ETV Bharat / health

আপোনাৰ আশে-পাশে থকা এইসমূহ শাক স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী জানেনে ? জানক গৱেষণাই কি কয়

এই ছবিধ শাকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি চুলি আৰু ছালৰ স্বাস্থ্যলৈ, সকলো দিশতে ছুপাৰফুড হিচাপে পৰিগণিত হয়, এই বিষয়ে বিতংকৈ জানো আহক-

Top 6 Winter Greens Packed with Nutrients: Add These Superfoods to Your Diet
আপোনাৰ আশে-পাশে থকা এইসমূহ শাক স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : October 4, 2025 at 3:44 PM IST

4 Min Read
Choose ETV Bharat

সুস্বাস্থ্যৰ বাবে সঠিক খাদ্যাভ্যাসৰ অত্যন্ত প্ৰয়োজন ৷ আমাৰ জ্যেষ্ঠজনে সততে দেহৰ উপকাৰিতা লাভৰ বাবে শাক-পাচলি খোৱাৰ পৰামৰ্শ দিয়ে ৷ শীতকাল আগমনৰ লগে লগে এতিয়া বজাৰত সেউজীয়া শাক-পাচলি সহজলভ্য হৈ পৰিছে ৷ বহুলোকে হয়তো নিজাকৈ বাৰীতে ভিন্ন শাক-পাচলিৰ খেতি কৰিছে ৷ জ্যেষ্ঠজনৰ পৰামৰ্শৰ পিছতো অৱশ্যে বহুলোকে শাক-পাচলি খাবলৈ মন নকৰা দেখা যায় ৷ কিন্তু এই শাক-পাচলিসমূহৰ উপকাৰিতাৰ বিষয়ে ভালদৰে জানিলে এনে ভুল কেতিয়াও নকৰে ৷

কিছুদিনৰ ভিতৰতে বজাৰত পালেং, লাই শাক, জিলমিল, মেথি, মৰিচা, দোৰোণ আদি শাক উপলব্ধ হ’ব ৷ এই শাককেইবিধ হয়তো বহুলোকৰে প্ৰিয় নহয় ৷ কিন্তু এই শাকসমূহ অনন্য মাত্ৰাৰ পুষ্টিকৰ গুণেৰে ভৰপূৰ ৷ এই সেউজীয়া শাককেইবিধ স্বাস্থ্যৰ বাবে মহৌষধিতকৈ কোনোগুণেই কম নহয় ৷

আইৰণ আৰু ভিটামিনৰ পৰা আৰম্ভ কৰি এণ্টিঅক্সিডেণ্টলৈকে বহু পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে এই শাককেইবিধত ৷ এইদৰে এই ছবিধ শাকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি চুলি আৰু ছালৰ স্বাস্থ্যলৈ, সকলো দিশতে ছুপাৰফুড হিচাপে পৰিগণিত হয় ৷ এই বিষয়ে বিতংকৈ জানো আহক-

Top 6 Winter Greens Packed with Nutrients: Add These Superfoods to Your Diet
পালেং শাক (GETTY IMAGES)

হেল্থলাইনৰ প্ৰতিবেদন মতে পালেঙত কেলৰি, প্ৰটিন, কাৰ্ব, চেনি, ফাইবাৰ, চৰ্বি, ফলিক এচিড, কেলচিয়াম আদি থাকে ৷ ইয়াৰ উপৰিও ই আইৰণৰ এক উৎকৃষ্ট উৎস ৷ পালেঙত ভিটামিন চি, কে আদি বহুপ্ৰকাৰৰ ভিটামিন থাকে ৷ পালেঙত উপলব্ধ এণ্টিঅক্সিডেণ্টসমূহে অক্সিডেটিভ চাপ হ্ৰাস কৰে ৷ ইয়াত উপলব্ধ জিএক্সান্থিন আৰু লুটিন চকুৰ বাবে উপকাৰী ৷ ৰক্তচাপ নিয়ন্ত্ৰণতো সহায়ক হয় পালেং ৷

Top 6 Winter Greens Packed with Nutrients: Add These Superfoods to Your Diet
মেথি শাক (GETTY IMAGES)

