দাঁতক মজবুত কৰি ৰখাৰ লগতে এই পুষ্টিকৰ পদাৰ্থই ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবেও দায়ৱদ্ধ ৷

মানুহৰ শৰীৰে নিজেই ভিটামিন D3 তৈয়াৰ কৰিব পাৰে আৰু ইয়াৰ বাবে প্ৰয়োজন মাথোঁ সূৰ্যৰ পোহৰ ৷ ইয়াৰ উপৰিও এই পুষ্টিকৰ উপাদান খাদ্যৰ পৰাও লাভ কৰিব পাৰি ৷ এনে পৰিস্থিতিত ইয়াৰ অভাৱৰ বাবে শৰীৰত কিছুমান লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে, যিবোৰৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় ৷ বিশেষকৈ মহিলাসকলে ৷ ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক-

ভিটামিন D3ৰ অভাৱত কি কি লক্ষণ দেখা যায় ?

বিশেষজ্ঞসকলৰ মতে, বিগত কেইবছৰমানৰ পৰা ভিটামিন D3ৰ অভাৱ সাধাৰণ হৈ পৰিছে আৰু ইয়াৰ বাবেই বহুলোক অৱসাদৰ লক্ষণ, হাড়ৰ সমস্যা আৰু ভাগৰুৱা অৱস্থাত ভোগা ৷ কিন্তু বেছিভাগ ক্ষেত্ৰতে ইয়াৰ লক্ষণ দেখা নাযায় ৷ ভিটামিন D3ৰ অভাৱৰ সাধাৰণ লক্ষণসমূহ জানো আহক-

  • চুলি সৰা
  • পেশীৰ দুৰ্বলতা
  • হাড় দুৰ্বল হোৱা
  • ভাগৰ
  • অনিদ্ৰা
  • হাড়ৰ বিষ
  • উদাস
  • ভোক কমি যোৱা
  • দুখ অনুভৱ কৰা
  • হালধীয়া ছাল
  • অতি সোনকালে অসুস্থ হৈ পৰা

চিকিৎসকে কয় যে, ইয়াৰে ভিতৰত যিকোনো লক্ষণ যদি আপোনাৰ শৰীৰত দেখা দিয়ে তেন্তে তেজ পৰীক্ষা কৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিবলৈ যত্ন কৰক ৷

ভিটামিন D3ৰ অভাৱ পূৰণৰ বাবে গ্ৰহণ কৰক এই খাদ্য

  • কণী
  • মাছৰ লিভাৰ
  • চালমন
  • ট্ৰাউট
  • মেকেৰেল
  • টুনা
  • চাৰ্ডিন
  • গাখীৰ
  • চ’য়া

কিন্তু চিকিৎসকে কয় যে, ভিটামিন ডি’ৰ অভাৱৰ অৰ্থ এইটো নহয় যে এজনৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ উপাদান নাথাকে, কিন্তু ইয়াক আওকাণ কৰাটো উচিত নহয় ৷ ইয়াৰ ফলত পেশী আৰু হাড়ত ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

লগতে পঢ়ক: FDAএ ক’লে সপ্তাহত এই বগা খাদ্যবিধ গ্ৰহণ হ্ৰাস কৰক টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা

Last Updated : March 7, 2024 at 1:48 PM IST