ETV Bharat / health

হঠাৎ হিটষ্ট্ৰোক হ’লে তাৎক্ষণিকভাৱে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত ?

কোনো ব্যক্তিৰ যদি হিটষ্ট্ৰোক হয় তেন্তে তাৎক্ষণিকভাৱে কি কৰিব লাগে, হিটষ্ট্ৰোকৰ লক্ষণসমূহ কি কি, এই সন্দৰ্ভত জনালে জ্যেষ্ঠ চিকিৎসক ডাঃ জয়ন্ত প্ৰসাদ শৰ্মাই

HEATSTROKE
হঠাৎ হিটষ্ট্ৰোক হ’লে তাৎক্ষণিকভাৱে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত ? (CANVA)
author img

By ETV Bharat Health Team

Published : July 1, 2025 at 12:34 PM IST

4 Min Read
Choose ETV Bharat

গৰমৰ দিনত যিমানেই তাপমাত্রা বৃদ্ধি পায় সিমানেই হিট ষ্টোক হোৱাৰ আশংকা থাকে ৷ অতিপাত গৰমৰ এটা মূল কাৰণ হৈছে গোলকীয় উষ্ণতা ৷ প্ৰকৃতি ধ্বংস তথা যধে-মধে গছ-গছনি কটাৰ ফলত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে গোলকীয় উষ্ণতা ৷ যাৰ ফলত প্ৰতি বছৰে গৰমৰ উত্তাপ প্ৰতি বছৰে বছৰে বৃদ্ধি পায় আহিছে যাৰ ফলত মানুহৰ দেহত বিভিন্ন ৰোগে দেখা দিছে ৷ ইয়াৰে ভিতৰত হিট ক্ৰেম(heat cramps), হিট এক্সোচন (heat exhaustion) আৰু শেষত গৈ হিটষ্ট্ৰোক হ'ব পাৰে ৷

ইয়াৰ কাৰণ সমূহ কি কি ?

অতি বেছি তাপমাত্রা হৈছে হিটষ্ট্ৰোকৰ এটা মূল কাৰণ ৷ সেয়ে অপ্ৰয়োজনীয় কাৰণত ঘৰৰ বাহিৰত ওলাই যাব নালাগে ৷ অতিপাত গৰমৰ বাবে আমাৰ দেহত কিছু উপসৰ্গই দেখা দিয়ে ৷ অতিপাত গৰম আৰু উষ্ণতাৰ বাবে বহুলোকৰ হিটষ্ট্ৰোক হোৱা দেখা যায় ৷

জ্যেষ্ঠ চিকিৎসক ডাঃ জয়ন্ত প্ৰসাদ শৰ্মা (ETV Bharat Assam)

হিটষ্ট্ৰোকৰ লক্ষণসমূহ কি কি ?

হিটষ্ট্ৰোকৰ লক্ষণসমূহ এনেধৰণৰ-

হিটষ্ট্ৰোকৰ লক্ষণসমূহ কি কি ?

হিটষ্ট্ৰোকৰ লক্ষণসমূহ এনেধৰণৰ-

১) শৰীৰৰ উষ্ণতা বৃদ্ধি হোৱা ৷

২) অতিপাত ঘাম ওলোৱা ৷ লগতে গাটো ৰঙা পৰি যাব পাৰে ৷

৩) ডিহাইড্ৰেচন হোৱা ৷

৪) ভাগৰ অনুভৱ কৰা ৷

৫) মূৰ্ছা যোৱা ৷

৬) উশাহ-নিশাহৰ অসুবিধা হোৱা আদিও হিটষ্ট্ৰোকৰ লক্ষণ

এনেবোৰ লক্ষণ দেখা দিয়া মাত্ৰকে পলম নকৰি অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা লগতে চিকিৎসালয়লৈ নিব লাগে ৷

