ETV Bharat / health

জণ্ডিচ হ'লে গাঁৱলীয়া দৰৱ খোৱাটো কিমান গ্ৰহণযোগ্য ?

জণ্ডিচ কি ? জণ্ডিচৰ কাৰণ সমূহ কি কি ? গাঁৱলীয়া দৰৱ খোৱাটো কিমান গ্ৰহণযোগ্য ? এই সন্দৰ্ভত জনালে গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ অন্তৰা সেনে-

JAUNDICE
জণ্ডিচ হ'লে গাঁৱলীয়া দৰৱ খোৱাটো কিমান গ্ৰহণযোগ্য ? (ETV Bharat Assam)
author img

By ETV Bharat Health Team

Published : August 9, 2025 at 10:13 AM IST

4 Min Read
Choose ETV Bharat

জণ্ডিচ আমাৰ সমাজত এক পৰিচিত শব্দ ৷ গৰমৰ এই সময়ছোৱাত বিশেষকৈ বহুলোক এই জণ্ডিচত আক্রান্ত হোৱা দেখা যায় ৷ আধুনিক চিকিৎসা বিজ্ঞানৰ মতে জণ্ডিচ কোনো ৰোগ নহয় ৷ আধুনিক চিকিৎসা বিজ্ঞানৰ মতে জণ্ডিচ (যাক ইক্টেৰাচ/ Icterus বুলিও কোৱা হয় ) কোনো ৰোগ নহয় ৷ ই হৈছে আমাৰ শৰীৰত হোৱা বিভিন্ন ৰোগৰ এক লক্ষণ ।

আধুনিক চিকিৎসা বিজ্ঞানে দিয়া “জণ্ডিচ”ৰ সংজ্ঞা হ’লঃ মানৱ শৰীৰৰ ছাল (skin), শ্লেচমা আৱৰণ ( mucous membrane ), চকুৰ বগা অংশ বা শ্ক্লেৰা ( sclera) আদিৰ হালধীয়া বৰণ হোৱা অৱস্থা ৷ জণ্ডিছৰ প্ৰধান কাৰণ হৈছে বিলিৰুবিন (bilirubin) নামৰ এক ৰাসায়নিক পদাৰ্থৰ মাত্রা তেজত বৃদ্ধি পোৱা ৷ এবিধ ৰক্তজ পদাৰ্থৰ অত্যাধিক হাৰত বৃদ্ধি পালে শৰীৰৰ ছাল (skin), শ্লেচমা আৱৰণ ( mucous membrane ), চকুৰ বগা অংশ বা শ্ক্লেৰা ( sclera) আদি হালধীয়া হয় ৷

বৰ্তমান সময়ত জণ্ডিচক(Jaundice) সাধাৰণ ৰোগ বুলি গণ্য কৰা হয় । তেজ আৰু শৰীৰৰ কোষকলাত বিলিৰুবিন নামৰ পদাৰ্থ জমা হোৱাৰ ফলত হয় । বিলিৰুবিনৰ তেজৰ পৰা যকৃতলৈ আৰু শৰীৰৰ বাহিৰলৈ যোৱাত বাধাৰ সৃষ্টি কৰা যিকোনো অৱস্থাই জণ্ডিচ হ’ব পাৰে । বিলিৰুবিন হৈছে হালধীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ, যিটো যকৃতৰ মৃত ৰক্তকণিকা (RBC) ভাঙি গঢ় লৈ উঠে । জণ্ডিচৰ লক্ষণসমূহ(Symptoms of jaundice) মূলতঃ চকু আৰু শৰীৰৰ ছাল হালধীয়া হোৱা, শৰীৰত খজুৱতি হোৱা ।

নেশ্যনেল ইনষ্টিটিউট অৱ কমিউনিকেবল ডিজিজ (National Institute of Communicable Diseases, NICD)য়ে কৰা অধ্যয়নে দেখুৱাইছে যে, জণ্ডিচ ভাৰতৰ এটা প্ৰধান সমস্যা । কিন্তু সাধাৰণতে সজাগতাৰ অভাৱত যিকোনো ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে । জণ্ডিচৰ প্ৰেক্ষাপটত আজি জণ্ডিচে সাধাৰণতে প্ৰতিটো বয়সৰ আৰু প্ৰতিটো শ্ৰেণীৰ লোকক নিজৰ নিয়ন্ত্ৰণত লৈ গৈছে (jaundice causes) ।

গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ অন্তৰা সেন (ETV Bharat Assam)
  • জণ্ডিচৰ কাৰণ সমূহ কি কি ?

