বহু সময়লৈকে প্ৰস্ৰাৱ ধৰি ৰাখে নেকি ? জানি লওক অপকাৰিতা
দীৰ্ঘসময়লৈকে প্ৰস্ৰাৱ ধৰি ৰখাৰ অভ্যাস বহুতৰে আছে কিন্তু এনে কৰিলে আমাৰ শৰীৰত কেনেধৰণৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে জানেনে ?

Published : August 21, 2025 at 2:47 PM IST
নজনাকৈয়ে প্ৰস্ৰাৱ ধৰি ৰখাটো বহুতৰে অভ্যাসত পৰিণত হয় ৷ কাম, বাহিৰত শৌচাগাৰৰ সুবিধা নথকাৰ বাবে বা আন কোনো কাৰণত বহু লোকে প্ৰস্ৰাৱ বহু সময় ধৰি ৰাখে ৷ বিশেষজ্ঞসকলে কয় যে এই অভ্যাস একেবাৰে ভাল কথা নহয় ৷ বাৰে বাৰে এনে কৰিলে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয় ৷ আনকি দীৰ্ঘসময়লৈকে এনে কৰিলে বৃক্কত ইয়াৰ অতি বেয়া প্ৰভাৱ পৰিব পাৰে লগতে আৰু কেনেধৰণৰ সমস্যা হ’ব পাৰে জানেনে ?
১) প্ৰস্ৰাৱ ধৰি ৰাখিলে কি হয় ?
শৰীৰৰ পৰা পানীৰ লগতে শৰীৰৰ আৱৰ্জনা আঁতৰোৱা প্ৰক্ৰিয়াটোৱেই হৈছে প্ৰস্ৰাৱ ৷ বেছি সময় ধৰি ৰাখিলে মূত্ৰাশয় (bladder) অত্যধিক প্ৰসাৰিত হৈ যায় ৷ ফলত ইয়াৰ স্বাভাৱিক কাৰ্যক্ষমতা ক্ষতিগ্ৰস্ত হয় ৷ প্ৰস্ৰাৱ জমা হোৱাৰ বাবে বেক্টেৰিয়া বৃদ্ধি পায়, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় ৷
২) মূত্ৰাশয়ত প্ৰভাৱ
প্ৰস্ৰাৱ ধৰি ৰখাৰ বাবে মূত্ৰাশয় বাৰে বাৰে প্ৰসাৰিত হ’লে ইয়াৰ পেশীবোৰ দুৰ্বল হৈ পৰে ৷ ফলত ভৱিষ্যতে মূত্ৰাশয় সম্পূৰ্ণৰূপে খালী কৰাটো কঠিন হৈ পৰে ৷ কিছুমান ক্ষেত্ৰত প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱাৰাৰ সমস্যা (Urinary incontinence)-এ দেখা দিয়ে ৷
৩) প্ৰস্ৰাৱৰ সংক্ৰমণ (UTI)
প্ৰস্ৰাৱ বহু সময় ধৰি ৰাখিলে মূত্ৰনলীত বীজাণু বাঢ়িবলৈ আৰম্ভ কৰে ৷ ইয়াৰ ফলত প্ৰস্ৰাৱৰ সংক্ৰমণ হয় ৷ লক্ষণসমূহ হ’ল- প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা, সঘনাই প্ৰস্ৰাৱ কৰা, পেটৰ তলৰ অংশত বিষ হোৱা ইত্যাদি ৷গৰ্ভৱতী মহিলা আৰু মহিলাৰ ক্ষেত্ৰত এই আশংকা বেছি ৷
৪) বৃক্কত প্ৰভাৱ
প্ৰস্ৰাৱ ধৰি ৰখাৰ ফলত আটাইতকৈ ডাঙৰ ক্ষতি হয় বৃক্ক ৷ যদি মূত্ৰাশয়ত অতিৰিক্ত চাপৰ সৃষ্টি হয় তেন্তে প্ৰস্ৰাৱ বিপৰীত দিশত বৃক্কৰ ফালে বৈ যাব পাৰে (vesicoureteral reflux) ৷ ইয়াৰ ফলত বৃক্কৰ সংক্ৰমণ হয়, যিটো পুনৰাবৃত্তি হ’লে বৃক্কৰ স্থায়ী ক্ষতি হ’ব পাৰে ৷ গুৰুতৰ ক্ষেত্ৰত বৃক্কৰ কাৰ্য্যক্ষমতা কমি যায় আৰু বৃক্ক বিকল হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায় ৷
৫) পাথৰ হোৱাৰ আশংকা
