ETV Bharat / health

পলমকৈ গৰ্ভৱতী হ’ব বিচৰা মহিলাসকলৰ বাবে সুখবৰ!...ডিম্বাণু হিমায়িতকৰণে কৰিব সহায়

বৰ্তমান সময়ত ডিম্বাণু হিমায়িতকৰণ প্ৰক্ৰিয়া খুবেই জনপ্ৰিয় হৈ পৰিছে কিন্তু এই প্ৰক্ৰিয়া কৰাৰ পূৰ্বে মহিলাসকলে এইসমূহ কথা জনাটো খুবেই জৰুৰী ৷ লেখিকা-দীপশিখা তালুকদাৰ...

The trend of egg freezing is increasing continuously, know its advantages and disadvantages
পলমকৈ গৰ্ভৱতী হ’ব বিচৰা মহিলাসকলৰ বাবে সুখবৰ!...ডিম্বাণু হিমায়িতকৰণে কৰিব সহায় (ETV Bharat)
author img

By ETV Bharat Health Team

Published : March 19, 2025 at 4:52 PM IST

5 Min Read
Choose ETV Bharat

বৰ্তমান এতিয়া যুগ বিজ্ঞানৰ যুগ ৷ এই যুগত আধুনিক প্ৰযুক্তিৰ সহায়ত যিকোনো সমস্যাৰ নিদান কৰাটো অতি সহজ হৈ পৰিছে ৷ যদিও সেই সমস্যাটো সন্তান জন্ম দিয়াটোৱেই নহওক কিয় ৷ ব্যস্ততাৰে ভৰা জীৱনশৈলী আৰু বহুতো সামাজিক সমস্যাৰ বাবে কাৰণত বৰ্তমান সময়ত বহু মহিলাই প্ৰজনন সমস্যাৰ সন্মুখীন হৈছে যাৰ ফলত সঠিক বয়সত সন্তান জন্ম দিয়াটো সহজ নহয় ৷ এই অৱস্থাত এগ ফ্ৰিজিঙকে ধৰি সহায়ক প্ৰজনন প্ৰযুক্তি যেনে প্ৰজনন ঔষধ, হৰম’ন ঔষধ, বা ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন (IVF) আদিয়ে মহিলাসকলক সহায় কৰিছে ৷ বহু মহিলাই ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত এগ ফ্ৰিজিং কৰি নিজৰ জৈৱিক চক্ৰ বৃদ্ধি কৰে ৷ প্ৰাইম IVFৰ প্ৰজনন বিভাগৰ মুৰব্বী তথা আইভিএফ বিশেষজ্ঞ নিশি সিঙে এই সন্দৰ্ভত বিৱৰি কয় ৷ আহক আজি এই বিষয়ে জানিবলৈ চেষ্টা কৰো ৷

এগ ফ্ৰিজিং মানে কি ?

চিকিৎসক নিশি সিঙৰ মতে, এগ ফ্ৰিজিং বা ডিম্বাণু হিমায়িতকৰণক অ’চাইট ক্ৰাইঅ’প্ৰিজাৰ্ভেচন বুলিও কোৱা হয় ৷ এই প্ৰক্ৰিয়াত এগৰাকী মহিলাৰ ডিম্ব উলিয়াই ফ্ৰীজ কৰি ভৱিষ্যতে গৰ্ভাৱস্থাৰ বাবে ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰা হয় ৷ ইয়াৰ ফলত মহিলাসকলে গৰ্ভধাৰণৰ বাবে সাজু নোহোৱালৈকে তেওঁলোকৰ প্ৰজনন ক্ষমতা বজাই ৰখাত সহায় কৰে ৷ মহিলাসকলে এতিয়া পিছলৈ প্ৰজননৰ সময়ত বা সন্তান জন্ম দিয়াৰ সময়ত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰাকৈ গৰ্ভাৱস্থাত বিলম্ব কৰিব পাৰে । চিকিৎসা বা ব্যক্তিগত যিকোনো কাৰণতে গৰ্ভধাৰণ পলম কৰাৰ পৰিকল্পনা কৰা মহিলাসকলৰ বাবে ই উপকাৰী ।

এগ ফ্ৰিজিং কেনেকৈ কৰা হয়

প্ৰথমতে মহিলাগৰাকীয়ে প্ৰজনন বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগিব ৷ ইয়াৰ পিছত মহিলাগৰাকীক ডিম্ব উৎপাদন বৃদ্ধিৰ বাবে হ’ৰম’ন চিকিৎসা প্ৰদান কৰা হয় ৷ তাৰ পিছত এই ডিম্বটো পৰীক্ষা কৰা হয় ৷ ডিম্ববোৰ সাজু হ’লে শৰীৰৰ পৰা আঁতৰাই পেলোৱা হয় ৷ ইয়াৰ পিছত ডিম্ববোৰ ফ্ৰীজত ৰাখি মজুত কৰা হয় ৷

এগ ফ্ৰিজিং কৰি ৰাখিবলৈ উপযুক্ত বয়স কিমান ?

