প্ৰদূষণৰ বিষাক্ত বতাহে ক্ৰমাণ্বয়ে আয়ুস কমাইছে দেশৰ যুৱক-যুৱতীৰ, গৱেষণাত পোহৰলৈ আহিল এই ভয়াৱহ তথ্য়
‘State of Global Air 2020’ প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰদূষণৰ ফলত মানুহৰ আয়ুস গড়ে ১.৫ৰ পৰা ২ বছৰলৈ হ্ৰাস পাইছে, এনে প্ৰতিবেদনে স্বাভাৱিকতেই উদ্বেগৰ সৃষ্টি কৰিছে-

Published : September 10, 2025 at 2:47 PM IST
ভাৰতত বায়ু প্ৰদূষণ সম্প্ৰতি এক ভয়াৱহ ভাবুকিত পৰিণত হৈছে । প্ৰদূষণৰ পৰিস্থিতি এনে এক পৰ্যায়ত উপনীত হৈছে যে এনে অৱস্থাত বহু বেমাৰৰ চিকাৰ হৈছে লক্ষ লক্ষ লোক । অৱশ্যে প্ৰদূষণৰ এনে আগ্ৰাসী পৰিস্থিতিৰ মাজতে বিশেষজ্ঞসকলে সকাহৰ পথৰো সন্ধান দিছে । প্ৰদূষণৰ লগতে প্ৰদূষণ সৃষ্ট নানা ৰোগো হ্ৰাস কৰিব পাৰি । এই সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসক ডাঃ ৰাকেশ কে চাওলাই উল্লেখ কৰা মতে, যদি মিহি কণা প্ৰদূষণ আধালৈ হ্ৰাস কৰি চি অ’ পি ডি, হাঁপানী আৰু টিবিৰ বাবে গাইডলাইন ভিত্তিক চিকিৎসা গ্ৰহণ কৰা যায়, তেতিয়া সমস্যা বহু দূৰ কৰিব পাৰি ৷
গাইডলাইন ভিত্তিক চিকিৎসা গ্ৰহণ কৰিলে প্ৰতি বছৰে লাখ লাখ লোকক চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যাব বুলি চিকিৎসকগৰাকীয়ে উল্লেখ কৰে । লগতে দেশবাসীৰ জীৱনত কিছু সুস্থ আয়ুস যোগ হ’ব বুলিও লগতে কয় ডাঃ ৰাকেশ কে চাওলাই । এয়া কেৱল চিকিৎসালয় বা ৰোগীৰ কথা নহয়, এটা সম্পূৰ্ণ প্ৰজন্মৰ শক্তি আৰু সজীৱতা ৰক্ষাৰ প্ৰশ্ন বুলিও তেওঁ আঙুলিয়াই দিয়ে ৷
ডাঃ চাওলাই কয় যে, পাকঘৰৰ ধোঁৱা, জৈৱ ইন্ধন, ধূমপানৰ বাবে হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগী বৃদ্ধি পাইছে । বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) গ্ল’বেল টিবি ৰিপ’ৰ্ট ২০২৪ অনুসৰি ২০২২ চনত ভাৰতত প্ৰতি ১ লাখ জনসংখ্যাৰ বিপৰীতে প্ৰায় ১৯৯ গৰাকী নতুন টিবি ৰোগীৰ তথ্য পঞ্জীয়ন হৈছিল । ইয়াৰ উপৰিও নিউমোনিয়াৰ ক্ৰমাৎ বৃদ্ধি পোৱা ৰোগী সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰা হৈছে ৷
প্ৰতিবেদন মতে, বিশ্বজুৰি প্ৰায় ১৪ শতাংশ পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ নিউমোনিয়াৰ বাবে হয় । বেয়া বায়ু, নিতৌ যান-জঁটত আবদ্ধ হৈ থকা, প্ৰদূষিত কোঠাত বহি থকাৰ দৰে কাৰকে যুৱক-যুৱতীসকলৰ হাওঁফাওঁৰ ক্ষতি কৰিছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে । বিষাক্ত বতাহে ভাৰতীয়ৰ গড় আয়ুস প্ৰায় ১০০০ দিন হ্ৰাস কৰিছে বুলিও এক সতৰ্কবাণী দিয়া হৈছে ৷
