ৰোগ পলাব, আয়ুৰ্বেদিক বনৌষধি ব্যৱহাৰেৰে বৃদ্ধি কৰক শৰীৰৰ প্ৰতিৰোধ ক্ষমতা - Ayurvedic herbs for strong immunity
Rain Season : বাৰিষাৰ বতৰত আমাৰ চাৰিওফাল সেউজীয়া হৈ পৰে ৷ যাৰ ফলত সতেজতা অনুভৱ হয় ৷ পিছে এই সময়ছোৱাত স্বাস্থ্যৰ ক্ষেত্ৰত আহি পৰে বহুতো প্ৰত্যাহ্বান । বতৰৰ পৰিৱৰ্তনৰ লগে লগে বহু ৰোগৰ আশংকাও বৃদ্ধি হয় । কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিলে, এই ৰোগ সংক্ৰমণৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায় । এইক্ষেত্ৰত কিছুমান আয়ুৰ্বেদিক বনৌষধিয়ে অতি ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰে ।

Published : June 28, 2024 at 2:07 PM IST
|Updated : June 28, 2024 at 2:49 PM IST
বাৰিষাত কিছু আয়ুৰ্বেদিক বনৌষধি সেৱন কৰিলে আপোনাৰ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত হোৱাৰ লগতে ৰোগৰ পৰা ৰক্ষা পোৱাত সহায়ক হ’ব পাৰে । এই বনৌষধিবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতাক প্ৰাকৃতিকভাৱে শক্তিশালী কৰে আৰু সতেজ অনুভৱ কৰোৱায় ।

ইহঁতৰ নিয়মীয়া আৰু সঘনে কৰা ব্যৱহাৰে বাৰিষাৰ সময়ত হোৱা বিভিন্ন ধৰণৰ সংক্ৰমণ আৰু ৰোগ যেনে, চৰ্দি, কাহ, জ্বৰ আৰু পাচনতন্ত্ৰৰ সমস্যা আদিৰ পৰা ৰক্ষা কৰাই নহয়, বৰঞ্চ ব্যক্তিক সুস্থ আৰু শক্তিশালী কৰি ৰখাতো সহায় কৰে ।
লগতে পঢ়ক : ঘাম ওলোৱা স্বাস্থ্যৰ বাবে ভাল নে বেয়া ? বিশেষজ্ঞসকলে কি কয় জানি লওক - is sweating good for skin
ভূপালৰ জ্যেষ্ঠ আয়ুৰ্বেদিক চিকিৎসক ডাঃ ৰাজেশ শৰ্মাই কয় যে, বাৰিষাত বায়ুমণ্ডলত অতিৰিক্ত আৰ্দ্ৰতাৰ ফলত বহু প্ৰকাৰৰ বেক্টেৰিয়া বৃদ্ধি পায় । সমান্তৰালভাৱে এই বতৰত খাদ্য নষ্ট হোৱা আৰু পানীৰ লগত জড়িত সমস্যাৰ দৰে আন বহুতো সমস্যাও দেখা দিয়ে । যাৰ ফলত কেতিয়াবা গুৰুতৰ সমস্যাৰ সৃষ্টি হয় ।

মুঠতে এই ঋতুত বহুতো কাৰক আছে, যিয়ে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে । কিন্তু যদি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়, তেন্তে এই ঋতুভিত্তিক সংক্ৰমণ আৰু ৰোগৰ পৰা বাচি থাকিব পাৰি ।
উপকাৰী আয়ুৰ্বেদিক বনৌষধি :
চিকিৎসক ডাঃ ৰাজেশ শৰ্মাই উল্লেখ কৰে যে কিছুমান গুৰুত্বপূৰ্ণ আয়ুৰ্বেদিক বনৌষধি আছে, যিয়ে বাৰিষাৰ সময়ত সুস্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে । কিছুমান বনৌষধ আৰু ইয়াৰ ব্যৱহাৰৰ পদ্ধতি তলত উল্লেখ কৰা হ’ল-

গিলই বা শগুণীলতা : গিলই হৈছে অতি ফলপ্ৰসূ আয়ুৰ্বেদিক বনৌষধি, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি জ্বৰ, চৰ্দিৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে । দৈনিক গিলইৰ ৰস বা ইয়াৰ ঠাৰি উতলাই সেই পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ৷ ইয়াৰ কেপচুলো বজাৰত উপলব্ধ ৷ বতৰৰ সংক্ৰমণ আৰু জ্বৰৰ পৰা সকাহ দিয়ে গিলইয়ে । ইয়াৰ আছে বিভিন্ন স্বাস্থ্য উপকাৰিতা ৷