হিটষ্ট্ৰোকৰ পৰা ৰক্ষা পাবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে

১) ঘৰৰ বাহিৰলৈ ওলালে হাত দীঘল চোলা পৰিধান কৰিব লাগে ৷ সমান্তৰাল ভাবে কটন তথা অকমান ঢিলা কাপোৰ পৰিধান কৰিব লাগে ৷

২) পাৰিলে বেছি ৰদত বাহিৰলৈ ওলাই যাব নালাগে ৷ ওলাই গলেও ছাতি বা টুপী ব্যৱহাৰ কৰিব লাগে ৷

৩) শৰীৰত প্ৰয়োজনীয় ছডিয়াম, পটেছিয়ামৰ মাত্ৰা একেই ৰাখিবলৈ প্ৰচুৰ পৰিমাণৰ পানী খাব লাগে ৷ এজন সাধাৰণ মানুহে গৰমৰ সময়ছোৱাত প্ৰায় ৪ ৰ পৰা ৫ লিটাৰ পানী বা চৰ্বত খাব লাগে ৷

৪) বাহিৰৰ পৰা আহিয়ে AC ৰুমত সোমাব, বা AC ৰুমৰ পৰা ওলাই পতকৈ ৰ'দলৈ যাব নালাগে ৷ আৰু কৰবাৰ পৰা আহিয়ে গা ধুব নালাগে ৷ অন্তত ৫-১০ মিনিট জিৰণি লৈহে গা-ধুব যাব লাগে ৷

৫) ক্ৰ'ণিক হাৰ্ট ডিজিজ, লিভাৰ ডিজিজ , ডায়েবেটিছ থকা লোক সকলে এই সময়ছোৱাত বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগে ৷ কাৰণ গৰমৰ সময়ছোৱাত এই লোকসকলৰ শৰীৰৰ মেটাবলিজিম সঘনাই সলনি হয় ৷

৬) গৰমৰ সময়চোৱাত নিমখ আৰু টেঙাজাতীয় বস্তু আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ৷ সেয়ে টেঙা চৰ্বত খাব পাৰে ৷

৭) গৰমৰ সময়তচোৱাত ঘৰৰ ভিতৰত উত্তাপটো যাতে ভিতৰলৈ নাহে তাৰ বাবে খিৰিকী আদিত গৰম কাপোৰ ব্যৱহাৰ কৰিব পাৰে ৷

কোনো ব্যক্তিৰ যদি হিটষ্ট্ৰোক হয় তেন্তে তাৎক্ষণিকভাৱে কি কৰিব লাগে ?

অতিপাত উষ্ণতাৰ বাবে যদি এজন ব্যক্তি অচেতন হৈ যায় তেন্তে তেওঁক তাৎক্ষণিক ভাৱে হাস্পাতালৈ নিব লাগে ৷ তাৰোপৰি পানী বা বৰফ জাতীয় বস্তু, বা পাতল কাপোৰ এখন পানীত তিয়াই ব্যক্তিজনৰ শৰীৰত লগাই দিব লাগে ৷

উল্লেখ্য যে,যদিহে উচিত সময়ত ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে মৃত্যু পৰ্যন্ত হ'ব পাৰে ৷ ভাৰতবর্ষত প্ৰতিবছৰেই বহুলোক হিটষ্ট্ৰোকত মৃত্যুবৰণ কৰে ৷

লগতে পঢ়ক

  1. Symptoms of heatstroke: হিট ষ্ট্ৰ’কৰ লক্ষণ তথা ল’ব লগীয়া সাৱধানতাসমূহ কি কি ?
  2. Home remedies to reduce body heat: গ্ৰীষ্মকালত শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত ৰাখিবলৈ আপোনাৰ কামত আহিব এই ৫টা উপায়
  3. Summer Drink : গ্ৰীষ্মকালত হিট ষ্ট্ৰ’কৰ দৰে বিভিন্ন সমস্যাৰ পৰা আপোনাক সকাহ দিব এইবিধ পানীয়ই