জণ্ডিচৰ এটা কাৰণ হৈছে 'ভাইৰেল হেপাটাইটিছ' ৷ ইয়াৰোপৰি তেজৰ সমস্যা, লিভাৰৰ সমস্যাৰ কাৰণে জণ্ডিচ হ'ব পাৰে, পিত্তনলীত পাথৰৰ বাবেও জণ্ডিচ হ'ব পাৰে ৷ জণ্ডিচৰ বিভিন্ন কাৰণ হ'ব পাৰে ৷ কিন্তু ইয়াৰে এটা মূল কাৰণ হৈছে 'ভাইৰেল হেপাটাইটিছ' ৷

হেপাটাইটিছ A আৰু হেপাটাইটিছ B ৰ বাবে জণ্ডিচ হোৱা দেখা যায় ৷

  • 'হেপাটাইটিছ A' ৰ লক্ষণ সমূহ কি কি ?

জণ্ডিচ হোৱা পূৰ্বে ৰোগীগৰাকীৰ দেহত কিছু লক্ষণ দেখা দিব পাৰে ৷ এই কেইটাৰ ভিতৰত

১) জ্বৰ ভাৱ হোৱা ৷

২) বমি ভাৱ অহা ৷

৩) ভোক নলগা ৷

৪) ভাগৰ অনুভৱ হোৱা ৷

৫) পেটৰ বিষ অনুভৱ হোৱা ৷

এই সমূহ প্ৰাৰম্ভিক লক্ষণ ৷ পৰৱৰ্তী সময়ত চকু হালধীয়া হোৱা, প্ৰেস্ৰাৱ হালধীয়া হোৱা আদি লক্ষণ দেখা দিয়ে ৷ এই লক্ষণ সমূহ দেখা মাত্রকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ৷

  • কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে

জণ্ডিচ হোৱা মাত্রকে বহু লোকে বইল খাদ্য গ্ৰহণ কৰা দেখা যায় ৷ লগতে তেল, হালধি, মাংস আদি খাবলৈ মানা কৰা পৰিলক্ষিত হয় ৷ কিন্তু চিকিৎসকৰ মতে এনে কৰা উচিত নহয় ৷ ৰোগী গৰাকীয়ে সাধাৰণ ঘৰুৱা খাদ্য গ্ৰহণ কৰিব পাৰে ৷ লগতে সতেজ শাক-পাচলি, ফল-মূল আদি খাব লাগে ৷ প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু ৰোগীগৰাকী জিৰণিত থাকিব লাগে ৷

  • গাঁৱলীয়া দৰৱ খোৱাটো কিমান গ্ৰহণযোগ্য

জণ্ডিচ হোৱা পাছত বহুত ৰোগীয়ে চিকিৎসকৰ ওচৰত যোৱাৰ পৰিৱৰ্তে গাঁৱলীয়া কিছুমান দৰৱ খোৱা দেখা যায় ৷ সেয়া একেবাৰে গ্ৰহণযোগ্য নহয় ৷ বহুতৰে ক্ষেত্ৰত এনে কৰাৰ ফলত ৰোগবিধ কৰা পৰিবৰ্তে বেছি হোৱা হে দেখা যায় ৷

লগতে পঢ়ক

  1. Jaundice in Guwahati: জি এম চি এইচত বৰ্তমান নাই জণ্ডিচ এজনো ৰোগী
  2. Jaundice: সজাগতাৰ অভাৱ আৰু জৰা-ফুকাই প্ৰসাৰ ঘটাইছে নেকি জণ্ডিচৰ
  3. সাৱধান! য'তে ততে যিকোনো স্থানৰ পানী সেৱন নকৰিব