অশ্বগন্ধা : অশ্বগন্ধা এক আয়ুৰ্বেদিক মহৌষধ ৷ যিয়ে মানসিক চাপ হ্ৰাস কৰে আৰু শক্তি বৃদ্ধি কৰে । ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । অশ্বগন্ধাৰ গুড়ি গাখীৰ বা পানীৰ লগত মিহলাই খালে বা কেপচুল ব্যৱহাৰ কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাই নহয়, ৰোগ আৰু সংক্ৰমণৰ পৰা হাত সাৰিবলৈ শৰীৰক শক্তি প্ৰদানো কৰে ৷
তুলসী : তুলসী হৈছে এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণৰ বাবে জনাজাত আয়ুৰ্বেদিক বনৌষধি । বহু ঔষধত ইয়াক ব্যৱহাৰ কৰা হয় । চৰ্দি, কাহ, জ্বৰ আদি সমস্যাৰ পৰা সকাহ দিয়ে তুলসীয়ে । তুলসীৰ পাত চোবাই খোৱাৰ লগতে চাহৰ লগত খালেও উপকাৰিতা লাভ কৰিব পৰা যায় । কেৱল এয়াই নহয়, এগিলাচ পানীত ৫-৭ খিলা তুলসীৰ পাত দি উতলাই তাৰপিচত ফিল্টাৰ কৰি পান কৰিলে বহু উপকাৰ লাভ কৰিব পাৰি ।
আদা : আদা প্ৰদাহ নিবাৰণকাৰী আৰু এণ্টি অক্সিডেণ্ট গুণৰ বাবে বিখ্যাত । ই হজম শক্তি উন্নত কৰাৰ লগতে চৰ্দি আৰু কাহৰ পৰা উপশম দিয়ে । বাৰিষাৰ সময়ত ব্লেক টী, গ্ৰীণ টী বা সাধাৰণ পানীতো আদা দি উতলাই তাত মৌ আৰু নেমুৰ ৰস মিহলাই সেৱন কৰিলে স্বাস্থ্যৰ উপকাৰ সাধন হয় । ইয়াৰ উপৰিও আদা ভালদৰে ধুই তাৰ টুকুৰাবোৰ কেঁচাই বা পুৰি চোবাই খালেও স্বাস্থ্যৰ বহু উপকাৰ সাধন হয় । কেৱল এয়াই নহয়, খাদ্যতো আদা ব্যৱহাৰ কৰাটো অতি উপকাৰী ।

হালধি : হালধিত পোৱা কাৰকিউমিন নামৰ এবিধ উপাদানৰ এণ্টিচেপ্টিক আৰু এণ্টিবেক্টেৰিয়েল গুণ আছে । ই ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে । এগিলাচ গৰম গাখীৰত এচামুচ হালধি মিহলাই খালে বহু উপকাৰ সাধন হয় । কেৱল এয়াই নহয়, দৈনন্দিন আহাৰত মচলা হিচাপে হালধিৰ ব্যৱহাৰে খাদ্যৰ গুণাগুণ বৃদ্ধি কৰে আৰু স্বাস্থ্যৰ লাভ কৰে ।
আমলখি : আমলখি ভিটামিন চিৰ উৎকৃষ্ট উৎস আৰু ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে । ই হজম শক্তিও উন্নত কৰে । আমলখিৰ ৰস, সতেজ আৰু কেঁচা আমলখি, আমলখি পাউদাৰ বা আমলখিৰ জেলী দৈনিক গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী ।
নিম : নিমৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল গুণ আছে । ই ছালৰ সমস্যা দূৰ কৰে আৰু তেজ বিশুদ্ধ কৰে । নিমপাতৰ ৰস বা নিমৰ চাহ খালে স্বাস্থ্যৰ বহু উপকাৰ সাধন হয় । চুলিৰ পেকত নিমপাত বা ইয়াৰ পেষ্ট ব্যৱহাৰ কৰিলে চুলিৰ স্বাস্থ্যও উন্নত হয় ।
লগতে পঢ়ক : ৰুটিৰ সলনি এই খাদ্য খাওক, শীঘ্ৰেই পৰিৱৰ্তন দেখিবলৈ পাব ওজনত - Food that helps in weight loss

