ETV Bharat / health

বয়স অনুযায়ী শিশুসকলৰ স্কুল বেগৰ ওজন কিমান হোৱা উচিত জানেনে ?

গৰমৰ দিনত শিশুক কেনেদৰে কিদৰে বিশেষ যত্ন লোৱা উচিত, কেনেধৰণৰ খাদ্য তথা অন্য দিশবোৰত গুৰুত্ব দিয়া উচিত বিশেষজ্ঞৰ পৰাই জানি লও আহক-

SUMMER CARE TIPS FOR KIDS
বয়স অনুযায়ী শিশুসকলৰ স্কুল বেগৰ ওজন কিমান হোৱা উচিত জানেনে ? (ETV Bharat Assam)
author img

By ETV Bharat Health Team

Published : June 19, 2025 at 5:05 PM IST

4 Min Read
Choose ETV Bharat

বৰ্তমান সময়ত ৰাজ্যত গৰমৰ প্ৰকোপ খুবেই যথেষ্ট বৃদ্ধি পাইছে আৰু তাপমাত্ৰা ই অভিলেখ সংখ্যক ৩৮.৭ ডিগ্ৰী চুইছেগৈ ফলত শিশুসকল বিভিন্ন ৰোগত সহজতে আক্ৰান্ত হয় ৷ এনেধৰণৰ ৰোগৰ পৰা শিশুটিক কেনেদৰে ৰক্ষা কৰিবৰ পাৰি লগতে শিশুৰ শৰীৰটোক কিদৰে সতেজ কৰি ৰাখিব পাৰি সেই বিষয়ে জানিবলৈ ইটিভি ভাৰতে যোৰহাটৰ শিশুৰোগ বিশেষজ্ঞ গোলাপ চন্দ্ৰ ডেকাৰ সৈতে এটি সাক্ষাৎকাৰত মিলিত হয়, য’ত চিকিৎসকগৰাকীয়ে এই বিষয়ে বিৱৰি কোৱাৰ লগতে বহু বিধান প্ৰদান কৰে ৷

গৰম দিনত ল'বলগীয়া সাৱধানতা আৰু কি বস্তু পৰা আঁতৰত থাকিব লাগে ?

জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ গোলাপ চন্দ্ৰ ডেকাই কয় যে, এতিয়া ৰাজ্যত গ্ৰীষ্মকালীন পৰিৱেশ সৃষ্টি হৈছে আৰু ফলত বিশেষভাৱে প্ৰভাৱিত হৈছে নতুন প্ৰজন্ম ৷ শিশুসকল গৰমত পৰি হিটষ্কত নপৰে বা বিদ্যালয় লৈ যোৱা সময়ত শিশুসকল যাতে অচেতন হৈ নপৰে তাৰ বাবে অভিভাৱকসকল সজাগ সচেতন হ'ব লাগে ৷ গৰমৰ সময়ছোৱাত শিশুসকল বিশেষকৈ জ্বৰ,পানী লগা আৰু কাহ আদিত আক্ৰান্ত হয় ৷ শিশুসকল যদি জ্বৰত আক্ৰান্ত হয় তেতিয়া বহুলোকে কাপোৰ দি দিয়ে, সেই কাৰ্যৰ পৰা অভিভাৱকসকল আঁতৰি থকাটো বাঞ্ছনীয়, বৰঞ্চ শিশুসকলৰ দেহৰ পৰা কাপোৰ খুলি দিব লাগে আৰু কুহুমীয়া গৰম পানীয়ে হাত-ভৰি ধুবাই দিয়া লগতে পাতলীয়া কাপোৰত পানী লৈ গাটো মচি দিব লাগে আৰু মুৰটো শীতল কৰা ব্যৱস্থা কৰাব লাগে ,উক্ত পাৰম্ভিক কামৰ পিছত সফল নহয় তেতিয়া হলে পেৰাছিটেমল ছিৰাপ দি জ্বৰ কমোৱা ব্যৱস্থা কৰিব লাগে ৷

জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ গোলাপ চন্দ্ৰ ডেকা (ETV Bharat Assam)

আনহাতে, গৰম সময়ছোৱাত শিশুসকলক পৰিষ্কাৰ পানী উতলাই সেয়া ঠাণ্ডা কৰি প্ৰচুৰ পৰিমাণে খুওৱাব লাগে ৷ ইয়াৰ লগতে শিশুসকলক শীতল পানীয় বিশেষকৈ মাজা,স্পাইড আদি পৰা আঁতৰাই ৰাখিব লাগে ৷ ইয়াৰ পৰিৱতে শিশুসকলক সাধাৰণ ভাৱে প্ৰস্তুত কৰা নেমু পানী ,ওৱাটাৰ মেলন আৰু ডাব নাৰিকলৰ পানী খুৱাব লাগে ৷ শিশুসকলক এইসমূহ খুৱালে তেওঁ লোকৰ শৰীৰ তাপমাত্ৰা পৰিমাণ কিছু পৰিমাণে হলেও লাঘৱ হয় ৷

