ETV Bharat / health

বাঢ়িব ধৰিছে HIVত আক্ৰান্তৰ সংখ্যা, আজিয়েই জানি লওক ইয়াৰ লক্ষণসমূহ

সমগ্ৰ ভাৰতৰ লগতে অসমতো HIVৰ দ্বাৰা আক্ৰান্তৰ হাৰ খুবেই বেছি, সেয়ে আজিয়েই বিশেষজ্ঞৰ পৰা ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ জানি লওক-

HIV SYMPTOMS
বাঢ়িব ধৰিছে HIVত আক্ৰান্তৰ সংখ্যা, আজিয়েই জানি লওক ইয়াৰ লক্ষণসমূহ (Getty Images)
author img

By ETV Bharat Health Team

Published : July 29, 2025 at 11:18 AM IST

5 Min Read
Choose ETV Bharat

HIV ভাইৰাছ হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰাৰ এক সংক্ৰমণ ৷ এই ভাইৰাছ মূলতঃ অসুৰক্ষিত যৌন সম্পৰ্ক, সংক্ৰমিত লোকক ব্যৱহাৰ কৰা নিডল পুনৰ ব্যৱহাৰ, তেজ সঞ্চালন আৰু জন্ম বা স্তনপানৰ সময়ত মাতৃৰ পৰা শিশুলৈ বিয়পে ৷ HIVত আক্ৰান্ত ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে, যাৰ ফলত শৰীৰে সাধাৰণ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিব নোৱাৰে ৷ যিসকলে অসুৰক্ষিত সংগম কৰে, যিসকলে ড্ৰাগছৰ বাবে একেটা বেজী বহুবাৰ ব্যৱহাৰ কৰে আৰু HIV পজিটিভ মাতৃৰ নৱজাতকৰ ক্ষেত্ৰত এই ৰোগৰ আশংকা সৰ্বাধিক ৷ সময়মতে চিনাক্তকৰণ আৰু চিকিৎসাৰ দ্বাৰা এই সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পাৰি ৷

সমগ্ৰ ভাৰততে HIVৰ দ্বাৰা আক্ৰান্তৰ হাৰ খুবেই বেছি, ইয়াৰ তুলনাত অসমত এই হাৰ কম যদিও শেহতীয়াকৈ অসমত এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সংস্থাৰ তথ্য মতে, অসমত ২০১০ চনৰ পৰা এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে । চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে এইচ আই ভিৰ সংক্ৰমণ হ্ৰাস কৰাৰ বাবে নিয়মাফিক পদক্ষেপ কৰি আহিছে । যাৰ বাবে অসমত এইচ আই ভিৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পৰা নাই ।

HIV SYMPTOMS
বাঢ়িব ধৰিছে HIVত আক্ৰান্তৰ সংখ্যা, আজিয়েই জানি লওক ইয়াৰ লক্ষণসমূহ (Getty Images)

অসমত নতুন এইচ আই ভি সংক্ৰমণৰ হাৰ ২২ শতাংশ বৃদ্ধি

অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সংস্থাৰ তথ্য মতে, দেশত এইচ আই ভিৰ সংক্ৰমণৰ হাৰ ০.২০ শতাংশৰ বিপৰীতে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ অসমত এইচ আই ভিৰ সংক্ৰমণৰ হাৰ ০.১৩ শতাংশ । এইচ আই ভি সংক্ৰমণৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত অসমত কম যদিও অসমত নতুন এইচ আই ভি সংক্ৰমণৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । অসমত নতুন এইচ আই ভি সংক্ৰমণৰ হাৰ ২০১০ চনৰ তুলনাত ২০২১ আৰু ২০২২ চনত ২২ শতাংশ বৃদ্ধি পাইছে ।

অসমকে ধৰি উত্তৰ-পূবৰ চাৰিখন ৰাজ্যত নতুন এইচ আই ভি সংক্ৰমণৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে । ত্ৰিপুৰা (524.41%), অৰুণাচল প্ৰদেশ (469.84%), মেঘালয় (124.70%) আৰু অসম (22.11%)। এইখিনিতে উল্লেখ কৰিব পাৰি যে উত্তৰ-পূবৰ তিনিখন ৰাজ্যত দেশৰ ভিতৰতে এইচ আই ভিৰ সংক্ৰমণ সৰ্বাধিক । এইচ আই ভি সংক্ৰমণৰ হাৰৰ ক্ষেত্ৰত মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰ ভাৰতৰ ভিতৰতে শীৰ্ষত আছে । এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰত ক্ৰমে 2.73%, 1.37% আৰু 0.87% ।

HIV সংক্ৰমণৰ তিনিটা পৰ্যায় আছে ৷ প্ৰথম পৰ্যায়টোক তীব্ৰ HIV সংক্ৰমণ বুলি কোৱা হয়, য’ত এই ভাইৰাছ শৰীৰত দ্ৰুতগতিত বিয়পে ৷ দ্বিতীয় পৰ্যায়টো হ’ল ক্লিনিকেল লেটেন্সি, য’ত ভাইৰাছ সক্ৰিয় হৈ থাকে যদিও লক্ষণ কম দেখা যায় ৷ শেষৰ পৰ্যায়টো হ’ল এইডছ, য’ত ৰোগ প্ৰতিৰোধ ক্ষমতা অতিশয় দুৰ্বল হৈ পৰে ৷ এই সময়ছোৱাত ৰোগীৰ বাৰে বাৰে গুৰুতৰ সংক্ৰমণ আৰু বেমাৰ হ’বলৈ আৰম্ভ কৰে ৷ HIV ৰ ভাইৰাছে ক্ৰমান্বয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ধ্বংস কৰে, যাৰ ফলত সাধাৰণ ৰোগবোৰো মাৰাত্মক হৈ পৰিব পাৰে ৷

