আজিকালি থাইৰয়ড এটা সাধাৰণ সমস্যা হৈ পৰিছে ৷ ই শৰীৰৰ বহু অংশত বিষ আৰু অস্বস্তিৰ সৃষ্টি কৰে ৷ এই সমস্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ কাৰণ হৈছে খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ দুৰ্বলতা ৷ যেতিয়া থাইৰয়ড হৰম’নৰ মাত্ৰা ভাৰসাম্যহীন হৈ পৰে, তেতিয়া শৰীৰৰ বিভিন্ন অংশত বিষকে ধৰি বিভিন্ন ধৰণৰ সমস্যাৰ হয় ৷ যদি আপুনি অনুভৱ কৰে যে আপোনাৰ শৰীৰৰ কিছুমান অংশত বিষ আছে, তেন্তে ই থাইৰয়ডৰ সৈতে জড়িত সমস্যা হ’ব পাৰে ৷
কি এই থাইৰয়ডৰ সমস্যা ?
ডিঙিত থকা থাইৰয়ড গ্ৰন্থিৰ সঠিক পৰিমাণৰ হৰম’ন উৎপাদন নহ’লে থাইৰয়ডৰ সমস্যা হয় ৷ থাইৰয়ড গ্ৰন্থিয়ে T3 (Triiodothyronine) আৰু T4 (Thyroxine) হৰম’ন উৎপন্ন কৰে, যিয়ে শৰীৰৰ শক্তি, বিপাকীয় ক্ৰিয়া আৰু বিভিন্ন শাৰীৰিক প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে ৷ যেতিয়া এই হৰম’নবোৰৰ ভাৰসাম্যহীনতা থাকে, তেতিয়া ই থাইৰয়ডৰ সমস্যাৰ সৃষ্টি কৰে ৷
থাইৰয়ড হোৱাৰ মূল কাৰণ
পৰিয়াল সৃত্ৰে: যদি কাৰোবাৰ পৰিয়ালত কোনো থাইৰয়ড ৰোগী থাকে, তেন্তে ৰোগৰ আশংকা বৃদ্ধি হয় ৷
হৰম’নৰ ভাৰসাম্যহীনতা: মহিলাৰ হৰম’নৰ পৰিৱৰ্তন যেনে, গৰ্ভাৱস্থা, ৰজোনিবৃত্তি বা জন্ম নিয়ন্ত্ৰণৰ বড়ি খোৱাৰ ফলতো থাইৰয়ডত প্ৰভাৱ পৰিব পাৰে ৷
আয়’ডিনৰ অভাৱ: খাদ্যত আয়’ডিনৰ অভাৱ হ’লে থাইৰয়ড গ্ৰন্থিৰ কাম ভালদৰে নহ’ব পাৰে, যাৰ ফলত হাইপোথাইৰয়ডিজম (থাইৰয়ড হৰম’ন কম) হ’ব পাৰে ৷
অটোইম্যুন ডিছঅৰ্ডাৰ: কিছুমান ক্ষেত্ৰত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই থাইৰয়ড গ্ৰন্থি আক্ৰমণ কৰে, যাৰ ফলত হাছিমোট’ছ ডিজিজ (Hypothyroidism) বা গ্ৰেভছ ডিজিজ (Hyperthyroidism) আদি ৰোগ হয় ৷
মানসিক চাপ: মানসিক আৰু শাৰীৰিক চাপেও থাইৰয়ডৰ মাত্ৰাত প্ৰভাৱ পেলাব পাৰে আৰু ইয়াৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিব পাৰে ৷
দীৰ্ঘদিনীয়া ৰোগ বা ঔষধ: কিছুমান ৰোগ, যেনে ডায়েবেটিছ, আৰু কিছুমান ঔষধেও থাইৰয়ডত প্ৰভাৱ পেলাব পাৰে ৷
