ৰোগমুক্ত হৈ থাকিবলৈ প্ৰিয়জনৰ সৈতে যিমান পাৰি হাঁহিবলৈ চেষ্টা কৰক - Benefits of Laughing
Benefits of laughing: হাঁহি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ব্যায়াম, যাৰ সহায়ত আপুনি কেৱল শাৰীৰিকভাৱেই নহয় মানসিকভাৱেও সুস্থ হৈ থাকিব পাৰে । হাঁহিৰ এনে অনন্য স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

Published : July 31, 2024 at 10:09 PM IST
হাঁহিয়ে আমাৰ জীৱনটো সুন্দৰকৈ উপভোগ কৰাত বহুখিনি অৰিহনা যোগায় ৷ হাঁহিলে মন-প্ৰাণ প্ৰফুল্লিত হয় ৷ প্ৰকৃততে, শৰীৰটো ভালে ৰখাতো হাঁহিয়ে ঔষধৰ দৰে কাম কৰে ৷ কিন্তু আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত আমিবোৰে ভালকৈ হাঁহিবলৈ পাহৰি যোৱাৰ দৰেই হৈছে ৷ শেহতীয়া এক অধ্যয়নত প্ৰমাণ হোৱা মতে, প্ৰিয়জনৰ সৈতে মন খুলি ডাঙৰকৈ হাঁহিলে ই আমাক বহু শাৰীৰিক সমস্যাৰ পৰা সুৰক্ষিত কৰি ৰাখে ৷ প্ৰিয়জনৰ সৈতে ভালকৈ হাঁহিলে আমাৰ শৰীৰৰ কি কি উপকাৰ হয়, আজি জানো আহক-
পেশী উদ্দীপিত কৰে
হাঁহিলে অক্সিজেনসমৃদ্ধ বায়ু গ্ৰহণ কৰাত সহায় হয় ৷ যাৰ ফলত হৃদযন্ত্ৰ, হাঁওফাঁও আৰু পেশী উদ্দীপিত হয় ৷ তদুপৰি, হাঁহিলে এণ্ডোৰ্ফিন হ'ৰমন মুকলি কৰাতো ই সহায়ক ৷ যিয়ে আমাৰ মনোভাৱ উন্নত কৰাত সহায় কৰে ৷
চাপ উপশম
আপোনজনৰ লগত প্ৰাণখুলি হাঁহিলে চাপ আৰু উদ্বিগ্নতাও হ্ৰাস হয় ৷ হাঁহিয়ে হৃদস্পন্দনৰ হাৰ আৰু ৰক্তচাপো নিয়ন্ত্ৰণ কৰিব পাৰে ৷ যিয়ে আমাক শিথিল অনুভৱ কৰায় ৷
দূৰ কৰে হতাশা
আমি ভাল পোৱাসকলৰ সৈতে হাঁহিলে ই তেজৰ সঞ্চালন বৃদ্ধি কৰাত আৰু পেশীৰ শিথিলতা বৃদ্ধি কৰাত সহায় কৰে ৷ যিয়ে চাপ, হতাশা আৰু উদ্বেগৰ শাৰীৰিক লক্ষণবোৰ হ্ৰাস কৰাত সহায় কৰে ৷ হাঁহিলে আমাৰ মগজুও সক্ৰিয় হৈ থাকে ৷
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি
আমি নেতিবাচক চিন্তা কৰিলে ই অধিক চাপৰ সৃষ্টি কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে ৷ হাঁহিলে নেতিবাচকতা দূৰ হয় ৷ ইয়াৰ ফলত নিউৰোপেপটাইড হ'ৰমন অধিক মুকলি হয় ৷ যিয়ে চাপৰ সৈতে যুঁজ দিয়ে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ৷
বিষ উপশম
হাঁহিয়ে শৰীৰৰ দ্বাৰা উৎপাদিত প্ৰাকৃতিক বিষনাশক মুকলি কৰাত সহায় কৰে ৷ ই চাপ আৰু শৰীৰৰ বিষ উপশম কৰাত সহায় কৰিব পাৰে ৷