মেথি শাকত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে ৷ ইয়াৰ উপৰিও ইয়াত ভিটামিন এ, বি ৬, কে, খনিজ পদাৰ্থ, আইৰণ, পটাছিয়াম, কেলচিয়াম থাকে ৷ এইদৰে মেথি শাকে তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে ৷ মেথিত ফাইবাৰৰ পৰিমাণ অধিক হোৱাৰ বাবে হজম শক্তি উন্নত হয় ৷ একেদৰে মেথিত থকা আইৰণৰ পৰিমাণ হিম’গ্লবিন বৃদ্ধিত সহায়ক ৷ ইয়াৰ উপৰিও ইয়াত গেলেক্টাগ’গ থাকে, যি মহিলাৰ স্তনৰ গাখীৰ উৎপাদনত সহায় কৰে ৷ এনেধৰণৰ অন্য এবিধ শাক হৈছে মেথি- আপুনি যদি কোষ্ঠকাঠিন্য বা হজমৰ সমস্যাত ভূগি আছে তেন্তে মেথি শাক আপোনাৰ বাবে উপকাৰী ৷ গাঁঠিৰ বিষৰ সমস্যাত মেথি খোৱাটো অতি উপকাৰী ৷ মেথিত আয়ৰণ, পটাছিয়াম, কেলচিয়াম, ছেলেনিয়াম, কপাৰ, জিংক, মেংগানিজ আৰু মেগনেছিয়াম ইত্যাদি ভৰপূৰ পৰিমাণে পোৱা যায় ৷

Top 6 Winter Greens Packed with Nutrients: Add These Superfoods to Your Diet
জিলমিল শাক (GETTY IMAGES)

জিলমিল শাকত যথেষ্ট পৰিমাণে ভিটামিন এ, চি, কে, কেলচিয়াম, আইৰণ, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট থাকে ৷ এইদৰে জিলমিল শাকে হাড় শক্তিশালী কৰে, ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধিতো সহায় কৰে ৷ জিলমিল শাকত আইৰণৰ পৰিমাণ অধিক হোৱাৰ বাবে তেজ বিশুদ্ধ কৰাতো সহায় কৰে ৷

Top 6 Winter Greens Packed with Nutrients: Add These Superfoods to Your Diet
লাই শাক (CANVA)

লাই শাকত ভিটামিন এ, চি, ই, কে, কেলচিয়াম, আইৰণ, ফাইবাৰ আদি পুষ্টিকৰ উপাদান থাকে ৷ এইদৰে লাই শাকে হজম শক্তি বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু হৃদৰোগ স্বাস্থ্যৰ বাবেও উপকাৰী বিবেচিত হয় ৷

Top 6 Winter Greens Packed with Nutrients: Add These Superfoods to Your Diet
মৰিচা শাক (GETTY IMAGES)

মৰিচাত যথেষ্ট পৰিমাণৰ ভিটামিন এ, চি, কে, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফাইবাৰ আৰু প্ৰটিন থাকে ৷ মৰিচা খালে চকুৰ স্বাস্থ্য উন্নত হয় ৷ ই হাড় মজবুত কৰে, হজম শক্তি আৰু ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে ৷ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো মৰিচা যথেষ্ট সহায়ক ৷

Top 6 Winter Greens Packed with Nutrients: Add These Superfoods to Your Diet
দোৰোণ শাক (GETTY IMAGES)

দোৰোণ বনৰ ঔষধি গুণ নহৰু, নেমুটেঙা, তুলসী আৰু অমৰ লতাতকৈ কোনো গুণে কম নহয় বুলিব পাৰি ৷ ইয়াৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই ৷ গতিকে সৰু ডাঙৰ সকলো লোকে নিশ্চিন্ত মনে খাব পাৰে ৷ উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবেও দোৰোণ অতি ক্ষতিকাৰক নহয় ৷ যিসকলে ইয়াৰ গোন্ধটো বেয়া পায়, তেওঁলোকে নিজে ভাল পোৱা সুগন্ধি শাক যেনে -পদিনা /মছন্দৰী/পনৌনৱা আদি জাতীয় শাকৰ লগত মিহলাই খাব পাৰে ৷ দোৰোণৰ বিশিষ্ট গুণ সমূহ হৈছে এইবিধ বিষ হাৰক, জ্বৰ নাশক, এণ্টিফাংগেল (ভেকুঁৰ প্ৰতিৰোধী), এণ্টি বেক্টেৰিয়েল (বেক্টেৰিয়া প্ৰতিৰোধী), এণ্টি অক্সিডেন্ট(ৰোগ প্ৰতিৰোধক), কৃমি নাশক ৷ লিভাৰ, কাহ আৰু ডায়েবেটিছৰ বাবেও দোৰোণ অতি উপকাৰী ৷

লগতে পঢ়ক

  1. অসমত উপলব্ধ এইসমূহ শাকৰ গুণাগুণৰ বিষয়ে আপুনি জানেনে ?
  2. সাতবিহুত খোৱা ১০১ বিধ শাকনো কি, আপুনি জানেনে ?
  3. শাক-পাচলি, ফল-মূলত থকা ৰাসায়নিক পদাৰ্থসমূহ কেনেকৈ দূৰ কৰিব পাৰি ?