আজিয়েই জানি লওক মাৰাত্মক তেজৰ কৰ্কট ৰোগৰ লক্ষণ তথা প্ৰতিৰোধৰ উপায়…
তেজৰ কৰ্কট ৰোগ প্ৰধানকৈ কেই প্ৰকাৰৰ ? আজিয়েই জানি লওক এই ৰোগৰ লক্ষণ তথা প্ৰতিৰোধৰ উপায়সমূহ…

Published : September 23, 2025 at 5:18 PM IST
তেজৰ কৰ্কট ৰোগ বিশ্বৰ অন্যতম জটিল আৰু প্ৰত্যাহ্বানমূলক ৰোগ, তথাপিও ইয়াৰ বিষয়ে বহু লোক অজ্ঞাত ৷ ডি কে এম এছ ফাউণ্ডেশ্যন ইণ্ডিয়াৰ ট্ৰান্সফিউজন মেডিচিনৰ ড’নাৰ ৰিকুৱেষ্ট মেনেজমেণ্টৰ এম ডি, এইচ অ’ ডি ডাঃ নীতিন আগৰৱালে কয় যে, ই শৰীৰৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়া, অক্সিজেন প্ৰদান কৰা, সাধাৰণ স্বাস্থ্য বজাই ৰখাৰ ক্ষমতা দুৰ্বল কৰে ৷
তেজৰ কৰ্কট ৰোগ কিমান প্ৰকাৰৰ?
তেজৰ কৰ্কট ৰোগ প্ৰধানকৈ তিনিটা প্ৰকাৰ— লিউকেমিয়া, লিম্ফোমা আৰু মাইল’মা ৷ এই তিনিটাৰ প্ৰভাৱ আৰু চিকিৎসাৰ ক্ষেত্ৰত পাৰ্থক্য আছে ৷
লিউকেমিয়া: হাড়ৰ মজ্জাত লিউকেমিয়া আৰম্ভ হয়, য’ত অস্বাভাৱিক শ্বেত ৰক্তকণিকা অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে ৷ এই কোষবোৰে সুস্থ কোষবোৰক ভিৰ কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, ৰক্তকণিকা উৎপাদন আৰু প্লেটলেটৰ সংখ্যাত প্ৰভাৱ পেলায় ৷ লক্ষণসমূহ হ’ল স্থায়ী ভাগৰ, সঘনাই সংক্ৰমণ, অস্পষ্টভাৱে ৰক্তক্ষৰণ বা ঘাঁ হোৱা, হাড়ৰ বিষ ৷ লিউকেমিয়া কেইবাবিধো আছে—একিউট লিম্ফোব্লাষ্টিক লিউকেমিয়া, একুইট মাইল’ইড লিউকেমিয়া আৰু চিএলএল আৰু চিএমএলৰ দৰে দীৰ্ঘদিনীয়া ৰূপ ৷ প্ৰতিটো প্ৰকাৰৰ চিকিৎসা পদ্ধতি বেলেগ বেলেগ ৷
লিম্ফোমা: লিম্ফোমা লিম্ফেটিক চিষ্টেমত দেখা দিয়ে, যিয়ে শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে ৷ লিম্ফোচাইট নামৰ শ্বেত ৰক্তকণিকাবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হৈ লিম্ফ ন’ড বা আন কলাত টিউমাৰৰ সৃষ্টি কৰে ৷ প্ৰধানকৈ দুটা প্ৰকাৰৰ হজকিন লিম্ফোমা আৰু নন-হজকিন লিম্ফোমা ৷ সাধাৰণ লক্ষণসমূহ হ’ল লিম্ফ ন’ড বিষহীনভাৱে ফুলা, জ্বৰ, ৰাতি ঘাম ওলোৱা, হঠাতে ওজন কমি যোৱা ৷
মাইল’মা: মাইল’মাই প্লাজমা কোষ, বিশেষ শ্বেত ৰক্তকণিকাক প্ৰভাৱিত কৰে যিয়ে এন্টিব’ডি উৎপন্ন কৰে ৷ কেন্সাৰ ৰোগত আক্ৰান্ত হ’লে হাড়ৰ মজ্জাত জমা হৈ হাড় দুৰ্বল হৈ বৃক্কৰ সমস্যা, ৰক্তহীনতা, সঘনাই সংক্ৰমণ আদিৰ সৃষ্টি কৰে ৷ ৰোগীয়ে প্ৰায়ে হাড়ৰ বিষ, হাড় ভাঙি যোৱা বা অহৰহ ভাগৰুৱা হোৱাৰ অভিযোগ কৰে ৷ যদিও মাইল’মাৰ সম্পূৰ্ণ নিৰাময় সম্ভৱ নহয়, তথাপিও তেজৰ ষ্টেম চেল ট্ৰান্সপ্লাণ্ট, নতুন ঔষধ, ইমিউন’থেৰাপীয়ে ইয়াক নিয়ন্ত্ৰণ কৰি ৰোগীৰ জীৱনৰ মান উন্নত কৰিব পাৰে ৷
