মৌ ৰসৰ গুণাগুণ, উপকাৰিতা তথা ব্যৱহাৰৰ সঠিক পদ্ধতি
মৌ আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী ৷ আজি এই প্ৰৱন্ধটিৰ জৰিয়তে ইয়াৰ কিছুমান উপকাৰিতাৰ বিষয়ে জানো আহক-

Published : June 2, 2025 at 5:18 PM IST
ঔষধ হিচাপে মৌ ৰসৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে চলি আহিছে ৷ ভাৰতীয় আয়ুৰ্বেদতো মৌ ৰসৰ ঔষধি গুণ আৰু তত্ত্বৰ বিষয়ে শুনি আছিছো ৷ মৌ ৰসক ইংৰাজীত Honey বুলি কোৱা হয় ৷ মৌ ৰস মৌমাখিৰ পৰাগৰেণু আৰু মৌ মাখিয়ে ফুলৰ পৰা সংগ্ৰহ কৰা ৰসৰ এক দীৰ্ঘ প্ৰক্ৰিয়াৰ অন্তত প্ৰস্তুত হয় ৷
মৌ ৰসৰ নিয়মিত ব্যৱহাৰ আমাৰ মানৱ শৰীৰৰ বাবে অতি উপকাৰী কিন্তু মৌ ৰস খাদ্য হিচাপে ব্যৱহাৰ কৰাতকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰাটো বেছি উত্তম বুলি কব পাৰি ৷ ব্যৱহাৰ কৰাৰ আগতে নিশ্চিত কৰি ল’ব যে মৌ ৰসখিনি খোৱাৰ বাবে সম্পূর্ণ উপযোগী ৷
মৌ ৰসত পোৱা কিছুমান পুষ্টিকৰ উপাদান
মৌ ৰসত আমাৰ দেহত প্ৰয়োজনীয় যথেষ্ট পুষ্টি তত্ত্ব, ভিটামিন পোৱা যায় ৷ মৌ ৰসত প্ৰধানকৈ ফ্ৰক্টজ আৰু কাৰ্বহাইদ্ৰেড উপলব্ধ তাৰোপৰি মৌ ৰসত নায়চিন, ভিটামিন বি-6 , ভিটামিন C, এমিন এচিড আদি পোৱা যায় ৷ ৫০ গ্ৰাম মৌ ৰসত প্ৰায় ১৩০ কেলৰি, ৪০ গ্ৰাম ফ্ৰক্টজ, গ্লুকজ, সুক্ৰজ, মাল্টজ আদি চুগাৰ পোৱা যায় ৷ মৌ ৰসত ফেট, ফাইবাৰ আৰু প্ৰটিন নাথাকে ৷
মৌ ৰসৰ ঔষধি গুণ
মৌ ৰসৰ ঔষধি গুণৰ বিষয়ে ক’বলৈ গ’লে ই বহুতো বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত এটা নির্দিষ্ট ভূমিকা পালন কৰে ৷ আজি যুগত মৌ ৰসৰ ব্যৱহাৰ প্ৰধানকৈ মানুহৰ চালৰ সুন্দৰতা বৃদ্ধি, পাচন তথা হজম শক্তি সবল কৰিবলৈ, ওজন কমাবলৈ আদিৰ বাবে ব্যৱহাৰ কৰা হয় ৷
মৌ ৰসৰ উপকাৰিতা(Benefits of honey for Health)
১) কাঁহ হ’লে মৌৰ ৰস খাব লাগে -
বৰ্তমান বাৰিষাৰ ফলত বতৰ খুবেই ঠাণ্ডা হৈ পৰিছে যাৰ ফলত কাহ,চৰ্দি, এলাৰ্জী আজি যথেষ্ট বৃদ্ধি পাইছে ৷ সেয়ে যদি আপোনাৰ বহুদিন কাঁহ হৈ আছে আৰু আপুনি ভাল পোৱা নাই তেনেস্থলত মৌ ৰস তুলসী পাতৰ ৰসৰ লগত সেৱন কৰিলে যথেষ্ট সুফল পোৱা যায় ৷ মৌ ৰসত থকা এণ্টিবেক্টেৰিয়েল গুণে সংক্ৰমণক ৰোধ কৰাৰ লগতে ডিঙিত জমা হৈ থকা কফ নোহোৱা কৰে ৷ ইয়াৰ বাবে আপুনি ৰাতি শুৱাৰ আগত এগিলাচ গৰম পানীত দুচামুচ মৌ ৰস মিহলাই খাব লাগে নাইবা মৌ ৰসৰ লগত আদা মিহলাও খাব পাৰে ৷ লগতে মৌ সৈতে আদা খোৱাৰো অনেক উপকাৰিতা আছে, দিনে দুবাৰকৈ গৰম পানীৰ সৈতে ইয়াক সেৱন কৰিলে আপুনি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব । আদাৰ সোৱাদে ডিঙিৰ বিষ কমোৱাত সহায় কৰে । আদা খালে আপোনাৰ ডিঙিত জমা হৈ থকা কফবোৰ বাহিৰ হোৱাত সহায় কৰিব ৷