চিকিৎসক নিশি সিঙৰ মতে, এগ ফ্ৰিজিং কৰি ৰখাৰ বয়স প্ৰায়ে ৩০ৰ পৰা ৩৪ বছৰৰ ভিতৰত হয় ৷ কাৰণ ৩০ৰ আৰম্ভণিৰ পৰা মাজভাগলৈকে সাধাৰণতে ডিম্বৰ গুণগত মান আৰু পৰিমাণ বেছি হয়, যাৰ ফলত গৰ্ভধাৰণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷ মহিলাৰ বয়স বৃদ্ধিৰ লগে লগে বিশেষকৈ ৩৫ বছৰৰ পিছত এই পৰিমাণ কমিবলৈ আৰম্ভ কৰে ৷

২০ বছৰ বয়সত এগ ফ্ৰিজিং কৰিব লাগেনে ?

চিকিৎসকগৰাকীয়ে কয় যে, কম বয়সত ডিম্বাণু হিমায়িতকৰণ অৰ্থাৎ ২০ বছৰৰ পিছত এগ ফ্ৰিজিং কৰি ৰাখিলে বিশেষ লাভ নহয় ৷ ইয়াৰ ফলত ফ্ৰীজিঙৰ খৰচহে বৃদ্ধি পায় ৷ চিকিৎসকে কয় যে, যিকোনো মহিলাৰ বাবে এইটো এটা ভাল বিকল্প হ’ব পাৰে ৷ ইয়াৰ ফলত প্ৰজনন ক্ষমতা বৃদ্ধি পায় যদিও কেতিয়া কৰিব লাগে সেই সম্পৰ্কে সঠিক পৰামৰ্শৰ প্ৰয়োজন ৷

এগ ফ্ৰিজিং কৰাটো কিমান নিৰাপদ ?

আইভিএফ বিশেষজ্ঞ নিশি সিঙে কয় যে, এগ ফ্ৰিজিং কৰাটো সাধাৰণতে নিৰাপদ ৷ হ’ৰম’ন থেৰাপীৰ বাবে কিছুমান মৃদু পাৰ্শ্বক্ৰিয়া যেনে ফুলা বা মেজাজৰ পৰিৱৰ্তন ৷ ইয়াৰ বিপদ অতি কম ৷ এই কাৰণেই এগ ফ্ৰীজিঙৰ চাহিদা অতি বেছি ৷ কিন্তু কিছুমান মহিলাৰ ক্ষেত্ৰত অভেৰিয়ান হাইপাৰষ্টিমুলেচন চিনড্ৰম (OHSS)ৰ মৃদু লক্ষণ দেখা দিয়ে, য'ত ডিম্বাশয় ফুলি উঠে আৰু সংবেদনশীল হয় আৰু অতি কম সংখ্যক মহিলাৰ ক্ষেত্ৰত ডিম্ব উদ্ধাৰ প্ৰক্ৰিয়াৰ(egg retrieval process) সময়ত সংক্ৰমণ বা ৰক্তক্ষৰণ হোৱা দেখা যায় বুলি ডাঃ নিশি সিঙে জানিবলৈ দিয়ে ।

এগ ফ্ৰীজিঙত কিমান খৰচ হয়

ডাঃ নিশি সিঙৰ মতে, ভাৰতত এগ ফ্ৰিজিং কৰাৰ খৰচ কেন্দ্ৰ আৰু স্থানৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ হ’ব পাৰে । গড়ে প্ৰতিটো চক্ৰৰ বাবে প্ৰায় ৫০,০০০ৰ পৰা ১,০০,০০০ খৰচ হ’ব পাৰে ৷ ঔষধৰ বাবে অতিৰিক্ত মাচুল আৰু সংৰক্ষণৰ চাৰ্জ হ’ব পাৰে । সেৱা প্ৰদান কৰা চিকিৎসকৰ অভিজ্ঞতাৰ ভিত্তিত আৰু প্ৰদান কৰা সুবিধাৰ ভিত্তিতো মূল্য নিৰ্ধাৰণৰ পাৰ্থক্য হ’ব পাৰে । প্ৰাইম আইভিএফত আমি নিশ্চিত কৰোঁ যে মহিলাসকলে বিশেষজ্ঞ সেৱা, ব্যক্তিগতকৃত চিকিৎসা আৰু স্বচ্ছ আৰ্থিক লাভ কৰে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. গৰ্ভৱতী মহিলাসকলে কৰ্মৰত অৱস্থাত কেনেকৈ ল’ব নিজৰ স্বাস্থ্যৰ যতন ?
  2. মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গৰ্ভৱতী মহিলাৰ বাবে ৫ টা গুৰুত্বপূৰ্ণ টিপছ - World Mosquito Day 2024
  3. গৰ্ভাৱস্থাত কেতিয়াও নহয় গেছৰ সমস্যা, অনুসৰণ কৰক এই টিপছ - Acidity in Pregnancy