ETV Bharat / health

কফ চিৰাপ ক্ৰয় কৰোঁতে হওক সাৱধান! ক্ৰয় কৰাৰ সময়ত মনত ৰাখিব এই কথা - Cough Syrup

Cough Syrup: বাৰিষাত কাহ আৰু চৰ্দিৰ সমস্যা যথেষ্ট বৃদ্ধি পায় । এই সময়ছোৱাত বেছিভাগ মানুহেই চিকিৎসকৰ পৰামৰ্শ অবিহনে ফাৰ্মাচীৰ ঔষধ সেৱন কৰে । কিন্তু আপুনি জানেনে যে এই ঔষধবোৰত ভেজাল পদাৰ্থ মিহলি হ’ব পাৰে ?

toxic ingredients used in cough Syrup, Over 100 cough syrup makers fail quality test
কফ চিৰাপ ক্ৰয় কৰোঁতে হওক সাৱধান! ক্ৰয় কৰাৰ সময়ত মনত ৰাখিব এই কথা (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : July 28, 2024 at 3:37 PM IST

2 Min Read
Choose ETV Bharat

বাৰিষাকালত সঘনাই বতৰৰ পৰিৱৰ্তন হোৱাৰ ফলত কাহ আৰু চৰ্দিৰ সমস্যা বৃদ্ধি হোৱা দেখা যায় ৷ এই সময়ছোৱাত বেছিভাগ মানুহেই চিকিৎসকৰ পৰামৰ্শ অবিহনে ফাৰ্মাচীৰ ঔষধ সেৱন কৰে ৷ কিন্তু আপুনি জানেনে যে এই ঔষধবোৰৰ লগত অপমিশ্ৰণ হ’ব পাৰে ? হয়, শেহতীয়াকৈ কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰতত বিক্ৰী হোৱা বহু কাহৰ ঔষধত ভেজাল পদাৰ্থ পোৱা গৈছে ৷

কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে (চিডিএছঅ’) ৭০৮৭টা বেচ পৰীক্ষা কৰিছিল, ইয়াৰে ৩৫৩টা বেচৰ গুণগত মানৰ অভাৱ পোৱা গৈছিল ৷ এইবোৰৰ বহু গোটত ডাইথাইলিন গ্লাইকল (DEG) আৰু ইথিলিন গ্লাইকল (EG)ৰ দৰে বিষাক্ত পদাৰ্থ পোৱা গৈছে ৷ এই পদাৰ্থবোৰ সাধাৰণতে এন্টিফ্ৰিজ, ব্ৰেক ফ্লুইড আৰু পেইণ্টত ব্যৱহাৰ কৰা হয় ৷

ক্ষতিগ্ৰস্ত হৈছে অংগ

এই বিষাক্ত পদাৰ্থ সেৱন কৰিলে বৃক্ক, যকৃত আৰু স্নায়ুতন্ত্ৰৰ ক্ষতি হ’ব পাৰে ৷ কিছুমান ক্ষেত্ৰত মৃত্যুও হ’ব পাৰে ৷ ভাৰতীয় কাহৰ ঔষধত মিশ্ৰণ দেখা পোৱাটো এইটোৱেই প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বেও বিশ্ব স্বাস্থ্য সংস্থাই বহু ভাৰতীয় ঔষধক বিপজ্জনক বুলি অভিহিত কৰিছিল ৷

কাহৰ ঔষধ কিনাৰ সময়ত এইবোৰ কথা মনত ৰাখিব

  • ঔষধ কিনাৰ সময়ত সদায় লেবেল পঢ়িব লাগে ৷ ইয়াত ঔষধৰ উপাদানসমূহ, নিৰ্মাণৰ তাৰিখ আৰু ম্যাদ উকলি যোৱাৰ তাৰিখৰ বিষয়ে তথ্য সন্নিবিষ্ট কৰা হৈছে নে নাই ভালদৰে পৰীক্ষা কৰক ৷
  • যিমান পাৰি ব্ৰেণ্ডেড ঔষধ ক্ৰয় কৰিবলৈ চেষ্টা কৰক ৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলো ব্ৰেণ্ডেড ঔষধ নিৰাপদ ৷
  • দোকানৰ বিশ্বাসযোগ্যতাৰ প্ৰতি গুৰুত্ব দিয়ক, সদায় ভাল দোকানৰ পৰা ঔষধ ক্ৰয় কৰক ৷
  • যদি কাহ বা চৰ্দিৰ সমস্যা আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ তেওঁ আপোনাক সঠিক ঔষধ প্ৰদান কৰিব ৷
  • ঔষধ সেৱনৰ পিছত যদি আপুনি কোনো পাৰ্শ্বক্ৰিয়া অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷

চৰকাৰে কি কৰিছে ?

ঔষধ কোম্পানীক ঔষধৰ মানদণ্ডৰ প্ৰতি গুৰুত্ব দিবলৈ ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰে ৷ তদুপৰি ঔষধৰ পৰীক্ষণ প্ৰক্ৰিয়াও কঠোৰ কৰা হৈছে ৷ কিন্তু এই ব্যৱস্থাসমূহৰ মাজতো আমি সাৱধান হোৱাটো প্ৰয়োজন ৷

লগতে পঢ়ক: কাহ-চৰ্দি-পানীলগাৰ পৰা উপশম পাবলৈ এনেদৰে ব্যৱহাৰ কৰক বাহক তিতাৰ পাত - Adhatoda Vasica Benefits