ETV Bharat / health

অত্য়াধিক কামৰ বোজা ! মানসিক চাপৰ ফলত হ'ব পাৰে ডায়েবেটিছ - STRESS AND DIABETES

মানসিক চাপৰ ফলত হোৱা ডায়েবেটিছৰ পৰা পৰিত্ৰাণ পাবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? এই সন্দৰ্ভত জনালে ডায়বেট'ল'জিষ্ট ডাঃ ৰূপম দাসে ।

How Control  Stress And Diabetes
মানসিক চাপৰ ফলত হ'ব পাৰে ডায়েবেটিছ (Etv BharaETV Bharat Assamt)
author img

By ETV Bharat Assamese Team

Published : April 27, 2025 at 9:51 PM IST

3 Min Read

গুৱাহাটী : মানসিক চাপ আৰু ডায়েবেটিছ বুলি ক'লে সাধাৰণতে আমি কেতিয়াবা মনত সৃষ্টি হোৱা চাপৰ কথাকে বুজো । এটা কথা ঠিক যে প্ৰত্যেক মানুহৰে সদায় কিবা নহয় কিবা বিষয়ত চাপ থাকেই ।

আচলতে যেতিয়া আমাৰ চাপ বৃদ্ধি পায় তেতিয়া শৰীৰত কিছুমান হৰম'নৰ পৰিমাণ বৃদ্ধি হয় । যেনেকৈ গ্লুকোকৰ্তিচল আৰু এটা হৈছে কেটোকলামাইঞ্চ আদি হৰম'ন বাঢ়ি যায় । সহজ অৰ্থত এইবোৰ হৈছে চাপ বৃদ্ধি কৰা হৰম'ন ।

মানসিক চাপৰ ফলত হ'ব পাৰে ডায়েবেটিছ (ETV Bharat Assam)

এইবোৰ হৰম'ন সচৰাচৰ দিনটোৰ ভিতৰত সৃষ্টি হোৱা চাপৰ বাবে বৃদ্ধি নাপায় । আমি যেতিয়া হঠাতে বিপদৰ সন্মুখীন হও তেতিয়া আমাৰ বাবে প্ৰয়োজনীয় ফাইট এণ্ড ফ্লাইট হৰম'ন নিঃসৰিত হয় । এনেদৰে হৰম'ন বৃদ্ধি হ'লে শাৰীৰৰ বেছি ক্ষতি হোৱাৰ আশংকা নাথাকে ।

এইবোৰ হৰম'ন আমাক এটা মুহূৰ্তৰ বাবে প্ৰয়োজনো হয় । কিন্তু এই চাপ যদি দীঘলীয়া হৈ থাকে তেতিয়া শৰীৰত শৰ্কৰা বৃদ্ধি কৰিব পাৰে অৰ্থাৎ ডায়েবেটিছ হোৱাৰ আশংকা থাকে । কাৰণ উল্লেখিত হৰম'নবোৰে গ্লুকোজ বঢ়ায় ।

  • চাপ সৃষ্টিকাৰী হৰম'নৰ সৈতে টাইপ ১ ডায়েবেটিছৰ সম্পৰ্ক আছে নে ?

এইবোৰ আন খাদ্যৰ পৰা শৰ্কৰা বৃদ্ধিটো সহায় কৰে । শৰীৰত শৰ্কৰা নিয়ন্ত্ৰণ কৰে ইনছুলিনে । চাপ সৃষ্টিকাৰী হৰম'নবোৰে এই ইনছুলিন নিঃসৰণত প্ৰভাৱ পেলায় । লগে লগে টাইপ ২ ডায়েবেটিছ হোৱাৰ আশংকা বৃদ্ধি পায় ।

এটা কথা স্পষ্ট কৈ ক'ব লাগিব যে চাপ সৃষ্টিকাৰী হৰম'নৰ সৈতে টাইপ ১ ডায়েবেটিছৰ কোনো সম্পৰ্ক নাই । যেতিয়া শৰীৰত কোনো কাৰণত ইনছুলিন নিঃসৰণ নহয় তেতিয়া টাইপ ১ ডায়েবেটিছ হয় । কিন্তু টাইপ ২ডায়েবেটিছ, ৰক্তচাপ, মেদবহুলতা আদিৰ ক্ষেত্ৰত মানসিক চাপৰ প্ৰভাৱ থাকে ।

চাপ বুলি ক'লে অমি সাধাৰণতে কেনে ধৰণৰ চাপৰ কথাকে বুজো । অলপ সময় মন বেয়া লাগিলেই চাপ বৃদ্ধি হোৱা বুলি ক'ব নোৱাৰি । আজিকালি যিসকল লোকে বহুজাতিক কোম্পানীত কাম কৰে তেওঁলোকৰ বুজি পায় কামৰ বোজা কেনে । এটা প্ৰকল্প দিয়ে অতি কম সময়ৰ ভিতৰতে সমাপ্ত কৰিব লাগে ।

সাধাৰণতে ইমান কম সময়ৰ ভিতৰতে এই কাম সমাপ্ত কৰাটো সম্ভৱ নহয় যদিও চাকৰিৰ খাতিৰত খোৱা-বোৱা-শুৱা বাদ দি কামটো শেষ কৰে । ইয়াৰ পিছত আকৌ নতুন কাম । গতিকে তেওঁলোকে চাপৰ মাজত সোমায় পৰে । এনে কৰাৰ ফলত এই হৰম'নৰ পৰিমাণ বৃদ্ধি পায় । লাহে লাহে ইনছুলিন নিঃসৰণৰ ক্ষেত্ৰতো প্ৰভাৱ পেলায় । সমান্তৰালভাৱে ডায়েবেটিছ হোৱাৰ আশংকা বৃদ্ধি পায় থাকে ।

  • কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?
  1. সকলোৱে খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আমি লঘূ অহাৰ খাব লাগে ।
  2. নিয়ামীয়াকৈ যোগসন আৰু ব্যায়াম কৰিলে সুফল পোৱা যায় ।
  3. নিতৌ ৭ ঘণ্টা শুৱ লাগে ।

লগতে পঢ়ক:অগ্নিদগ্ধ হ'লে ঘৰুৱাভাৱে চিকিৎসা কৰাটো উচিত নে ? - TREATMENT OF BURN

পুৰুষে দৈনিক অন্তৰ্বাস সলনি কৰাটো কিয় প্ৰয়োজনীয় ? ইয়াৰ আঁৰৰ কাৰণ জানি লওক - WHY MEN TO CHANGE UNDERWEAR DAILY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.