প্ৰস্ৰাৱ জমা হোৱাৰ বাবে শৰীৰত আৱৰ্জনা আৰু খনিজ পদাৰ্থ সময়মতে নিৰ্গত নহয় ৷ ইয়াৰ ফলত প্ৰস্ৰাৱ ঘন হয় আৰু বৃক্ক বা মূত্ৰাশয়ত পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷
৬) বিষ আৰু অস্বস্তি
প্ৰস্ৰাৱ বহু সময় ধৰি ৰাখিলে পেটৰ তলৰ অংশ আৰু শ্ৰোণী অংশত তীব্ৰ বিষ হ’ব পাৰে ৷ এই বিষ কেতিয়াবা পিঠি আৰু কাষলৈ (ফ্লেংক অঞ্চল) বিয়পিব পাৰে ৷
৭) প্ৰস্ৰাৱৰ অসংযমতা
প্ৰস্ৰাৱ ধৰি ৰখাৰ ফলত মূত্ৰাশয়ৰ পেশীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে ৷ ইয়াৰ ফলত ভৱিষ্যতে প্ৰস্ৰাৱ নিয়ন্ত্ৰণ কৰাত অসুবিধাৰ সৃষ্টি হ’ব পাৰে, যাক চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা Urinary Incontinence বুলি কোৱা হয় ৷
ইউৰ’লজী, ইউৰো - অংক’লজী, ৰবটিক্স ইউৰ’লজী আৰু হেড-কিডনী ট্ৰান্সপ্লাণ্ট চাৰ্জাৰী বিভাগৰ জ্যেষ্ঠ সঞ্চালক ডাঃ অমিত কুমাৰে কয় যে, প্ৰস্ৰাৱ ধৰি ৰখাটো এটা সহজ আৰু সাধাৰণ কাম যেন লাগিব পাৰে, কিন্তু বাৰে বাৰে এনে কৰিলে শৰীৰত গভীৰ আৰু বিপদজনক প্ৰভাৱ পৰিব পাৰে ৷ এই অভ্যাসে মূত্ৰাশয়ৰ পেশী দুৰ্বল কৰে, সংক্ৰমণৰ সম্ভাৱনা বহুগুণ বৃদ্ধি কৰে আৰু বৃক্কৰ দৰে গুৰুত্বপূৰ্ণ অংগসমূহতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ পৰা স্পষ্ট হৈ পৰিছে যে যেতিয়া প্ৰস্ৰাৱ শৰীৰত দীৰ্ঘদিন ধৰি ৰখা হয় তেতিয়া বেক্টেৰিয়াই বৃদ্ধিৰ সুযোগ পায়, যাৰ ফলত কেৱল পুনৰাবৃত্তিমূলক সংক্ৰমণেই নহয়, পাথৰ, বৃক্কৰ ক্ষতিৰ দৰে গুৰুতৰ ৰোগও হ’ব পাৰে ৷
তদুপৰি প্ৰস্ৰাৱ দীৰ্ঘ সময় ধৰি ৰাখিলে পেটৰ তলৰ অংশত বিষ, অস্বস্তি আৰু প্ৰস্ৰাৱৰ অসংযমতাৰো সৃষ্টি হ’ব পাৰে, যাৰ ফলত জীৱনৰ মানদণ্ডত প্ৰভাৱ পৰে ৷ বয়স বৃদ্ধিৰ লগে লগে এই অৱস্থা আৰু অধিক গুৰুতৰ হ’ব পাৰে ৷
গতিকে আমাৰ শৰীৰৰ স্বাভাৱিক প্ৰয়োজনীয়তাক আওকাণ নকৰি কিছুমান কাম সমাপন কৰাচো জৰুৰী ৷ প্ৰস্ৰাৱৰ প্ৰয়োজন অনুভৱ কৰাৰ লগে লগে সময়মতে শৌচাগাৰলৈ যোৱাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী লগতে সুষম খাদ্য আৰু পৰ্যাপ্ত পৰিমানৰ নিদ্ৰা গ্ৰহণ কৰাৰ দৰেই গুৰুত্বপূৰ্ণ ৷ মনত ৰাখিব যে, শৰীৰে আমাক সংকেত দিয়ে যাতে আমি নিজকে সুস্থ কৰি ৰাখিব পাৰো ৷
সামৰণিত ক’ব পাৰি যে, যদি আপুনি দীৰ্ঘসময়লৈকে সুস্থ, সক্ৰিয় আৰু শক্তিশালী জীৱন-যাপন কৰিব বিচাৰে তেন্তে লগে লগে প্ৰস্ৰাৱ ধৰি ৰখাৰ অভ্যাস ত্যাগ কৰক ৷ এই সৰু পৰিৱৰ্তনে আপোনাৰ প্ৰস্ৰাৱ তন্ত্ৰ আৰু বৃক্কৰ স্বাস্থ্য দীৰ্ঘদিনলৈ সুৰক্ষিত কৰিব পাৰে ৷
লগতে পঢ়ক