বেয়া খাদ্য তথা জীৱনশৈলী: অত্যধিক জাংক ফুড, কম পুষ্টি আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ ফলতো থাইৰয়ডৰ সমস্যা হ’ব পাৰে ৷
এই ঠাইত বিষ হ'লে সাৱধান হ'ব
পিঠি, কান্ধৰ বিষ
থাইৰয়ড হৰম’নৰ ভাৰসাম্যহীনতাই শৰীৰৰ শক্তিত প্ৰভাৱ পেলায় ৷ যাৰ ফলত পেশীবোৰ দুৰ্বল হৈ পৰে ৷ ইয়াৰ ফলত পিঠি আৰু কান্ধত বিষ হ'ব পাৰে ৷ বিশেষকৈ হৰম’নৰ মাত্ৰা অত্যধিক বৃদ্ধি পালে এই বিষ অহৰহ অনুভৱ হয় ৷
পেশী, গাঁঠিৰ বিষ
যেতিয়া থাইৰয়ড হৰম’ন ভাৰসাম্যহীন হয়, তেতিয়া শৰীৰৰ পেশী, গাঁঠিৰ বিষ আৰু জঠৰতা হ’ব পাৰে ৷ বিশেষকৈ ভৰি, হাত, কান্ধ আৰু আঁঠুত এই বিষ অনুভৱ হয় ৷ গাঁঠিবোৰ জঠৰো হ’ব পাৰে ৷ যাৰ ফলত খোজ কঢ়াত অসুবিধা হয় ৷
ভৰিৰ গোৰোহা ফুলা, বিষ
থাইৰয়ড হৰম’নৰ ভাৰসাম্যহীনতাই শৰীৰত তৰল পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰি ভৰিৰ গোৰোহা ফুলা আৰু বিষৰ সৃষ্টি কৰিব পাৰে ৷ এই সমস্যা বেছি বেয়া হ’লে খোজ কঢ়াতো অসুবিধা হয় ৷
ডিঙি ফুলা, বিষ হোৱা
থাইৰয়ড গ্ৰন্থি ডিঙিৰ মাজভাগত থাকে আৰু এই গ্ৰন্থিটো আক্ৰান্ত হ’লে ডিঙি ফুলি বিষ হয় ৷ লাহে লাহে এই বিষ ডিঙিৰ বাকী অংশলৈ বিয়পিব পাৰে ৷
মূৰৰ বিষ, মাইগ্ৰেইন
হাইপোথাইৰয়ডিজম (থাইৰয়ডৰ অভাৱ)ৰ বাবে তেজৰ সঞ্চালন লেহেমীয়া হয়, যাৰ ফলত মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি পাব পাৰে ৷ এই বিষ দিনটোৰ যিকোনো সময়তে হ’ব পাৰে,যি অতি কষ্টদায়ক ৷
থাইৰডৰ বিষ হ’লে কি কৰিব ?
যদি আপুনি এইবোৰ অংশত অনবৰতে বিষ অনুভৱ কৰে, তেন্তে তৎক্ষণাত থাইৰয়ডৰ কাৰ্যক্ষমতা পৰীক্ষা (যেনে T3, T4, TSH) কৰি ল'ব ৷ এই পৰীক্ষাৰ দ্বাৰা আপুনি জানিব যে, আপোনাৰ থাইৰয়ড স্বাভাৱিক নে নহয় ৷ যদি থাইৰয়ডৰ ভাৰসাম্যহীনতা পোৱা যায়, তেন্তে সময়মতে চিকিৎসা কৰি নিয়ন্ত্ৰণ কৰিব পাৰি ৷
সঠিক চিকিৎসা আৰু সময়মতে পৰীক্ষা কৰিলে থাইৰয়ডৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব পাৰি আৰু ইয়াৰ লগত জড়িত বিষৰ পৰাও উপশম পাব পাৰি ৷ গতিকে যদি আপুনি এই লক্ষণসমূহ অনুভৱ কৰি আছে, তেন্তে কোনো পলম নকৰাকৈ চিকিৎসকৰ সৈতে যোগাযোগ কৰি স্বাস্থ্যৰ যত্ন ল'ব ৷
লগতে পঢ়ক