লগতে জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে কয় যে, কাহ ,পানীলগা বেমাৰ হলে, তেওঁলোকক কুহুমীয়া পানী খুওৱাব লাগে আৰু ফাৰ্মাচী লৈ গৈ জধে-মধে এন্টিবায়টিক কিনি আনি খুওবাৱ নালাগে যদি অত্যন্ত প্ৰয়োজন হয় তেতিয়া চিকিৎসকৰ পৰামৰ্শ মতে খুৱাব লাগে ৷ কাৰণ কম বয়সত শিশুক এন্টিবায়টিক খুবালে ভৱিষ্যত ইয়াৰ কুফল শিশু সকলে ভোগা অধিক সম্ভাৱনা থাকে, সেয়েহে এইক্ষেত্ৰত অভিভাৱকসকলৰ দায়ৱদ্ধতা অতিকৈ প্ৰয়োজন ৷

দুইবছৰ পূৰ্বে শিশুৱে ম’বাইল আৰু টিভি পৰা আঁতৰত ৰাখক

শিশুসকলক এইসময়ত শীতল পানীয় লগতে ফুচকা আদিৰ পৰা আঁতৰাই ৰাখিব লাগে,কাৰণ এইসমূহ স্বাস্থ্যৰ পক্ষে অধিক মাৰাত্মক, এইসমূহৰ সেৱনে শিশু সকলৰ মেদবহুলতা সৃষ্টি হোৱাত বহু পৰিমাণে সহায় কৰে,ইয়াৰ পৰিমাণ শেষত অতি ভয়াৱহ হয় ৷ এইসমূহৰ পৰিৱতে ঘৰতে তৈয়াৰ কৰা ঘৰুৱা জলপান খুৱাব লাগে ৷ লগতে শিশু বিশেষজ্ঞ গৰাকীয়ে কয় যে দুইবছৰ আগতে কোনো শিশু ক টিভি আৰু মবাইলৰ স্কীনৰ পৰা আঁতৰাই ৰাখিব লাগে,যদি শিশু সকলক এই সময়ত মবাইল,টিভি স্কীন আদি দেখুৱালে মাত নুফুটা হয় আৰু চকু ,মগজু ক্ষতি হয় ৷

ক্লাছ অনুসৰি স্কুল বেগৰ ওজন কিমান হ'ব লাগে

লগতে ভুতৰ ওপৰত দানৱ পৰা দৰে শিশু সকলে স্কুল বেগত ওজন বেছি বহন কৰি যাব লগা হয়,ইয়াৰ পৰিণতিত বিপদজ্জনক ৷ভাৰতীয় আৰু আমেৰিকা এক সংস্থাই স্কুল বেগৰ ওজন কিমান হ'ব লাগে সেয়া নিৰ্ধাৰণ কৰি দিছে ,ক্লাচ ওৱান পৰা 2লৈ ১.৫০কেজি পৰা ২কেজি ,তৃতীয় পৰা ষষ্ঠ লৈ ২ ৰ পৰা ৩কেজি, ষষ্ঠ শ্ৰেণী পৰা অষ্টম শ্ৰেণীলৈ তিনি পৰা চাৰি কেজি, নৱম শ্ৰেণী পৰা দশম শ্ৰেণীলৈ চাৰি পৰা ৫ কেজি ওজন হ'ব লাগে ৷ ৷

শিশুৰ বাবে এন্টিবায়টিক ভয়াৱহতা

শিশুটিক এন্টিবায়টিকৰ পৰা বিৰত ৰাখক , কমবয়সীয়া শিশুক এন্টিবায়টিক খুওৱালে ভৱিষ্যত সময়ত শিশুটিয়ে এন্টিবায়টিকৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হেৰুৱাই পেলায়, সেয়েহে পৰাপক্ষত শিশুক এন্টিবায়টিক দিয়াৰ পৰা আঁতৰি থকাটোৱে ভাল, প্ৰয়োজনত যদি দিব লগা হয় তেন্তে অভিজ্ঞ চিকিৎসকগৰাকীয়ে শিশুটিৰ বয়স আৰু ওজন পৰীক্ষা কৰিহে দিব লাগে, বিশ্ব স্বাস্থ্য সংস্থাইও কৈছে এন্টিবায়টিক কমকৈ ব্যৱহাৰ কৰিবলৈ জনাইছে বুলিও চিকিৎসক গৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক

  1. গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এনেদৰে ঘৰতে প্ৰস্তুত কৰি খাওক ঔটেঙাৰ চৰবত
  2. প্ৰচণ্ড গৰমত বৃদ্ধি পায় ছানষ্ট্ৰোকৰ আশংকা...কেনেদৰে নিজক ৰাখিব সুৰক্ষিত ?
  3. গৰমত নেমু চৰবত খোৱাৰ আছে অনেক উপকাৰিতা...সেয়া নো কি জানো আহক