উল্লেখ্য যে, ‘State of Global Air 2020’ প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰদূষণৰ ফলত মানুহৰ আয়ুস গড়ে ১.৫ৰ পৰা ২ বছৰলৈ হ্ৰাস পাইছে । এনে প্ৰতিবেদনে স্বাভাৱিকতেই উদ্বেগৰ সৃষ্টি কৰিছে । বিশেষজ্ঞসকলে সকীয়াই দিছে যে যুৱক-যুৱতীসকলৰ হাওঁফাওঁৰ স্বাস্থ্য সম্প্ৰতি দ্ৰুতগতিত অৱনতি ঘটিছে ৷
এই পৰিসংখ্যা অনুসৰি প্ৰতি বছৰে প্ৰায় ৮১,৭০০ নতুন হাওঁফাওঁৰ কৰ্কট ৰোগীৰ তথ্য পোৱা গৈছে। এই সংখ্যাই ক্ৰমাৎ বৃদ্ধি পোৱা বিপদৰ পৰিসৰ সম্পৰ্কে এক স্পষ্ট সতৰ্কবাণী দিয়া বুলিব পাৰি। পূৰ্বে সাধাৰণতে বৃদ্ধসকলৰ ক্ষেত্ৰত হাওঁফাওঁৰ ৰোগ দেখা গৈছিল যদিও এতিয়া হাওঁফাওঁৰ কৰ্কট ৰোগ, চি অ’ পি ডি আৰু টিবিৰ দৰে ৰোগ যুৱক-যুৱতীসকলৰ মাজতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৷
শেষত ক’ব পাৰি যে, ভাৰতত বায়ু প্ৰদূষণ এক ভয়াৱহ স্বাস্থ্য সংকটত পৰিণত হৈছে ৷ হাওঁফাওঁৰ ৰোগ যেনে হাঁপানী, চি অ’ পি ডি, টি বি, নিউমোনিয়া আৰু কেন্সাৰ প্ৰদূষণৰ বাবে দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ বিশেষজ্ঞসকলে কয় যে, মিহি কণিকাৰ দ্বাৰা সৃষ্টি হোৱা প্ৰদূষণ হ্ৰাস কৰি গাইডলাইন ভিত্তিক চিকিৎসা গ্ৰহণ কৰিলে লাখ লাখ লোকক চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায় আৰু আয়ুস বৃদ্ধি কৰিব পৰা যায় ৷
ডাঃ ৰাকেশ কে চাওলাৰ মতে, পাকঘৰৰ ধোঁৱা, জৈৱ ইন্ধন আৰু ধোঁৱা খোৱাৰ বাবে হাওঁফাওঁৰ সমস্যা বাঢ়িছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ভাৰতত টিবি আৰু নিউমোনিয়া ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, যাৰ ফলত পাঁচ বছৰৰ তলৰ শিশুৰো মৃত্যু হৈছে ৷ বিষাক্ত বায়ুৰ ফলত ভাৰতীয়ৰ গড় আয়ুস প্ৰায় ১০০০ দিন হ্ৰাস পাইছে ৷ পূৰ্বে য’ত বৃদ্ধসকলৰ মাজত হাওঁফাওঁৰ ৰোগ তেনেই সাধাৰণ আছিল, এতিয়া যুৱক-যুৱতীসকলৰ মাজতো এই সমস্যাসমূহ লাহে লাহে বাঢ়িব ধৰিছে ৷ এই পৰিস্থিতি ভৱিষ্যতৰ বাবে এক গুৰুতৰ সতৰ্কবাণী ৷
উৎস
https://pmc.ncbi.nlm.nih.gov/articles/PMC11116984/
https://www.who.int/news-room/fact-sheets/detail/household-air-pollution-and-health
লগতে পঢ়ক