উপায়
তেজৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত আগতীয়াকৈ ধৰা পেলোৱাটো অতি গুৰুত্বপূৰ্ণ ৷ নিয়মিত স্বাস্থ্য পৰীক্ষা, স্থায়ী লক্ষণসমূহৰ প্ৰতি মনোযোগ দিয়া, আৰু বিশেষজ্ঞৰ সৈতে সময়মতে পৰামৰ্শ লোৱাটোৱে জীৱন ৰক্ষা কৰিব পাৰে ৷ তেজৰ ষ্টেম চেল দান সমানেই গুৰুত্বপূৰ্ণ, কিয়নো বহু ৰোগীক জীয়াই থাকিবলৈ মিল থকা দাতাৰ প্ৰয়োজন হয় ৷ ৰক্ত কৰ্কট ৰোগ গুৰুতৰ আৰু ভয়ংকৰ হ’ব পাৰে, কিন্তু ইয়াৰ প্ৰকাৰ বুজি, সামাজিক সজাগতা বৃদ্ধি, আৰু ৰক্ত ষ্টেম চেল দান শক্তিশালী কৰি আমি এই ৰোগত আক্ৰান্তসকলৰ বাবে নতুন আশা আৰু উন্নত ভৱিষ্যতৰ সৃষ্টি কৰিব পাৰো ৷
শেষত এই কথাই ক’ব পাৰি যে, তেজৰ কৰ্কট ৰোগ নিঃসন্দেহে আধুনিক যুগৰ অন্যতম প্ৰত্যাহ্বানমূলক ৰোগ, কিন্তু সজাগতা আৰু শুদ্ধ তথ্যই ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ আটাইতকৈ শক্তিশালী আহিলা ৷ লিউকেমিয়া, লিম্ফোমা আৰু মাইল’মা— তিনিওবিধ—শৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু অংগসমূহৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায় ৷ এই লক্ষণসমূহ আগতীয়াকৈ চিনাক্ত কৰিলে চিকিৎসাৰ সফলতাৰ হাৰ যথেষ্ট বৃদ্ধি পাব পাৰে ৷ স্থায়ী ভাগৰ, অস্পষ্ট ৰক্তক্ষৰণ, সংক্ৰমণ, ফুলা লিম্ফ ন’ড, হাড়ৰ বিষ আদি লক্ষণসমূহক আওকাণ কৰিলে বিপদজনক হ’ব পাৰে ৷
আজি চিকিৎসা বিজ্ঞানে ষ্টেম চেল ট্ৰান্সপ্লাণ্ট, ইমিউন’থেৰাপি, টাৰ্গেটেড ঔষধ আদি নতুন প্ৰযুক্তিৰ জৰিয়তে তেজৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে ৷ এইবোৰে ৰোগীৰ আয়ুস আৰু জীৱনৰ মান দুয়োটাৰে উন্নতি সাধন কৰিছে ৷ ইয়াৰ পিছতো আগতীয়াকৈ ধৰা পেলোৱা আৰু উপযুক্ত চিকিৎসা আৰম্ভ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈয়েই আছে ৷
তদুপৰি তেজৰ ষ্টেম চেল দানৰ গুৰুত্বও কম নহয় ৷ হাজাৰ হাজাৰ ৰোগীক জীয়াই থাকিবলৈ উপযুক্ত দাতাৰ প্ৰয়োজন ৷ সমাজত যদি সজাগতা বৃদ্ধি পায় আৰু অধিক লোকে দান দিবলৈ আগবাঢ়ি আহে তেন্তে বহুতৰে জীৱন ৰক্ষা কৰিব পৰা যাব ৷
তেজৰ কৰ্কট ৰোগ কেৱল চিকিৎসাজনিত সমস্যাই নহয়, সামাজিক প্ৰত্যাহ্বানও ৷ সজাগতা অভিযান, সময়মতে স্বাস্থ্য পৰীক্ষা, সুস্থ জীৱনশৈলী গ্ৰহণ, দানৰ সংস্কৃতিৰ প্ৰচাৰ আদি অতি প্ৰয়োজনীয় ৷ আমি যিমান সোনকালে এই দিশত সুনিৰ্দিষ্ট পদক্ষেপ লওঁ, সিমান সোনকালে আমি এই ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে আশা আৰু উন্নত ভৱিষ্যতৰ সৃষ্টি কৰিব পাৰিম ৷
লগতে পঢ়ক