২) কাটিলে বা পুৰিলে-
শৰীৰৰ কোনোবা অংশত কাটিলে নাইবা জ্বলা-পোৰা কৰিলে সেই অংশত মৌ ৰস লগালে সুফল পোৱা যায় ৷ মৌ ৰসত থকা এণ্টিচেপ্তিক গুণে ছালৰ কটা অংশক সোনকালে শুকুৱাত সহায় কৰে আৰু সংক্ৰমণৰ পৰা বচায় ৷
৩) ওজন কমোৱাত সহায় কৰে-
শৰীৰৰ অতিৰিক্ত ওজন ৰোধ তথা কমাবলৈ হ’লে মৌ ৰসৰ নিয়মিত ব্যৱহাৰ কৰিব লাগে ৷ মৌ ৰস সেৱনৰ ফলত শৰীৰৰ কলেষ্টল মাত্রা কম বা নিয়ন্ত্ৰণ কৰি ৰাখে ৷ ওজন কমাবলৈ আপুনি নিতৌ এগিলাচ কুহুমীয়া গৰম পানীৰ লগত এচামুচ মৌ ৰস আৰু এচামুচমান নেমু ৰস মিহলাই সেৱন কৰিলে নিশ্চয় সুফল লাভ কৰিব ৷ বহু বিশেষজ্ঞই উপায় অনুসৰণ কৰাৰ পৰামৰ্শ দিয়ে ৷
৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে -
মৌ ৰসত যথেষ্ট পৰিমানৰ এণ্টিঅক্সিডেণ্ট থাকে যি আমাৰ হৃদয়ৰ বাবে অতি উপযোগী ৷ হৃদযন্ত্রৰ লগত জড়িত বহুধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰাত মৌ ৰসে যথেষ্ট সহায় কৰে লগতে ই আমাৰ প্রতিৰোধ প্ৰক্ৰিয়াটোক সুস্থ সবল কৰি ৰাখে ৷ হজম শক্তি বঢ়াবলৈ নিতৌ দুচামুচ মৌ ৰস এগিলাচ গাখীৰৰ লগত সেৱন কৰিলে সুফল পোৱা যায় ৷
ইয়াৰ উপৰি মৌ ৰস আমি চুলি মজবুত কৰিবলৈ, constipation ৰ পৰা হাত সাৰিবলৈ, ঘা শুকাবলৈ আদি বিভিন্ন সমস্যাৰ বাবে সেৱন কৰিব পাৰোঁ ৷
মৌ ৰস এইসকল লোকে সেৱন কৰিব নালাগে ?
- এবছৰতকৈ কম বয়সৰ শিশুক খাব দিব নালাগে ৷ যদি খুৱাবও বিচাৰে ডাক্তৰৰ পৰামৰ্শ লৈহে খুৱাব লাগে ৷
- মধুমেহ ৰোগী তথা চুগাৰ লেবেল অনিয়ন্ত্ৰণত থকা লোকে মৌ ৰস সেৱন কৰিব নালাগে ৷
- যদি কোনো উচ্চ ৰক্তচাপ থকা লোকে আগৰে পৰা antihypertensive medicine ব্যৱহাৰ কৰি আছে তেন্তে নিতৌ বা প্ৰয়োজনাধিক মৌ ৰস সেৱন কৰা অনুচিত ৷
- এটা কথা ঠিক যে মৌ ৰস আমাৰ শৰীৰৰ বাবে অতি উপযোগী কিন্তু যিকোনো ইয়াক সেৱন কৰাৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা আৰু পৰামৰ্শ আৰু প্রয়োজন অনুসৰি গ্রহণ কৰিব লাগে ৷ অন্যথা অতিমাত্ৰা যিকোনো বস্তুৰ সেৱন আমাৰ শৰীৰৰ বাবে অপকাৰী ৷
উৎস:-https://pmc.ncbi.nlm.nih.gov/articles/PMC5424551/
লগতে পঢ়ক