HIV SYMPTOMS
বাঢ়িব ধৰিছে HIVত আক্ৰান্তৰ সংখ্যা, আজিয়েই জানি লওক ইয়াৰ লক্ষণসমূহ (Getty Images)

২০২০ চনত মানুহ নতুনকৈ এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত হয় আৰু ২০২০ চনত এইডছ সম্পৰ্কীয় ৰোগত ৬, ৮০, ০০০ [৪, ৮০, ০০০–১.০ মিলিয়ন] লোকৰ মৃত্যু হয় ৷

HIVৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি ?

ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান চমুকৈ (NIH)এ কয় যে, HIV ৰ প্ৰাৰম্ভিক লক্ষণ কেতিয়াবা স্বাভাৱিক ভাইৰাছৰ সংক্ৰমণৰ দৰে দেখা যায়, গতিকে মানুহে সেইবোৰক আওকাণ কৰে ৷ সংক্ৰমণৰ ২ৰ পৰা ৪ সপ্তাহৰ ভিতৰত ৰোগীয়ে জ্বৰ, ডিঙিৰ বিষ, মূৰৰ বিষ, পেশীৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ কিছুমান মানুহৰ শৰীৰত ৰঙা ফোঁহা, লিম্ফ ন’ড ফুলা আৰু ৰাতি ঘাম ওলোৱাও দেখা যায় ৷

HIV SYMPTOMS
বাঢ়িব ধৰিছে HIVত আক্ৰান্তৰ সংখ্যা, আজিয়েই জানি লওক ইয়াৰ লক্ষণসমূহ (Getty Images)

দ্ৰুত ওজন কমি যোৱা, সঘনাই ডায়েৰিয়া আৰু স্থায়ী দুৰ্বলতাও ইয়াৰ সাধাৰণ লক্ষণ ৷ প্ৰাৰম্ভিক পৰ্যায়ৰ লক্ষণ কেইসপ্তাহমানৰ পিছত নিজে নিজে নোহোৱা হৈ যাব পাৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ভাইৰাছ নাইকিয়া হৈছে ৷ ই শৰীৰত লুকাই থাকে আৰু লাহে লাহে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ক্ষতি কৰে ৷ গতিকে এনে ধৰণৰ লক্ষণ দেখা দিলে সময়মতে এইচ আই ভি পৰীক্ষা কৰাব লাগে যাতে সংক্ৰমণ চিনাক্ত কৰি আগতীয়াকৈ চিকিৎসা কৰিব পৰা যায় ৷

কেনেকৈ প্ৰতিৰোধ কৰিব ?

HIV SYMPTOMS
বাঢ়িব ধৰিছে HIVত আক্ৰান্তৰ সংখ্যা, আজিয়েই জানি লওক ইয়াৰ লক্ষণসমূহ (Getty Images)
  • সদায় নিৰাপদ যৌন সম্পৰ্ক স্থাপন কৰাটো উচিত ৷
  • বেজী, ব্লেড আৰু ৰেজৰ শ্বেয়াৰ কৰাটো পৰিহাৰ কৰক ৷
  • এইচ আই ভি পজিটিভ গৰ্ভৱতী মহিলাই চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা ল’ব লাগে যাতে সংক্ৰমণ শিশুলৈ বিয়পি নাযায় ৷
  • প্ৰয়োজন হ’লে কেৱল পৰীক্ষা কৰা আৰু নিৰাপদ তেজ গ্ৰহণ কৰক ৷
  • ব্যৱহাৰ হোৱা বেজীৰে পুনৰ ঔষধ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক ৷
  • বেজীৰে নিষিদ্ধ ড্ৰাগছ জাতীয় নিচা লোৱাৰ পৰা আঁতৰি থাকক ৷
  • সময়ে সময়ে এইচ আই ভি পৰীক্ষা কৰি থাকিব ৷

উৎস:-https://asacs.assam.gov.in/information-services/present-hivaids-scenario

https://www.hiv.gov/hiv-basics/overview/about-hiv-and-aids/what-are-hiv-and-aids

https://pmc.ncbi.nlm.nih.gov/articles/PMC6518467/

লগতে পঢ়ক

  1. ভয়াৱহ সংকটৰ ইংগিত: অসমত উদ্বেগজনকভাৱে বৃদ্ধি নতুন এইচ আই ভি সংক্ৰমণৰ সংখ্যা
  2. সম্পৰ্কত সুখী নহ’লেই গঢ়ি উঠে নেকি পৰকীয়া প্ৰেম ? জানি লওক আঁসোৱাহবোৰ
  3. বয়স অনুযায়ী মাহেকত কিমানবাৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটো উচিত ? কি কয় গৱেষকে - Research